• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

প্ৰশিক্ষক লুই দে লা ফুয়েন্তেৰ নিপুণ কৌশলৰ ওচৰত হাৰ মানিলে দিদিয়েৰ দেশঁৱে; মিকেল অয়াৰজাবাল আৰু পেড্ৰ' প'ৰ'ৰ গ'লৰ সহায়ত স্পেইনৰ ঐতিহাসিক জয়লাভ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 15, 2026 10:58 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডালাছত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ৰ প্ৰথমখন ছেমিফাইনেল মেচত ফ্ৰান্সক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি স্পেইনে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰশিক্ষক লুই দে লা ফুয়েন্তেৰ নিপুণ কৌশলৰ লগতে মিকেল অয়াৰজাবাল আৰু পেড্ৰ’ প’ৰ’ৰ দুটাকৈ গ’লৰ সহায়ত স্পেইনে দিদিয়েৰ দেশঁৰ প্ৰশিক্ষণপ্ৰাপ্ত ফ্ৰান্সক পৰাজিত কৰিবলৈ সক্ষম হয়। এই চমকপ্ৰদ জয়ৰ লগে লগে স্পেনিছ দলটোৱে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ইটালীয়ে স্থাপন কৰা ক্ৰমাগত ৩৭ খন মেচত অপৰাজিত থকাৰ সৰ্বকালীন বিশ্ব অভিলেখ স্পৰ্শ কৰে।

 

Apply Now

স্পেইনে মেচৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে আৰু পেড্ৰ’ প’ৰ’, পাউ কুবাৰচি তথা আয়েমেৰিক লাপোৰ্টেৰ সহায়ত অফচাইডৰ ফান্দ পাতি ফ্ৰান্সৰ কিলিয়ান এমবাপে আৰু ওচমান ডেম্বেলেৰ দৰে তাৰকা খেলুৱৈক নিষ্ক্ৰিয় কৰি ৰাখে। বিশেষকৈ কুবাৰচিয়ে ফৰাচী অধিনায়ক এমবাপেক তীক্ষ্ণ নজৰত ৰাখে। মেচৰ কুৰি মিনিটৰ সময়ত ফ্ৰান্সৰ খেলুৱৈ লুকাছ ডিগনেই বক্সৰ ভিতৰত বল ক্লিয়াৰ কৰিবলৈ গৈ স্পেইনৰ লামিন য়ামালক ফাউল কৰাৰ ফলত স্পেইনে পেনাল্টি লাভ কৰে। এই সুযোগ গ্ৰহণ কৰি মিকেল অয়াৰজাবালে গ’ল দি স্পেইনক অগ্ৰগতি প্ৰদান কৰে। ২০২৬ বৰ্ষত ৰাষ্ট্ৰীয় দলৰ হৈ এয়া আছিল অয়াৰজাবালৰ চতুৰ্দশটো গ’ল, যিটো স্পেইনৰ যিকোনো খেলুৱৈৰ বাবে এক ৰাষ্ট্ৰীয় অভিলেখ।

এই জয়ৰ জৰিয়তে স্পেইনে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ ইতিহাসত কেইবাটাও নতুন অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰিছে। ২০২৪ চনৰ মাৰ্চ মাহত লণ্ডনত কলম্বিয়াৰ হাতত ১-০ গ’লত পৰাস্ত হোৱাৰ পাছৰে পৰা স্পেইনে বৰ্তমানলৈকে আঠাইশখন মেচত জয়লাভ কৰাৰ লগতে নখন মেচ ড্ৰ খেলি ক্ৰমাগত ৩৭ খন মেচত অপৰাজিত হৈ আছে। ইয়াৰ পূৰ্বে ২০১৮ চনৰ পৰা ২০২১ চনলৈ ইটালীয়েও একেৰাহে ৩৭ খন মেচত অপৰাজিত থকাৰ অভিলেখ গঢ়িছিল আৰু আৰ্জেণ্টিনা ৩৬ খন মেচৰে এই তালিকাত তৃতীয় স্থানত আছে। ইয়াৰ উপৰিও স্পেইন হৈছে ফিফা বিশ্বকাপ আৰু উৱেফা ইউৰোপীয়ান চেম্পিয়নশ্বিপ মিলি ক্ৰমাগত আঠখন নকআউট মেচত জয়লাভ কৰা প্ৰথমখন ইউৰোপীয় ৰাষ্ট্ৰ। পূৰ্বে এই অভিলেখ সাতখন মেচৰ জয়ৰে ইটালী আৰু স্পেইনৰ নিজৰ দখলতেই আছিল।

 

বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ড আৰু আৰ্জেণ্টিনাৰ মাজৰ দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে অহা দেওবাৰে স্পেইনে বিশ্বকাপৰ ফাইনেল মেচত অৱতীৰ্ণ হ’ব। বৰ্তমান সুন্দৰ ফৰ্মত থকা স্পেনিছ দলটোৱে এই ফাইনেল মেচখনত জয়লাভ কৰিবলৈ সক্ষম হ’লে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ ইতিহাসত সৰ্বাধিক মেচত অপৰাজিত থকাৰ এক নতুন একক বিশ্ব অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিব।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd