• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ একমাত্ৰ আসনখনৰ বাবে অহা বছৰৰ জুন মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব; নিৰাপত্তা পৰিষদৰ সংস্কাৰ আৰু স্থায়ী আসনৰ দাবীত সৰৱ ভাৰত

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 14, 2026 10:56 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৮-২৯ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদৰ নিৰ্বাচনক লক্ষ্য কৰি ভাৰতে সোমবাৰে আনুষ্ঠানিকভাৱে  প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দুবছৰীয়া কাৰ্যকালৰ বাবে ‘শান্তি: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ ২০২৮-২৯ ৰ বাবে ভাৰতৰ আদৰ্শ, বিশ্বাস, অখণ্ডতা’ শীৰ্ষক প্ৰচাৰ অভিযানৰ মুকলি কৰে। ৰাষ্ট্ৰসংঘৰ বিশেষ দূত, কূটনীতিবিদ আৰু বিষয়াসকল উপস্থিত থকা এই অনুষ্ঠানত ভাৰতে ৰাষ্ট্ৰসংঘৰ প্ৰতি থকা নিজৰ দৃষ্টিভংগীক ‘শান্তি’ অৰ্থাৎ আদৰ্শ, বিশ্বাস আৰু অখণ্ডতাৰ জৰিয়তে সামগ্ৰিক অগ্ৰগতি সুনিশ্চিত কৰাৰ ওপৰত আধাৰিত বুলি স্পষ্টভাৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ভাৰতে ২০২১-২২ বৰ্ষৰ কাৰ্যকালৰ বাবে নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল।

 

Apply Now

২০২৭ৰ জুন মাহত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ একমাত্ৰ আসনখনৰ বাবে ভাৰতে তাজিকিস্তানৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব। ইউক্ৰেইন যুদ্ধ, গাজাৰ সংঘাত আৰু ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ দৰে গুৰুতৰ প্ৰত্যাহ্বানৰ সৈতে বিশ্বই যুঁজি থকাৰ সময়তে আৰু ভূ-ৰাজনৈতিক পৰিৱৰ্তনৰ মাজতে এই নিৰ্বাচন অনুষ্ঠিত হ’ব। ইপিনে, বৈদেশিক মন্ত্ৰী জয়শংকৰে সোমবাৰে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গটেৰেছকো সাক্ষাৎ কৰাৰ কথা। যোৱা ৫ ৰ পৰা ১০ জুলাইলৈ কাটাৰ, বাহৰেইন, কুৱেইট আৰু ওমান ভ্ৰমণ কৰি সদ্যহতে নিউয়ৰ্কত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে ১৪ আৰু ১৫ জুলাইত ব্ৰাছেলছত অনুষ্ঠিত হ’বলগীয়া তৃতীয় ভাৰত-ইউৰোপীয় সংঘ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হ’ব।

 

স্মৰ্তব্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰক লৈ ভাৰতে দীৰ্ঘদিন ধৰি সক্ৰিয় দাবী উত্থাপন কৰি আহিছে। ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা পোন্ধৰখন ৰাষ্ট্ৰৰ পৰিষদখন একবিংশ শতিকাৰ উদ্দেশ্যৰ বাবে উপযুক্ত নহয় আৰু ই সাম্প্ৰতিক ভূ-ৰাজনৈতিক বাস্তৱতাক প্ৰতিফলিত নকৰে বুলি যুক্তি দৰ্শাই ভাৰতে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী দুয়োটা শ্ৰেণীৰ সম্প্ৰসাৰণৰ বাবে দাবী জনাইছে। পৰিৱৰ্তিত গোলকীয় পটভূমিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰত আৰু অধিক পলম কৰিব নোৱাৰি বুলিও ভাৰতে দৃঢ়তাৰে বিশ্বাস কৰে।

 

নিৰাপত্তা পৰিষদৰ কেৱল অস্থায়ী শ্ৰেণীৰ সম্প্ৰসাৰণ ঘটিলে পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ গাঁথনি মৌলিকভাৱে সলনি নহ’ব আৰু সেয়া এক প্ৰকাৰৰ বিফলতা হ’ব বুলি ভাৰতে সতৰ্ক কৰি দিছে। দশক দশক ধৰি লেহেমীয়া গতিত চলি থকা সংস্কাৰ প্ৰক্ৰিয়া সন্দৰ্ভত জুন মাহত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত হৰিশ পাৰ্বতানেণিয়ে মত প্ৰকাশ কৰিছিল যে সকলো সন্মত নোহোৱালৈকে একো সন্মত নহয় বুলি ধৰি লোৱা দৃষ্টিভংগীটো অগ্ৰগতিৰ পথত হেঙাৰ হ’ব নালাগে। স্থিতাবস্থা বজাই ৰাখিব বিচৰাসকলে এই যুক্তিক নিজৰ সপক্ষে ব্যৱহাৰ কৰি নিৰাপত্তা পৰিষদত বৰ্তমানৰ বৈষম্যসমূহক অধিক সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰি তেওঁ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী আসনৰ দাবীৰ নাৰ্য্যতাক পুনৰবাৰ দোঁহাৰে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

July 14, 2026 10:56 am
আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

আকৌ কাঠগৰাত ডবল ইঞ্জিন চৰকাৰ! ‘লড়কি বহিন যোজনা’ত ৩,৫৪১ কোটি টকাৰ অনিয়মৰ ইংগিত CAG-ৰ

July 14, 2026 10:30 am
১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক: কাৰাবন্দী মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ‘অপসাৰণ’ৰ পৰিৱৰ্তে ‘নিলম্বন’ৰ পৰামৰ্শ সংসদীয় সমিতিৰ

১৩০ সংখ্যক সংবিধান সংশোধনী বিধেয়ক: কাৰাবন্দী মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ ‘অপসাৰণ’ৰ পৰিৱৰ্তে ‘নিলম্বন’ৰ পৰামৰ্শ সংসদীয় সমিতিৰ

July 14, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজনীতি: সত্তা আৰু শঠতা

ৰাজনীতি: সত্তা আৰু শঠতা

July 14, 2026 11:42 am
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ নিৰ্বাচন: প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভাৰতে, প্ৰতিদ্বন্দ্বী কোন?

July 14, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd