• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

১৯৫০ চনৰ আইনৰ অধীনত যোৱা বছৰৰ মে' মাহৰ পৰা ১,৫৭২ গৰাকী অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়ন; এন আৰ চিৰ তালিকা চূড়ান্ত হ'লে 'কা'ৰ আৱেদন বৃদ্ধিৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2026 10:27 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বসবাস কৰি থকা মুঠ ৭০ গৰাকী প্ৰব্ৰজনকাৰীয়ে শেহতীয়াকৈ নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ ‘কা‘ৰ অধীনত ভাৰতীয় নাগৰিকত্ব বিচাৰি আৱেদন কৰিছে আৰু ইয়াৰে ছগৰাকীক ইতিমধ্যে নাগৰিকত্ব প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে এই তথ্য সদৰী কৰে। একেখন অধিৱেশনতে আন এক প্ৰশ্নৰ উত্তৰত চৰকাৰে প্ৰকাশ কৰে যে ৰাজ্যখনত বৰ্তমানলৈকে ১,৭২,৬৭৩ গৰাকী বিদেশী নাগৰিকক চিনাক্ত কৰা হৈছে আৰু ইয়াৰে ৩১,৭৮৬ গৰাকীক ইতিমধ্যে বিতাড়ন কৰা হৈছে।

 

Apply Now

বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ১৯৫০ চনৰ আইনৰ অধীনত যোৱা বছৰৰ ২ মে‘ৰ পৰা এতিয়ালৈকে ১,৫৭২ গৰাকী অবৈধ প্ৰব্ৰজনকাৰীক বাংলাদেশলৈ বিতাড়ন কৰা হৈছে। বিতাড়িত লোকসকলৰ ভিতৰত শ্ৰীভূমি জিলাৰ পৰা ৮৬৬ গৰাকী আৰু কাছাৰ জিলাৰ পৰা ৩৫৭ গৰাকী প্ৰব্ৰজনকাৰী আছিল। চৰকাৰী প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে ৰে‘লৱে আৰক্ষীয়ে আটক কৰা ৬৮ গৰাকী অবৈধ প্ৰব্ৰজনকাৰীও বিতাড়ন কৰা লোকসকলৰ ভিতৰত অন্তৰ্ভুক্ত আছে।

 

উল্লেখযোগ্য যে, ২০১৯ চনত সংসদত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনখন কেন্দ্ৰীয় চৰকাৰে বিধিৱদ্ধভাৱে অধিসূচনা জাৰি কৰাৰ পিছত ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা কাৰ্যকৰী কৰা হয়। এই আইন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ‘ব। অৱশ্যে এই আইনখন প্ৰণয়নৰ পূৰ্বে আৰু পিছত অসমত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু এই প্ৰতিবাদৰ সময়ত কেইবাগৰাকীও লোকৰ প্ৰাণহানি ঘটিছিল।

 

চলিত সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল যে অসমত বঙালী হিন্দুৰ মাজত সন্দেহযুক্ত ভোটাৰৰ সংখ্যা এক লাখতকৈ কম আৰু তেওঁলোকৰ কোনো এজনো বৰ্তমান ডিটেনচন কেম্পত আৱদ্ধ হৈ থকা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ মহাপঞ্জীয়কে ২০১৯ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা চূড়ান্ত কৰাৰ পিছত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিয়নো তালিকাৰ পৰা বাদ পৰা বঙালী হিন্দুসকলে পৰৱৰ্তী সময়ত ‘কা‘ৰ অধীনত নাগৰিকত্বৰ বাবে আৱেদন কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd