• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2026 9:35 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ অন্যতম প্ৰসিদ্ধ ধৰ্মীয় স্থান বৈষ্ণোদেৱী মন্দিৰলৈ প্ৰতি বছৰে কোটি কোটি ভক্তৰ আগমন ঘটে। কিন্তু এইবাৰ এই পবিত্ৰ মন্দিৰক কেন্দ্ৰ কৰি এক নজিৰবিহীন আৰু বিস্ফোৰক বিতৰ্কৰ সৃষ্টি হৈছে। ভক্তসকলে দেৱীৰ চৰণত অৰ্পণ কৰা ৰূপৰ অনুদানক লৈ এক বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি যোৱা কেইবছৰমানৰ ভিতৰত ভক্তসকলে দান কৰা প্ৰায় ৫০০ কোটি টকাৰ ৰূপ সন্ধানহীন হৈছে অথবা আচল ৰূপ সলনি কৰি তাত অতি কম মূল্যৰ আৰু নিম্নমানৰ ধাতু মিহলাই দিয়া হৈছে। এই বৃহৎ কেলেংকাৰীৰ খবৰ পোহৰলৈ অহাৰ পিছতে প্ৰশাসনে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই সমগ্ৰ বিষয়টো ইতিমধ্যে আদালতৰ মজিয়া পাইছেগৈ, যাৰ পৰিপ্ৰেক্ষিতত শ্ৰী মাতা বৈষ্ণোদেৱী শ্ৰাইন ব’ৰ্ডে এতিয়া ভক্তসকলে দিয়া অনুদান আৰু ইয়াৰ ৰক্ষণাবেক্ষণ ব্যৱস্থা সম্পূৰ্ণৰূপে পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে।

দেশৰ লাখ লাখ ভক্তৰ আৱেগত আঘাত সনা এই ঘটনাৰ আৰম্ভণি হৈছিল কিছু দিন পূৰ্বে। জানিব পৰা মতে যোৱা ৫-৬ বছৰ ধৰি বৈষ্ণোদেৱী মন্দিৰত ভক্তসকলে দান কৰা ৰূপৰ অলংকাৰ, মুদ্ৰা আৰু অন্যান্য সামগ্ৰী মিলাই প্ৰায় ২০ টন ৰূপ জমা হৈছিল। নিয়ম অনুসৰি সেই বৃহৎ পৰিমাণৰ ৰূপ পৰীক্ষা কৰা, গলুৱা আৰু প্ৰক্ৰিয়াকৰণৰ বাবে জম্মু-কাশ্মীৰৰ বাহিৰৰ এটা চৰকাৰী টাঁকশাললৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু যেতিয়া সেই টাঁকশালত ৰূপৰ বিশুদ্ধতা পৰীক্ষা কৰা হয়, তেতিয়া বিষয়াসকল আচৰিত হৈ পৰে। ৰিপৰ্টত দেখা গৈছে যে সেই ২০ টন ধাতুৰ ভিতৰত মাত্ৰ ৫ ৰ পৰা ৬ শতাংশহে আচল ৰূপ আছিল। বাকী গোটেইখিনিয়েই আছিল কেডমিয়াম, লোহা আৰু অন্যান্য সস্তা ধাতুৰ মিশ্ৰণ। বজাৰৰ মূল্য অনুসৰি যদি সেই ২০ টন ধাতু খাঁটি ৰূপ হ’লহেঁতেন, তেন্তে ইয়াৰ মূল্য প্ৰায় ৫৫০ কোটি টকা হ’লহেঁতেন। কিন্তু পৰীক্ষাৰ অন্তত দেখা গৈছে যে বৰ্তমান বজাৰত ইয়াৰ প্ৰকৃত মূল্য এই বৃহৎ পৰিমাণৰ অতি সামান্য অংশহে। পৰীক্ষাৰ বাবে পঠোৱা মাত্ৰ ৭০ কেজি ৰূপৰ সামগ্ৰী গলাই চোৱাৰ পিছত তাৰ ভিতৰত আচল ৰূপ পোৱา গৈছে মাত্ৰ ৩ কেজি আৰু বাকী 6৭ কেজি কেৱল সস্তা ভেজাল ধাতুহে আছিল।

Apply Now

কাটৰাৰ ত্ৰিকূট পাহাৰৰ কোলাত অৱস্থিত মাতা বৈষ্ণোদেৱীৰ মন্দিৰলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু তেওঁলোকে ৰীতি-নীতি অনুসৰি ৰূপৰ ছত্ৰ, ৰূপৰ মুদ্ৰা, অলংকাৰ আদি উৎসৰ্গ কৰে। শ্ৰাইন ব’ৰ্ডৰ নিয়ম অনুসৰি এই সকলোবোৰ সামগ্ৰী কঢ়া নিৰাপত্তাৰ মাজত সংগ্ৰহ কৰি লকাৰত ৰখা হয়। পৰৱৰ্তী সময়ত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সেইবোৰ শোধনৰ বাবে পঠোৱা হয় যাতে সেই ধাতু বিক্ৰী কৰি ব’ৰ্ডৰ পুঁজি বৃদ্ধি কৰিব পৰা যায় বা অন্যান্য ধৰ্মীয় কামত ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু পৰীক্ষাগাৰৰ ৰিপৰ্ট অহাৰ পিছত স্পষ্ট হৈ পৰিছে যে ইমান দিনে যাক ৰূপ বুলি সিন্দুকত ৰখা হৈছিল, সেয়া আচলতে ৰূপৰ নামত এক চৰম প্ৰৱঞ্চনাহে আছিল। আটাইতকৈ চিন্তাজনক কথাটো হ’ল ৰিপৰ্টত উল্লেখ কৰা কেডমিয়াম ধাতু অতি বিষাক্ত আৰু ই কৰ্কট ৰোগৰ সৃষ্টি কৰিব পৰা উপাদান হিচাপে পৰিচিত। ইয়াৰ ফলত এই প্ৰৱঞ্চনা কেৱল ৫০০ কোটি টকাৰ কেলেংকাৰীয়েই নহয়, বৰঞ্চ যিসকল শ্ৰমিক আৰু কৰ্মচাৰীয়ে দিনৰ পিছত দিন ধৰি এই ধাতুবোৰ চুইছিল বা গলুৱাৰ কাম কৰিছিল, তেওঁলোকৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰতেও এক ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে।

এই গুৰুতৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আইনী পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০২৬ চনৰ ৯ মে’ত অধিবক্তা দীপক শৰ্মাই জম্মু-কাশ্মীৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত এটা আনুষ্ঠানিক অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগত অপৰাধমূলক ষড়যন্ত্ৰ, প্ৰৱঞ্চনা, বিশ্বাসভংগ, চৰকাৰী নথি-পত্ৰৰ হেৰফেৰ আৰু অনুদানত বিষাক্ত কেডমিয়াম ব্যৱহাৰ কৰাৰ দৰে কেইবাটাও গুৰুতৰ ধাৰা অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰা হৈছে। অভিযোগকাৰীয়ে মূলতঃ দুটা দিশৰ ওপৰত তদন্তৰ দাবী জনাইছে। প্ৰথমতে, ভক্তসকলে যেতিয়া কাটৰাৰ স্থানীয় দোকান বা ব্যৱসায়ীৰ পৰা ৰূপৰ সামগ্ৰী কিনি মন্দিৰত দান কৰিছিল, তেতিয়াই বিক্ৰেতাসকলে তেওঁলোকক প্ৰৱঞ্চনা কৰি নকল বা ভেজাল ৰূপ বিক্ৰী কৰিছিল নেকি? নে দ্বিতীয় সম্ভাৱনাটো হ’ল ভক্তসকলে আচল ৰূপেই দিছিল, কিন্তু শ্ৰাইন ব’ৰ্ডৰ জিম্মালৈ যোৱাৰ পিছত সেই আচল ৰূপ চুৰি কৰি তাৰ ঠাইত সস্তা নকল ধাতু সুমুৱাই দিয়া হৈছিল? এই অভিযোগৰ গুৰুত্ব বুজি জম্মুৰ এখন আদালতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আদালতে ক্ৰাইম ব্ৰাঞ্চৰ তদন্তকাৰী বিষয়াক এই ৫০০ কোটি টকাৰ প্ৰৱঞ্চনা আৰু নকল ৰূপ সংক্ৰান্তীয় সকলো মূল নথি-পত্ৰ আৰু ৰেকৰ্ডসহ সশৰীৰে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। অহা ২৯ জুলাই, ২০২৬ তাৰিখে এই হাই-প্ৰফাইল গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

