• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

যোৱা বছৰ যুৱ আন্দোলনৰ ঢৌত ক্ষমতালৈ অহা বলেন শ্বাহৰ এবছৰ নৌহওঁতেই তেওঁৰ বিৰুদ্ধে জনৰোষৰ সৃষ্টি হৈছে। কেপি শৰ্মা অলি চৰকাৰৰ পতনৰ অন্যতম স্থপতি আছিল ৩৫ বছৰীয়া নেতাগৰাকী।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 8:43 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেন-জিৰ আন্দোলনৰ ফলতে নেপালত অলি চৰকাৰৰ পতন ঘটিছিল। বলেন শ্বাহ ক্ষমতালৈ আহিছিল। কিন্তু এবছৰৰ ভিতৰতে চুবুৰীয়া দেশখনত পুনৰ বিদ্ৰোহৰ জুই জ্বলি উঠিল। ইয়াৰ আঁৰত আছে সেই যুৱ প্ৰজন্ম। পুনৰ সংস্থাপন অবিহনে বস্তি উচ্ছেদৰ প্ৰতিবাদত পুনৰ তেওঁলোক ৰাজপথলৈ ওলাই আহিছে। বলেনৰ পদত্যাগৰ দাবী উত্থাপিত হৈছে।

বলেন শ্বাহৰ চৰকাৰে যোৱা এপ্ৰিল মাহৰ পৰা কাঠমাণ্ডুকে ধৰি নেপালৰ বিভিন্ন অঞ্চলত উচ্ছেদ অভিযান আৰম্ভ কৰিছে। প্ৰায় ২৬০০ বস্তি ভাঙি পেলোৱা হৈছে বুলি প্ৰশাসনৰ দাবী। প্ৰায় ১৫ হাজাৰ লোক গৃহহীন হৈ পৰিছে। তেওঁলোকক হোল্ডিং চেণ্টাৰত ৰখা হৈছে। ইয়াৰ মাজতে ২ জুলাইত নেপাল চৰকাৰে ৬ জুলাইৰ ভিতৰত সকলো হোল্ডিং চেণ্টাৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল।কিন্তু কমেও ৬০টা পৰিয়ালে এই নিৰ্দেশ মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে কয় যে তেওঁলোকৰ যাবলৈ আন ঠাই নাই।

Apply Now

বিগত কিছুদিন ধৰি ক্ৰমাগতভাৱে উমি উমি জ্বলিছিল জুই। পথত আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে যুৱকসমাজে। শুকুৰবাৰে পৰিস্থিতি উত্তপ্ত হৈ পৰে। কাঠমাণ্ডুৰ এটা হোল্ডিং চেণ্টাৰত ১৫০ জন লোকক ৰখা হৈছিল। বানৰ পানী তাত প্ৰৱেশ কৰাৰ বাবে নিৰাপত্তাৰক্ষীয়ে আন ঠাইলৈ স্থানান্তৰিত কৰে।

শনিবাৰে জেন-জিৰ এটা অংশই পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ সেই স্থানলৈ যায়। অভিযোগ অনুসৰি আৰক্ষীয়ে তেওঁলোকক লাঠীচালনা কৰিছিল। গুৰুতৰভাৱে আহত হয় এজন প্ৰতিবাদকাৰী। অলপ পিছতে এই আন্দোলন সমগ্ৰ নেপালত বিয়পি পৰিল।

স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে যে বলেন শ্বাহৰ চৰকাৰে এই বিষয়ত সৰৱ হোৱাৰ বাবে ইতিমধ্যে কেইবাজনো সামাজিক কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পিছতে দেওবাৰে যৌথ ৰাষ্ট্ৰীয় বস্তি মৰ্চাৰ আহ্বানত ৰাজধানীৰ এটা চৰকাৰী কাৰ্যালয়ৰ সন্মুখত বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ হাতত থকা পোষ্টাৰত লিখা আছিল – ‘দুখীয়াৰ ওপৰত অত্যাচাৰ বন্ধ কৰক’, ‘মানৱ অধিকাৰ ৰক্ষা কৰক’, ‘অবৈধ গ্ৰেপ্তাৰ বন্ধ কৰক’, ‘ভূমিহীনক আশ্ৰয় ল’বলৈ ঠাই দিয়ক’।

যোৱা বছৰ যুৱ আন্দোলনৰ ঢৌত ক্ষমতালৈ অহা বলেন শ্বাহৰ এবছৰ নৌহওঁতেই তেওঁৰ বিৰুদ্ধে জনৰোষৰ সৃষ্টি হৈছে। কেপি শৰ্মা অলি চৰকাৰৰ পতনৰ অন্যতম স্থপতি আছিল ৩৫ বছৰীয়া নেতাগৰাকী।

তেওঁ ছ’চিয়েল মিডিয়া নিষেধাজ্ঞা, নিবনুৱা সমস্যা, দুৰ্নীতি আৰু অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে যুৱক-যুৱতীসকলক সংগঠিত কৰিছিল। নিৰ্বাচনত অলিক পৰাস্ত কৰি নেপালৰ প্ৰধানমন্ত্ৰীও হ’ল। কিন্তু এতিয়া সেই জনসমৰ্থন কমি আহিবলৈ আৰম্ভ কৰিছে। জেন-জিসকলে তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd