• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বিতাড়ন আইনৰ অধীনত ৬৭ গৰাকীক প্ৰত্যৰ্পণ; একেদিনাই ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 14, 2026 3:08 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী বুলি ঘোষণা কৰা ১৯৩ গৰাকী ব্যক্তিক যোৱা দুবছৰত বাংলাদেশলৈ বিতাড়ন কৰা হৈছে বুলি সোমবাৰে অসম বিধানসভাত ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে। চলিত বিধানসভাৰ অধিৱেশনত সদৌ ভাৰত সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ বিধায়ক বদৰুদ্দিন আজমলে উত্থাপন কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই পৰিসংখ্যা দাখিল কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি, ২০২৪ চনৰ ১ জুলাইৰ পৰা শেহতীয়াকৈ ৩০ জুনলৈকে ৰাজ্যখনৰ পৰা সৰ্বমুঠ ১,৬৭৯ গৰাকী নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে।

বাংলাদেশলৈ বিতাড়ন কৰা এই ১৯৩ গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী শিশুকন্যাও অন্তৰ্ভুক্ত আছে, যাক বিদেশী ঘোষিত মাতৃৰ সৈতে সীমান্তৰ সিপাৰলৈ প্ৰেৰণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সদনত অৱগত কৰা অনুসৰি, ১৯৩ গৰাকীৰ ভিতৰত ৬৭ গৰাকী ব্যক্তিক ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বিতাড়ন আইনৰ অধীনত বহিষ্কাৰ কৰা হৈছে। এই আইনখনে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক বিদেশী ন্যায়াধিকৰণৰ প্ৰক্ৰিয়াক আওকাণ কৰি ৰাজ্যখনৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীক বিতাড়ন কৰাৰ ক্ষমতা প্ৰদান কৰে। একেদৰে চৰকাৰে প্ৰেৰণ কৰা মুঠ ১,৬৭৯ গৰাকী ব্যক্তিৰ তালিকাত দোষী সাব্যস্ত হোৱা বিদেশী নাগৰিক, চিনাক্ত হোৱা নথিপত্ৰবিহীন অনুপ্ৰৱেশকাৰী আৰু ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষিত ব্যক্তিসকল অন্তৰ্ভুক্ত হৈ আছে বুলি সদৰী কৰিছে।

বিধায়ক বদৰুদ্দিন আজমলে বিতাড়িত লোকসকলৰ কিমানগৰাকীয়ে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত আপীল কৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত চৰকাৰে স্পষ্ট কৰি দিয়ে যে ন্যায়ালয়ত কোনো আপীল বিচাৰাধীন হৈ থকা অৱস্থাত কোনো চিনাক্ত অবৈধ অনুপ্ৰৱেশকাৰীক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰোৱা নহয়। লগতে প্ৰত্যাৱৰ্তন কৰা কোনো লোকে পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত আপীল কৰিছে নে নাই, সেই সন্দৰ্ভতো চৰকাৰৰ হাতত কোনো তথ্য উপলব্ধ নহয় বুলি উত্তৰটোত উল্লেখ কৰা হয়। উল্লেখযোগ্য যে অসমৰ বিদেশী ন্যায়াধিকৰণসমূহ হৈছে অৰ্ধ-ন্যায়িক সংস্থা, যিয়ে ১৯৭১ চনৰ ভিত্তিবৰ্ষৰ ওপৰত নিৰ্ভৰ কৰি নাগৰিকত্বৰ বিষয়ত বিচাৰ কৰে। অৱশ্যে এই সংস্থাসমূহৰ বিৰুদ্ধে সৰু-সুৰা বানানৰ ভুল, নথি-পত্ৰৰ অভাৱ বা স্মৃতিশক্তিৰ ত্ৰুটিৰ ভিত্তিত পক্ষপাতিত্বমূলকভাৱে ব্যক্তিক বিদেশী ঘোষণা কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

স্মৰ্তব্য যে বিধানসভাত এই পৰিসংখ্যা দাখিল কৰা দিনাই ভাৰতৰ উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭ গৰাকী ব্যক্তিক বিদেশী হিচাপে ঘোষণা কৰি প্ৰদান কৰা ৰায়দান খাৰিজ কৰে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ খণ্ডপীঠখনে এই গোচৰসমূহ পুনৰ নতুনকৈ বিচাৰ কৰাৰ বাবে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰে। নাগৰিকত্ব আৰু বিদেশীৰ মৰ্যাদা নিৰ্ধাৰণৰ বিষয়টোৱে এক গভীৰ সাংবিধানিক তাৎপৰ্য বহন কৰে বুলি উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো এক ন্যায্য, আইনসন্মত আৰু যুক্তিসংগত ব্যৱস্থাৰ মাজেৰে সম্পন্ন হোৱাটো অপৰিহাৰ্য।

Apply Now
এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

July 14, 2026 3:21 pm
বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm
ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

July 14, 2026 3:21 pm
বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd