ৰাজধানী দিল্লীত চলি থকা ছাত্ৰ প্ৰতিবাদৰ বাবে মেট্ৰ’ ষ্টেচনসমূহ বন্ধ কৰি ৰখাৰ ঘটনাক লৈ এইবাৰ তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে। তেওঁ স্পষ্টভাৱে জনায় যে যদি দুপৰীয়াৰ ভিতৰত সুপ্ৰীম ক’ৰ্ট মেট্ৰ’ ষ্টেচন মুকলি কৰা নহয়, তেন্তে তেওঁ নিজেই এই বিষয়ত হস্তক্ষেপ কৰিব। সুপ্ৰীম ক’ৰ্ট বাৰ এছ’চিয়েচনৰ সভাপতি বিকাশ সিঙে এই সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ কাষ চাপিছিল। মেট্ৰ’ ষ্টেচন বন্ধ থকাৰ বাবে আদালতলৈ অহা অধিবক্তা, আবেদনকাৰী আৰু কৰ্মচাৰীসকল চৰম অসুবিধাৰ মুখত পৰিছে বুলি তেওঁ কয়।
বাৰ এছ’চিয়েচনৰ উদ্বেগ শুনি মুখ্য ন্যায়াধীশে স্পষ্ট কৰি দিয়ে যে মেট্ৰ’ সেৱা বন্ধ থকাৰ বাবে কোনো অধিবক্তা উপস্থিত হ’ব নোৱাৰিলে তেওঁলোকৰ বিৰুদ্ধে কোনো বিচাৰিক বিৰূপ আদেশ দিয়া নহ’ব। আদালত প্ৰশাসনে ইতিমধ্যে দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনৰ সৈতে কথা পাতি আছে বুলিও তেওঁ জনায়। দুপৰীয়াৰ ভিতৰত যদি এই সমস্যাৰ কোনো সমাধান নোলায়, তেন্তে মুখ্য ন্যায়াধীশে নিজেই ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
শুনানিৰ সময়ত বাৰ এছ’চিয়েচনৰ সভাপতি বিকাশ সিঙে এটা বিশেষ ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে কেৱল বৈধ পৰিচয় পত্ৰ থকা অধিবক্তা, আবেদনকাৰী আৰু আদালতৰ কৰ্মচাৰীসকলকহে মেট্ৰ’ ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ অনুমতি দিয়া হওক। ষ্টেচনৰ প্ৰস্থান পথত সঠিকভাৱে নিৰাপত্তা পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আহিবলৈ দি বাকী সাধাৰণ যাত্ৰীসকলক আন ষ্টেচনলৈ যাবলৈ দিলে এই সমস্যাৰ সমাধান হ’ব পাৰে।
উল্লেখ্য যে ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত নীট-ইউজি ২০২৬ৰ প্ৰশ্নকাকত ফাদিল আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ‘চলো সংসদ‘ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। ইয়াৰ পিছতে নিৰাপত্তাৰ খাতিৰত মেট্ৰ’ কৰ্তৃপক্ষই ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ কৰি দিয়ে। অৱশ্যে ইয়াৰ এদিন আগতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ মুখ্য ন্যায়াধীশে অস্বীকাৰ কৰিছিল আৰু বিচাৰপীঠৰ হাতত এনে ভিডিঅ’ চোৱাৰ সময় নাই বুলি মন্তব্য কৰিছিল।





