• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

মূল: কে এ ছাজি  by মূল: কে এ ছাজি
July 24, 2026 9:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূল: কে এ ছাজি

অনুবাদ: দুদুলমণি শৰ্মা

Apply Now

 

মই আৰম্ভণিৰ পৰাই সোনম ৱাংচুকক লৈ সৃষ্টি হোৱা উন্মাদনাত উটি যাবলৈ অস্বীকাৰ কৰিছিলোঁ। মই কিয় এই সমাবেশত যোগদান কৰা নাছিলোঁ, তাক লৈ বহুতে আচৰিতো হৈছিল।

​আনকি বহুতে ৰাহুল গান্ধীক ৱাংচুকৰ সৈতে একেখন মঞ্চতে কিয় দেখা পোৱা নাছিল সেই লৈয়ো প্ৰশ্ন তুলিছিল।

​মই মৌন হৈ আছিলোঁ কাৰণ মই ভাৰতৰ শেহতীয়া ৰাজনৈতিক ইতিহাসৰ পৰা এটা শিক্ষা লাভ কৰিছোঁ। সেই শিক্ষাটো হ’ল:  কোনো আন্দোলনকে কেতিয়াও কৃত্ৰিমভাৱে সৃষ্টি কৰা ‘ত্ৰাণকৰ্তা’ৰ (Messiahs) হাতত সম্পূৰ্ণৰূপে এৰি দিয়াটো উচিত নহয়।

​আজি মোৰ সন্দেহবোৰ আৰু অধিক দৃঢ় হৈ পৰিছে।

​অৱশ্যে এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত মতামত। ঘটি যোৱা শেহতীয়া ঘটনাৱলীৰ সংক্ৰান্তত ই মোৰ এক ৰাজনৈতিক বিশ্লেষণ।

​মোৰ এনে লাগিছে যেন ছাত্ৰ-ছাত্ৰীসকল প্ৰতাৰিত হৈছে।

​এই আন্দোলন কেতিয়াও সোনম ৱাংচুকৰ বিষয়ে নাছিল। ই কেতিয়াও কোনো এজন একক ব্যক্তিৰ বিষয়ে নাছিল। ই আছিল বুকুত অযুত আশা বান্ধি দিল্লীলৈ অহা হাজাৰ হাজাৰ যুৱক-যুৱতীৰ আন্দোলন।

​তেওঁলোকক প্ৰহাৰ কৰা হ’ল। চোঁচৰাই নিয়া হ’ল। অপমানিত কৰা হ’ল। নানাধৰণে ভৰ্ৎসনা কৰা হ’ল, লাঞ্ছনা-গঞ্জনা কৰা হ’ল।

তেওঁলোকে পুলিচৰ বৰ্বৰতা আৰু ভাবুকিৰ সাহসেৰে সন্মুখীন হৈছিল কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকে এই দেশৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে যুঁজিছে।

​কোনোবাই শ শ কিলোমিটাৰ অতিক্ৰম কৰি আহিছিল। কোনোবাই অভিভাৱকৰ হকা-বধা নামানি আন্দোলনত যোগ দিছিল। কোনোবাই আনকি নিজৰ চাকৰিকো বাজি ৰাখিছিল।

কিন্তু তেওঁলোক ইয়ালৈ কাৰোবাৰ সুপৰিকল্পিত ৰাজনৈতিক নাটকৰ একো একোটা পাদটীকা (footnote) হ’বলৈ অহা নাছিল।

​তাৰ পিছত আহিল অনশন ভঙাৰ সিদ্ধান্ত।

​হয়, অনশন কেতিয়া সামৰিব লাগে, সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ প্ৰত্যেক ব্যক্তিৰে আছে। কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আচলতে কি সলনি হ’ল, তাক লৈ প্ৰশ্ন কৰাৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে: নিৰ্ণায়ক বিজয় ক’ত?​এই যুৱক-যুৱতীসকলে যিবোৰ মূল সমস্যাৰ বাবে সংগ্ৰাম চলাই আছিল, সেইবোৰ সমাধানৰ নিৰ্দিষ্ট আশ্বাস ক’ত? যদি এই প্ৰশ্নবোৰ প্ৰশ্ন  হৈয়েই  ৰয়, তেন্তে অনশন ভংগক কিহৰ ভিত্তিত বিজয় হিচাপে উদযাপন কৰা উচিত?

​যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও যন্তৰ মন্তৰত থাকি আন্দোলন কৰি আছে, তেওঁলোকলৈ এই সিদ্ধান্তই কি বাৰ্তা প্ৰেৰণ কৰিলে, সেইটোৱেহে মোক অধিক ব্যথিত কৰি তুলিছে। তেওঁলোকে বিশ্বাস কৰিছিল যে ই এক সন্মিলিত যুঁজ। তেওঁলোকে সম্পূৰ্ণ স্বচ্ছতা বিচাৰিছিল। তেওঁলোকে এনে এক নেতৃত্ব বিচাৰিছিল যি শেষলৈকে তেওঁলোকৰ সৈতে থাকে, এনে নেতৃত্ব নহয় যিয়ে যেন একমাত্ৰ নিজৰ বাবেহে অন্য এটা পথ বাছি লয়।

​ইতিহাসে মোক ব্যক্তিকেন্দ্ৰিক আন্দোলনসমূহৰ প্ৰতি গভীৰভাৱে সন্দেহবাদী কৰি তুলিছে।

​মই আন্না হাজাৰেৰ কথা পাহৰা নাই। কোটি কোটি ভাৰতীয়ই এই আন্দোলনে ভাৰতবৰ্ষৰ ৰাজনীতিক চৰিত্ৰৰ গুণগত পৰিৱৰ্তন আনিব বুলি বিশ্বাস কৰিহে তাত অংশ গ্ৰহণ কৰিছিল। কিন্তু তাৰ পিছত যি ঘটিল, সি ভাৰতীয় ৰাজনীতিৰ গতিপথক অনেকে ভবাৰ পৰা সম্পূৰ্ণ বিপৰীত দিশলৈ লৈ গ’ল।

সেই আন্দোলনৰ পৰাই অৰৱিন্দ কেজৰিৱালৰ উত্থান ঘটিল, যাৰ ৰাজনৈতিক সিদ্ধান্তসমূহে চূড়ান্ত পৰ্যায়ত সংকটজনক মুহূৰ্তবোৰত মূল গণতান্ত্ৰিক বিৰোধী পক্ষক দুৰ্বল কৰিহে তুলিলে। কোনোবা সন্মত হওক বা নহওক, সেই অভিজ্ঞতাই মোক কোনো এজন একক ‘নায়ক’ক কেন্দ্ৰ কৰি গঢ়ি উঠা প্ৰতিটো আন্দোলনকে প্ৰশ্ন কৰিবলৈ শিকাইছে।

​সেইবাবেই মই সোনম ৱাংচুকক এই সংগ্ৰামৰ একমাত্ৰ আৰু অপ্ৰতিদ্বন্দ্বী পৰিচয় ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাক কেতিয়াও গ্ৰহণ কৰা নাছিলোঁ। এটা গণতান্ত্ৰিক আন্দোলন এজন ব্যক্তিৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল হ’ব নোৱাৰে। যেতিয়া এনে হয়, তেতিয়া নিজৰ বিশ্বাস উজাৰি দিয়া হাজাৰ হাজাৰ মানুহ হতাশাত ভুগিবলগীয়া হয়।

​গতিকে অভিজিৎ দীপকে (Abhijeet Dipke), সৌৰভ দাস (Saurav Das) আৰু আশুতোষ ৰাংকাৰ (Ashutosh Ranka) সন্মুখত থকা প্ৰশ্নকেইটা তেনেই সহজ।

​ৰাজপথত লাঠিৰ কোব খোৱা ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে কি উত্তৰ দিব?

​আজিও তাত আন্দোলন কৰি থকাসকলক আপোনালোকে কি ক’ব?

​ই এক সন্মিলিত সংগ্ৰাম আৰু শেষলৈকে ঐক্যবদ্ধ হৈ যুঁজিম বুলি ভাবি অহাসকলক আপোনালোকে কি উত্তৰ দিব?

​তেওঁলোক কেৱল কোনো প্ৰতীক নহয়। তেওঁলোক কোনো ছবি নহয়। তেওঁলোক কোনো হেছটেগ (hashtag) নহয়। তেওঁলোক এনে কিছুমান যুৱক-যুৱতী, যাৰ জীৱন, আশা আৰু ভৱিষ্যত এই সংগ্ৰামৰ সৈতে জড়িত হৈ আছে।

​মোৰ বাবে, এই আন্দোলনে প্ৰকৃত জাতীয় গতি লাভ কৰিছিল তেতিয়াহে, যেতিয়া ৰাহুল গান্ধীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ কাষত স্পষ্টভাৱে থিয় দি সমগ্ৰ দেশতে তেওঁলোকৰ কণ্ঠ জোৰদাৰ কৰি তুলিছিল। ই কেইজনমান সক্ৰিয় কৰ্মীৰ অভিযান হৈ থকাৰ পৰিৱৰ্তে জবাবদিহিতা আৰু ন্যায়ৰ বাবে এক বৃহৎ গণতান্ত্ৰিক দাবীলৈ ৰূপান্তৰিত হৈছিল। মূল আকৰ্ষণ পুনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰলৈ ঘূৰি আহিছিল, য’ত ই সদায় থকা উচিত আছিল।

​মোৰ ভুলো হ’ব পাৰে। সময়েহে ইয়াৰ চূড়ান্ত বিচাৰ কৰিব।

​কিন্তু মই ব্যক্তিপূজা কৰিবলৈ অস্বীকাৰ কৰোঁ। মই তাৰকাসকলে আন্দোলনত  নেতৃত্ব দিয়াৰ কথাটো বিশ্বাস নকৰোঁ। নায়ক হিচাপে আহি নায়ক হিচাপে আঁতৰি যোৱা ব্যক্তিসকলে আন্দোলন গঢ়ি তোলে বুলি মানি ল’বলৈ মই অস্বীকাৰ কৰোঁ।

​আন্দোলন গঢ়ি তোলে আত্মসমৰ্পণ নকৰা সাধাৰণ মানুহে।

​বহুচৰ্চিত মুখবোৰৰ প্ৰতি মোৰ কেতিয়াও আস্থা নাছিল। মোৰ আস্থা সদায় আছিল বৰষুণত তিতি, শৰীৰত আঘাতৰ দাগ আৰু বুকুত আশা লৈ থিয় হৈ থকা সেই নামহীন ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত।

​মঞ্চৰ পৰা এই ‘ত্ৰাণকৰ্তা’সকল আঁতৰি যোৱাৰ বহু সময় পিছতো ইতিহাসে কেৱল সেই নামহীন লোকসকলকহে মনত ৰাখে।

মূল: কে এ ছাজি

মূল: কে এ ছাজি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd