কাজিৰঙাৰ ইংলে পথাৰৰ শেহতীয়া ঘটনাক্ৰমক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জীপাল কৃষক-শ্ৰমিক সংঘ। আজি বোকাখাতত এক সংবাদ মেল সম্বোধন কৰি সংগঠনটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক “কৰ্পৰেটৰ বহতীয়া” বুলি আখ্যা দিয়াৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু সদৌ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰে। উচিত ক্ষতিপূৰণৰ দাবীত সংগঠনটোৱে মন্ত্ৰী আৰু বিধায়কৰ দুৱাৰমুখত প্ৰতিবাদ সাৱ্যস্ত কৰাৰো সকীয়নি প্ৰদান কৰিছে।
জীপালৰ অভিযোগ অনুসৰি, এখন পঞ্চতাৰকা হোটেল (হায়াট) নিৰ্মাণৰ বাবে চৰকাৰে ইংলে পথাৰত ভূমি অধিগ্ৰহণ কৰিছে, কিন্তু ক্ষতিগ্ৰস্ত লোকসকলক ভূমি অধিগ্ৰহণ আইনৰ অধীনত উচিত ক্ষতিপূৰণ দিয়াৰ পৰিৱৰ্তে ‘মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি‘ৰ চেক বিতৰণ কৰি প্ৰতাৰণা কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগ বা চিকিৎসাৰ বাবে নিৰ্ধাৰিত সাহায্য পুঁজিক ভূমিৰ ক্ষতিপূৰণ হিচাপে ব্যৱহাৰ কৰা কাৰ্যক সংগঠনটোৱে তীব্ৰ গৰিহণা দিছে। লগতে, চাহ জনগোষ্ঠীৰ অধিকাৰৰ হকে মাত মতা জাতীয় সংগঠন আটচাই (ATTSA) চৰকাৰৰ এই কাৰ্যত সহযোগ কৰা বুলি অভিযোগ উত্থাপন কৰি জীপালৰ নেতৃত্বই আটচাক চৰকাৰৰ ওচৰত শ্বেতপত্ৰ দাবী কৰিবলৈ আহ্বান জনাইছে।

সংবাদ মেলত জীপালৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহে মন্ত্ৰী অতুল বৰা আৰু বিধায়ক অখিল গগৈৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰে। বোকাখাতৰ স্থানীয় বিধায়ক হিচাপে মন্ত্ৰী অতুল বৰাই থলুৱা শ্ৰমিক-নাগৰিকৰ ওপৰত চলা আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ কৰা হৈছে। আনহাতে, কাজিৰঙাৰ ভূমি অধিকাৰ সংগ্ৰামৰ মাজেৰে ৰাজনীতিত প্ৰতিষ্ঠা লাভ কৰা আৰু কাজিৰঙাত অৰ্কিড উদ্যান গঢ়ি তোলা বিধায়ক অখিল গগৈয়ে ইংলে পথাৰ কাণ্ডত নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা কাৰ্যক জীপালে কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰয়োজনত দিছপুৰৰ চচলৰ পৰিৱৰ্তে মন্ত্ৰী অতুল বৰাৰ বাসগৃহ আৰু অখিল গগৈৰ অৰ্কিড উদ্যানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হ‘ব বুলি সংগঠনটোৱে হুংকাৰ দিয়ে।
গোলাঘাট জিলা প্ৰশাসনকো সকীয়াই দি জীপাল কৃষক-শ্ৰমিক সংঘই কয় যে গোলাঘাটৰ ভূমি অধিকাৰ আন্দোলনৰ এক সুদীৰ্ঘ ইতিহাস আছে। প্ৰশাসনে সৰল জনতাক অন্যায় কৰিলে ইয়াৰ পৰিণাম ভয়াবহ হ‘ব পাৰে বুলি সতৰ্ক কৰি দি সংগঠনটোৱে গীতা গোৱালাক দ্বিতীয় গৰাকী ‘লক্ষ্মী ওৰাং‘ হ‘বলৈ এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে।
জীপাল কৃষক-শ্ৰমিক সংঘৰ প্ৰধান দাবীসমূহ:
- যুটীয়া জৰীপ: শাসক আৰু বিৰোধী দলৰ বিধায়কী প্ৰতিনিধি দল আহি অঞ্চলটোত চৰজমিন তদন্ত আৰু যুটীয়া জৰীপ অনুষ্ঠিত কৰিব লাগে।
- ভূমিৰ অধিকাৰ: আৱণ্টিত তথা ৰায়তি খতিয়ান থকা লোকসকলক ভূমিৰ অধিকাৰ আইনীভাৱে নিশ্চিত কৰিব লাগে।
- উচিত ক্ষতিপূৰণ আৰু শ্বেতপত্ৰ: মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ বন্ধ কৰি নীতিৰ আধাৰত ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰি ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিব লাগে।
- নিৰ্যাতন বন্ধ কৰা: ইংলে পথাৰৰ অধিবাসীসকলৰ ওপৰত চলা আৰক্ষীৰ নিৰ্যাতন বন্ধ কৰাৰ ক্ষেত্ৰত মন্ত্ৰী অতুল বৰা আৰু বিধায়ক অখিল গগৈয়ে নিজৰ দায়বদ্ধতা স্বীকাৰ কৰিব লাগে।
- কৰ্মীৰ মুক্তি: গ্ৰেপ্তাৰ কৰা ভূমি আৰু মানৱ অধিকাৰ কৰ্মী ক্ৰমে – আদিত্য ৰাভা, প্ৰণৱ দলে, অমিত নাগ আৰু বিজিত কুটুমক অনতিপলমে বিনা চৰ্তে মুকলি কৰি দিব লাগে।
আজিৰ এই সংবাদ মেলত জীপাল কৃষক-শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহৰ লগতে উপ-সভাপতি লাচিত হাজৰিকা, যুটীয়া সম্পাদক বিজু চাওঁতাল আৰু পবিত্ৰ টাইদ উপস্থিত থাকে। সংবাদ মেলখনৰ আঁত ধৰে মুখপাত্ৰ প্ৰবীণ পেগুৱে।





