সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে। অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবে চালক, নিৰাপত্তাৰক্ষী আৰু ভ্ৰমণৰ সময়ত চৰকাৰী আৱাসত থকাৰ দৰে অৱসৰৰ পাছৰ সুবিধাসমূহ সমগ্ৰ দেশতে একেধৰণৰ কৰাৰ উদ্দেশ্যেই এই ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে লক্ষ্য কৰে যে বৰ্তমান বিভিন্ন ৰাজ্যই প্ৰদান কৰা সুবিধাসমূহৰ মাজত যথেষ্ট অমিল আছে। সেয়েহে বিচাৰপীঠখনে কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক দুসপ্তাহৰ ভিতৰত এই সমিতি গঠন কৰিবলৈ কয়। এই সমিতিখনে পৰৱৰ্তী তিনিমাহৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।
উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সংস্থাৰ সভাপতি ন্যায়াধীশ ভি এছ ডাভেই নিৰাপত্তা আৰু অন্যান্য সুবিধাসমূহৰ বিষয়টো উত্থাপন কৰি দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে বৰ্তমান কিছুমান ৰাজ্যই দিয়া আৰ্থিক সাহায্যৰ পৰিমাণক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ সোধে যে মাত্ৰ ৪৫-৫০ হাজাৰ টকাত এজন চালক আৰু এজন নিৰাপত্তাৰক্ষী ৰখাটো সম্ভৱনে। তেওঁ কয় যে ৰাজ্যসমূহৰ মাজত এই সুবিধাসমূহৰ ক্ষেত্ৰত কোনো সামঞ্জস্য নাই।
মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰে এখন সমিতি গঠন কৰি নিৰ্দিষ্ট নিয়ম নিৰ্ধাৰণ কৰিব লাগে আৰু কেন্দ্ৰয়ো ইয়াত অনুদান আগবঢ়াব পাৰে। তেওঁ কয় যে যদি চৰকাৰে নকৰে তেন্তে ন্যায়ালয়ে নিজেই এখন সমিতি গঠন কৰি দিবলৈ বাধ্য হ‘ব। ইয়াৰ উত্তৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সন্মতি প্ৰকাশ কৰি কয় যে চৰকাৰে এনে এখন সমিতি গঠন কৰাত কোনো অসুবিধা নাই আৰু অতি সোনকালেই এই সমস্যাটো সমাধান কৰা হ‘ব।
ন্যায়ালয়ে নিজৰ আদেশত উল্লেখ কৰে যে ঘৰুৱা সহায়ক, চালক, টেলিফোন, চিকিৎসাৰ ব্যয় ঘূৰাই পোৱা আৰু চৰকাৰী ঘৰত থকাৰ দৰে প্ৰাথমিক সুবিধাসমূহ এতিয়া এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ একেবাৰেই বেলেগ বেলেগ হয়। এই অমিলৰ বাবেই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সংস্থাই ন্যায়ালয়ৰ কাষ চাপিবলগীয়া হৈছে। সমগ্ৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰৰ এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে, কিয়নো নতুন নিয়ম অনুসৰি ইয়াৰ আৰ্থিক বোজা কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে মাজত ভাগ হ‘ব পাৰে।