চাৰিওফালে তীব্ৰ ক্ষোভ আৰু বিতৰ্কৰ সৃষ্টি হোৱাৰ সময়তে পৰিস্থিতি চম্ভালিবলৈ আগবাঢ়ি আহিছে স্বয়ং জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, যি শ্ৰী মাতা বৈষ্ণোদেৱী শ্ৰাইন ব’ৰ্ডৰ অধ্যক্ষ। তেওঁৰ অধ্যক্ষতাত ব’ৰ্ডৰ এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে। ব’ৰ্ডৰ বিষয়াসকলে জনোৱা মতে বৈঠকত অনুদান পৰীক্ষা প্ৰক্ৰিয়া, চিচিটিভি নিৰীক্ষণ, বেংকিং সুৰক্ষা আৰু অনুদানৰ নিয়মীয়া অডিট ব্যৱস্থাৰ বৰ্তমানৰ স্থিতি দাঙি ধৰা হৈছে। ব’ৰ্ডৰ ফালৰ পৰা দাবী কৰা হৈছে যে মন্দিৰৰ সকলো আৰ্থিক লেনদেন সম্পূৰ্ণৰূপে বেংকিং নিয়ম, নিয়মীয়া আইন আৰু ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়েই কৰা হয়। আনকি ৰূপ পৰিবহন আৰু শোধনৰ কামো ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু হায়দৰাবাদৰ চৰকাৰী টাঁকশালৰ দৰে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ জৰিয়তে অতি কাঢ়া নিৰাপত্তাৰ মাজত কৰা হয়। শ্ৰাইন ব’ৰ্ডৰ দাবী যে এই পৰ্যালোচনাৰ মূল উদ্দেশ্য হৈছে মন্দিৰলৈ অহা ভক্তসকলৰ অনুদান ব্যৱস্থাপনাত সম্পূৰ্ণ স্বচ্ছতা, জবাবদিহিতা আৰু এক নিৰ্দিষ্ট মানদণ্ড কঠোৰভাৱে বজাই ৰখা। অৱশ্যে এই ৫০০ কোটি টকাৰ বিশাল কেলেংকাৰী এতিয়া কেৱল টকাৰ অংকতে সীমাবদ্ধ থকা নাই, ইয়াৰ সৈতে সাঙোৰ খাই পৰিছে কোটি কোটি ভক্তৰ বিশ্বাস, স্থানীয় বিক্ৰেতাসকলৰ সততা আৰু বিষাক্ত কেডমিয়াম ব্যৱহাৰ কৰা শ্ৰমিকসকলৰ জীৱনৰ সুৰক্ষা। ভাৰতৰ অন্যতম প্ৰধান ধৰ্মীয় স্থানত কেনেকৈ অনুদান পৰীক্ষা আৰু অডিট কৰা হয়, তাক লৈ এতিয়া এটা ডাঙৰ প্ৰতিষ্ঠানিক প্ৰশ্ন উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd