• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

ৰাম মন্দিৰত ওলাইছে নতুন চাকৰি : স্নাতক উত্তীৰ্ণই কৰিব পাৰিব আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 8:21 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি মন্দিৰ পৰিচালনাৰ বাবে মুখ্য কাৰ্যবাহী বিষয়া বা চি ই অ’ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে। এই পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদন দাখিলৰ অন্তিম সময় হৈছে ১৮ জুলাই, ২০২৬ৰ বিয়লি ৪ বজা। ট্ৰাষ্টে নিজৰ চৰকাৰী ৱেবছাইট আৰু সামাজিক মাধ্যমৰ জৰিয়তে এই নিযুক্তিৰ বিষয়ে জাননী প্ৰকাশ কৰিছে।

কেইবাটাও সংবাদত ‘স্নাতক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব’ বুলি উল্লেখ কৰা হৈছে যদিও কেৱল স্নাতক ডিগ্ৰী থাকিলেই এই পদৰ বাবে যোগ্য বিবেচিত নহ’ব। আবেদনকাৰীৰ বয়স ৫০ৰ পৰা ৭০ বছৰৰ ভিতৰত হ’ব লাগিব। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে কোনো বৃহৎ সংগঠন, চৰকাৰী বিভাগ, প্ৰতিষ্ঠান অথবা কোনো কোম্পানীত কমেও ২০ বছৰৰ উচ্চ পৰ্যায়ৰ প্ৰশাসনিক পদত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

Apply Now

প্ৰাৰ্থীগৰাকীয়ে প্ৰশাসন, বিত্ত, মানৱ সম্পদ, জনসম্পৰ্ক, তথ্য-প্ৰযুক্তি, নিৰাপত্তা আৰু আইনী বিষয়কে ধৰি একাধিক বিভাগ পৰিচালনা কৰাৰ অভিজ্ঞতা লাভ কৰা হ’ব লাগিব। কোনো বৃহৎ ধৰ্মীয় প্ৰতিষ্ঠান অথবা মন্দিৰ পৰিচালনাৰ পূৰ্ব অভিজ্ঞতা থকা প্ৰাৰ্থীক বাছনিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব। আবেদনকাৰীয়ে হিন্দী আৰু ইংৰাজী – দুয়োটা ভাষাতে দক্ষ হোৱাটোও বাধ্যতামূলক যোগ্যতা হিচাপে উল্লেখ কৰা হৈছে।

ট্ৰাষ্টৰ জাননী অনুসৰি আবেদনকাৰী নিয়মীয়াকৈ হিন্দু ধৰ্ম পালন কৰা ব্যক্তি হোৱাৰ লগতে ভগৱান ৰামৰ প্ৰতি গভীৰ বিশ্বাস আৰু শ্ৰদ্ধা থকা হ’ব লাগিব। অৰ্থাৎ এই পদটোৰ বাবে শিক্ষাগত আৰু প্ৰশাসনিক যোগ্যতাৰ লগতে ধৰ্মীয় বিশ্বাসকো অন্যতম গুৰুত্বপূৰ্ণ চৰ্ত হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

নিৰ্বাচিত কাৰ্যবাহী বিষয়া গৰাকীক প্ৰথম অৱস্থাত তিনি বছৰৰ বাবে নিযুক্তি দিয়া হ’ব। কামৰ মূল্যায়নৰ ভিত্তিত এই কাৰ্যকাল বৃদ্ধি কৰা হ’ব পাৰে। চাকৰিকালত তেওঁ অযোধ্যাতে স্থায়ীভাৱে থাকিব লাগিব। দৰমহা আৰু আন সেৱা-সুবিধা নিৰ্বাচিত প্ৰাৰ্থীৰ সৈতে আলোচনাৰ মাধ্যমেৰে চূড়ান্ত কৰা হ’ব।

বিষয়া গৰাকীয়ে ৰাম মন্দিৰ ট্ৰাষ্টৰ সৰ্বোচ্চ কাৰ্যবাহী বিষয়া হিচাপে কাম কৰিব আৰু ট্ৰাষ্টৰ সাধাৰণ সম্পাদকৰ ওচৰত জবাবদিহি থাকিব। মন্দিৰৰ দৈনন্দিন প্ৰশাসন, বিত্তীয় ব্যৱস্থাপনা, কৰ্মচাৰী নিয়ন্ত্ৰণ, নিৰাপত্তা, তীৰ্থযাত্ৰীৰ সুবিধা, ধৰ্মীয় অনুষ্ঠানৰ সমন্বয়, ট্ৰাষ্টৰ সম্পত্তিৰ সুৰক্ষা আৰু ট্ৰাষ্ট ব’ৰ্ডে অনুমোদন জনোৱা প্ৰকল্প ৰূপায়ণৰ দায়িত্ব তেওঁ গৰাকীয়ে পালন কৰিব। চৰকাৰী বিভাগৰ সৈতে সমন্বয় ৰক্ষা, বিশিষ্ট অতিথি আৰু সাধু-সন্তৰ বাবে ব্যৱস্থা কৰাৰ দায়িত্বও এই পদৰ অন্তৰ্ভুক্ত।

প্ৰাৰ্থী বাছনিৰ বাবে তিনিজনীয়া এখন অনুসন্ধান আৰু নিৰ্বাচন সমিতি গঠন কৰা হৈছে। এই সমিতিত আছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলি, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল বিষ্ণুকান্ত চতুৰ্বেদী আৰু শিৰডীৰ শ্ৰী সাইবাবা সংস্থান ট্ৰাষ্টৰ প্ৰাক্তন অধ্যক্ষ সুৰেশ হাৱাৰে। সমিতিখনে আবেদনসমূহ পৰীক্ষা কৰি উপযুক্ত প্ৰাৰ্থীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব।

অযোধ্যাৰ ৰাম মন্দিৰত দানৰ ধন আত্মসাতৰ অভিযোগক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতেই ট্ৰাষ্টৰ প্ৰশাসনিক ব্যৱস্থাত এই বৃহৎ পৰিৱৰ্তন অনা হৈছে। মন্দিৰৰ দৈনন্দিন পৰিচালনা অধিক পেছাদাৰী, স্বচ্ছ আৰু জবাবদিহিমূলক কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আগ্ৰহী প্ৰাৰ্থীয়ে ট্ৰাষ্টৰ চৰকাৰী জাননীত উল্লেখ কৰা ই-মেইল ঠিকনাৰ মাধ্যমেৰে ১৮ জুলাইৰ বিয়লি ৪ বজাৰ ভিতৰত আবেদন দাখিল কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd