• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2026 12:16 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষ বুলি অহৰহ ফোপজহি মাৰি ফুৰা ৰাজ্যৰ চৰকাৰখনৰ প্ৰশাসন যন্ত্ৰৰ ফোপোলা স্বৰূপ এতিয়া উজনিৰ বানপানীয়ে সম্পূৰ্ণৰূপে উদঙাই দিছে। চৰকাৰী প্ৰশাসনৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই এতিয়াও বানৰ কৱলত আবদ্ধ হাজাৰ হাজাৰ বানাক্ৰান্তই উদ্ধাৰ আৰু সামান্য বান সাহায্যকণো লাভ কৰিবলৈ সক্ষম হোৱা নাই। হিমন্ত চৰকাৰৰ এই চৰম অকর্মণ্যতাৰ বাবেই এতিয়া  লক্ষাধিক বানাক্ৰান্তই জীৱন-মৃত্যুৰে যুঁজিবলগীয়া এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত সম্বোধন কৰা এখন সংবাদমেলত কৰা অসহায় স্বীকাৰোক্তিয়ে চৰকাৰী ব্যৰ্থতাৰ এই ভয়ংকৰ প্ৰতিচ্ছবিখনকে প্ৰমাণ কৰিছে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে জলপ্ৰলয়ৰ গ্ৰাসত পৰা শিৱসাগৰৰ ২০ শতাংশ আৰু নাজিৰাৰ ৩০ শতাংশ অঞ্চলৰ সৈতে প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগেই কৰিব পৰা নাই। অৰ্থাৎ, নাজিৰাৰ প্ৰায় ৫০ হেজাৰ আৰু শিৱসাগৰৰ প্ৰায় ৩০ হেজাৰ অসহায় বানাক্ৰান্তক আজিকোপতি চৰকাৰে এডাল খেৰকুটাৰো সহায় আগবঢ়াব পৰা নাই। উদ্ধাৰ অভিযানতো দূৰৰ কথা, বানপীড়িতই এটাও সাহায্যৰ টোপোলা লাভ কৰা নাই। বানাক্ৰান্ত অঞ্চলসমূহ ৩-৪ ফুটপৰ্যন্ত বোকা আৰু বালিয়ে পুতি পেলোৱাৰ অজুহাত দেখুৱাই ৰাজ্যৰ প্ৰশাসন যন্ত্ৰই দায় সৰা কাৰ্যই চৰকাৰৰ চৰম দায়িত্বহীনতাকে প্ৰকট কৰিছে।

আটাইতকৈ আশ্চৰ্যজনক আৰু ক্ষোভৰ বিষয়টো হৈছে, প্ৰলয়ংকৰী বানৰ ৭টাকৈ দিন পাৰ হৈ যোৱাৰ পিছতো ৰাজ্য চৰকাৰৰ প্ৰশাসন যন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা সত্ত্বেও বিগত দিনকেইটাত কিয় ভাৰতীয় সেনাৰ সহায় লোৱা নহ’ল? যদি ৰাজ্যিক উদ্ধাৰকাৰী দল বোকা-পলস ফালি সোমাব পৰা নাই, তেন্তে অত্যাধুনিক সা-সৰঞ্জাম আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ অভিজ্ঞতা থকা ভাৰতীয় সেনাক কিয় বানাক্ৰান্তৰ উদ্ধাৰৰ বাবে ততাতৈয়াকৈ নিয়োগ নকৰিলে মুখ্যমন্ত্ৰীয়ে? সেনাৰ সহায় নোলোৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচলতে উজনিৰ বানাক্ৰান্তক অধিক দুৰ্দশা আৰু নিশ্চিত মৃত্যুৰ মুখলৈহে ঠেলি দিলে। বৰ্তমানলৈকে এই বছৰৰ বানত ৰাজ্যত ৪৭ গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে, যাৰ ভিতৰত কেৱল শিৱসাগৰতে ২১ গৰাকী আৰু চৰাইদেউত ১০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰিও সন্ধানহীন হৈ আছে ৭ জন লোক। সময় বাগৰাৰ লগে লগে এই মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। কেৱল প্ৰাকৃতিক দুৰ্যোগৰ ফলতে নহয় চৰকাৰী যন্ত্ৰৰ বিফলতা, গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেও এতিয়া অধিক দুদৰ্শাৰ বলি হৈছে হাজাৰ হাজাৰ বনাক্ৰান্ত।

Apply Now

ইফালে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ আৰু প্ৰশাসনৰ ব্যৰ্থতা ঢাকিবলৈ নাগালেণ্ডৰ অস্বাভাৱিক বৰষুণৰ দোহাই দিছে। তেওঁৰ মতে, ডাৱৰ বিস্ফোৰণ হোৱা নাই, বৰঞ্চ নাগালেণ্ড আৰু চৰাইদেউত স্বাভাৱিকতকৈ ৪৯০ শতাংশ অধিক বৰষুণ হোৱাৰ বাবেহে এই জলপ্ৰলয়ৰ সৃষ্টি হৈছে। আনকি নাগালেণ্ডৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে এই বানপানী হোৱা বুলি উঠা অভিযোগকো তেওঁ নস্যাৎ কৰি ওলোটাই নদীবান্ধৰ বাবেহে লখিমপুৰ আৰু ধেমাজি ৰক্ষা পৰিল বুলি নদীবান্ধৰ সপক্ষে ওকালতিহে কৰিছে। কিন্তু প্ৰশ্ন হয়, বৰষুণৰ পৰিমাণ যিয়েই নহওক কিয়, বিপদৰ সময়ত জনতাক উদ্ধাৰ কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব নহয় নেকি? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোন কৰা বা কেন্দ্ৰীয় দল আহি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ প্ৰতিশ্ৰুতিয়ে এতিয়া সৰ্বস্বান্ত হোৱা ৰাইজক কি সকাহ দিব নেকি? মন্ত্ৰীসকলক এতিয়া বানাক্ৰান্ত অঞ্চল ভ্ৰমণৰ নিৰ্দেশ দিলেই হেৰুৱা প্ৰাণবোৰ ঘূৰি আহিবনে? দৰাচলতে, মুখ্যমন্ত্ৰীৰ এই সংবাদমেল আছিল চৰকাৰী ব্যৰ্থতা ঢাকিবলৈ কৰা এক চৰম নিৰ্লজ্জ প্ৰয়াস, যিয়ে প্ৰমাণ কৰিলে যে সংকটৰ সময়ত এইখন চৰকাৰে ৰাইজক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে কেৱল অজুহাতৰহে আশ্ৰয় লয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd