• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

শয্যাশায়ী শৰীৰ, কিন্তু মন সংগ্ৰামৰ মাজত! ছাত্ৰ আন্দোলন আৰু সোনোম ৱাংচুকৰ ত্যাগলৈ সমৰ্থন জনাই কৃষক আন্দোলনৰ দৰেই এই বিক্ষোভে ফেচিষ্ট চৰকাৰৰ পতন মাতিব বুলি আশা প্ৰকাশ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ।

অজিত কুমাৰ ভূঞা by অজিত কুমাৰ ভূঞা
July 25, 2026 6:04 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিক্ষোভৰ জুইত জ্বলি আছে সমগ্ৰ দেশ। দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰ এতিয়া ছাত্ৰ বিক্ষোভত অগ্নিগৰ্ভ হৈ পৰিছে। ‘নীট’ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পাছতে আত্মহননৰ পথ বাচি লোৱা ২২ গৰাকী শিক্ষাৰ্থীৰ ন্যায় আৰু ভ্ৰষ্টাচাৰী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সংগঠিত এই বিক্ষোভত লাখ লাখ শিক্ষাৰ্থী তথা সমাজৰ বিভিন্ন স্তৰৰ লোক চামিল হৈছে। নতুনকৈ জন্মলাভ কৰা ‘ককৰোচ জনতা পাৰ্টি’য়ে নেতৃত্ব দিয়া এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই দেশৰ বিখ্যাত বিজ্ঞানী তথা পৰিৱেশকৰ্মী সোনম ৱাংচুকে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰে। আন্দোলন ধ্বংস কৰিবলৈ আৰক্ষীয়ে সোনম ৱাংচুকক যন্তৰ-মন্তৰৰ পৰা উঠাই নি চিকিৎসালয়ত এক কথাত ক’বলৈ গ’লে বন্দী কৰি ৰাখিছে। ইতিমধ্যে ২৬ দিনৰ অন্তত অনশন প্ৰত্যাহাৰ কৰিছে ৱাংচুকে। কিন্তু যন্তৰ-মন্তৰত বিক্ষোভে অধিক বিশাল তথা জংগী ৰূপ ধাৰণ কৰিছে।

 

Apply Now

এনে এক ভয়াবহ অস্থিৰ পৰিস্থিতিৰ সময়ত মই ঘৰত শয্যাশায়ী হৈ থাকিবলগীয়া হৈছে শাৰীৰিক অসুস্থতাৰ বাবে। কিন্তু মনে নামানে। কাৰণ জীৱনটোৰ বেছিভাগ সময় পাৰ কৰিছোঁ অন্যায়-অনীতিৰ প্ৰতিবাদ কৰি। মানুহৰ অধিকাৰ ৰক্ষাৰ সংগ্ৰামত জড়িত হোৱাৰ বাবেই চৰকাৰৰ কিমান নিৰ্যাতনৰ সন্মুখীন হৈছিলোঁ, সেই কথা জনাসকলে জানেই। সেই কথাবোৰ নতুনকৈ উল্লেখ কৰিব বিচৰা নাই। গ্ৰেপ্তাৰ, কাৰাগাৰ, এনকাউন্টাৰ আৰু ক’ত যে কি নিৰ্যাতন!

 

বৰ্তমান দিল্লীৰ যন্তৰ-মন্তৰত চলি থকা ছাত্ৰ-ছাত্ৰীৰ ন্যায়ৰ দাবীত সংগঠিত আন্দোলনৰ প্ৰতি মই এই বাৰ্তাৰে সমৰ্থন জনালোঁ। ইতিমধ্যে আমি ‘অসম নাগৰিক সন্মিলন’ৰ তৰফৰ পৰা আন্দোলনৰ সমৰ্থনত বহু কথাই কৈছোঁ। লগতে এই আন্দোলনৰ প্ৰতি একতা প্ৰদৰ্শন কৰা সকলো ব্যক্তি, সংগঠন, দললৈও মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা ৰাখিম যে এই আন্দোলনে ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব।

 

প্ৰসংগক্ৰমে ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ দুটামান কথা। ২০১৪ চনত দেশৰ ক্ষমতালৈ বিজেপি অহাৰ পাছৰে পৰা দেশখনৰ সম্পদ নিলামৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ কৰি দিয়া হৈছে। আদানি, আম্বানীসহ এমুঠিমান ধনকুবেৰৰ হাতত দেশৰ সমস্ত সম্পদ গতাই দিয়াটোৱেই একমাত্ৰ দায়িত্ব হৈ পৰিছে মোদী চৰকাৰৰ। দুৰ্নীতি, ভ্ৰষ্টাচাৰে দেশ চানি ধৰিছে। পৰিত্ৰাণ বিচাৰি ৰাজপথলৈ আহি বিক্ষোভত চামিল হ’বলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ। কি ভয়ংকৰ কথা যে এইখন চৰকাৰে দেশৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষকসকলৰ বিৰুদ্ধেও আইন প্ৰণয়ন কৰে।

 

মোদী চৰকাৰে প্ৰণয়ন কৰা বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ বাবে কৃষকসকলে সংগঠিত কৰিছিল নজিৰবিহীন বিক্ষোভ। সিংঘু সীমান্তত বিক্ষোভৰত কৃষকসকলৰ সৈতে গৈ ময়ো বহিছিলোঁ। কৃষক নেতা ৰাকেশ টিকাইতৰ সৈতে প্ৰতিবাদস্থলীত বহি কৃষকৰ এই আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছিলোঁ। এই আন্দোলনস্থলীত উপস্থিত হৈ নৈতিক সমৰ্থন জনোৱা বাবে টিকাইতে আনন্দ প্ৰকাশ কৰাৰ লগতে মোক প্ৰশংসাও কৰিছিল। আন্দোলনৰ ধৰণ আৰু কৃষকসকলৰ সংকল্প দেখি তেতিয়াই অনুভৱ কৰিছিলোঁ যে মোদী চৰকাৰে এই আন্দোলনকাৰী কৃষকসকলৰ ওচৰত শিৰ নত কৰিব লাগিব। শেষত সেয়াই হ’ল। চৰকাৰে তিনিওখন আইন বাতিল কৰিবলৈ বাধ্য হ’ল।

 

বিখ্যাত বিজ্ঞানী তথা পৰিৱেশকৰ্মী সোনম ৱাংচুকৰ খ্যাতিৰ কথা কৈ শেষ কৰিব নোৱাৰি। দেশতকৈও বিদেশত ৱাংচুকৰ উদ্ভাৱন আৰু আৱিষ্কাৰক লৈ ব্যাপক চৰ্চা হৈছে। অথচ এইগৰাকী বিজ্ঞানীক দেশৰ ফেচিষ্ট চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ ভুৱা গোচৰ জাপি দি কাৰাগাৰত নিক্ষেপ কৰিছিল। কিমান হিংস্ৰ আৰু বৰ্বৰ হ’ব পাৰে মোদী চৰকাৰ!

 

সোনম ৱাংচুকক এবাৰ লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ আছিল। ২০২৪ চনৰ ছেপ্টেম্বৰত লাডাখৰ লেহৰ পৰা নতুন দিল্লীলৈ এহেজাৰ কিলোমিটাৰ পদযাত্ৰা কৰিছিল ৱাংচুকে। সেই সময়ত সাংসদ হিচাপে বিজ্ঞানীগৰাকীক লগ পোৱাৰ চেষ্টা কৰিছিলোঁ। কিন্তু অমিত শ্বাহৰ গৃহ বিভাগৰ বাধাৰ বাবে মোৰ দৰে বহুতেই নিৰাশ হ’বলগীয়া হ’ল।

 

২০২৫ চনৰ জুন-জুলাই মাহত লাডাখ ভ্ৰমণলৈ গৈছিলোঁ। সমাজবাদী পাৰ্টিৰ সাংসদ জাভেদ আলী খান আৰু আৰ জে ডিৰ সাংসদ অভয় কুমাৰ সিনহাৰ সৈতে গৈ ৱাংচুক থকা ঠাইত উপস্থিত হ’লোঁ ২০২৫ ৰ ১ জুলাইত। প্ৰথম দেখাতেই ৱাংচুকৰ আচৰণ-ব্যৱহাৰে আমাক মুগ্ধ কৰি পেলালে। কম সময়ৰ ভিতৰতে তেওঁৰ কৰ্মৰ বিশাল ক্ষেত্ৰখনৰ বিষয়ে বুজিব পাৰিলোঁ। এগৰাকী ভাল শিক্ষকৰ দৰে ৱাংচুকে আমাক তেওঁৰ উদ্ভাৱন আৰু আৱিষ্কাৰৰ বিভিন্ন দিশ বুজাই গ’ল। আমি মন্ত্ৰমুগ্ধ হৈ মাথোঁ শুনি থাকিলোঁ। ইয়াৰ মাজতেই ৱাংচুকে আমাক তেওঁ গঢ়ি তোলা বিশ্ববিদ্যালয়খন দেখুৱালে। ছ’লাৰ এনাৰ্জীৰে ৱাংচুকে লাডাখত কি এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে সেয়াও দেখুৱালে। ৱাংচুকক লগ পোৱাৰ পাছত এটাই কথা অনুভৱ কৰিলোঁ যে যিমান শুনিছিলোঁ তাতকৈ আচলতে বহু বেছি বিশাল ব্যক্তিত্বৰ অধিকাৰী সোনোম ৱাংচুক। আমি ভবাটকৈও বহু বেছি উচ্চ খাপৰ বিজ্ঞানী আৰু পৰিৱেশবিদ ৱাংচুক। উল্লেখযোগ্য যে এই শিক্ষাবিদগৰাকীৰ বিষয়ে ইতিমধ্যে মই ‘আমাৰ অসম’ত লিখিছোঁ আৰু সদ্য প্ৰকাশিত গ্ৰন্থ ‘জুবিন কথা – মানুহৰ কথা’ত সন্নিবিষ্ট কৰা হৈছে। ৱাংচুক আৰু তেওঁৰ পত্নী গীতাঞ্জলিয়ে আমাক ভালদৰেই আপ্যায়ন কৰিলে।

 

এইগৰাকী ৱাংচুকে এতিয়া দেশৰ ভৱিষ্যতৰ অসংখ্য ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ বাবে অনশন চলাই চিকিৎসালয়ত ৰুগ্ন শৰীৰ লৈ পৰি আছে। কিন্তু ফেচিষ্ট মোদী চৰকাৰে এই ন্যায়ৰ দাবীত সংগঠিত আন্দোলন ধ্বংসৰ ষড়যন্ত্ৰ চলাইছে। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক ঘুণীয়া কৰিবলৈ ৰাংকুকুৰৰ দৰে মেলি দিয়া হৈছে আৰক্ষী, অৰ্ধ সেনাৰ জাক। অভিযোগ উঠিছে যে আৰক্ষীৰ মাজত হাতত লাঠী লৈ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছে চৰকাৰৰ ভেৰোণীয়া গুণ্ডাৰ দল। এয়া অতি ধিক্কাৰজনক।

 

চৰকাৰৰ এনে পাশৱিকতা সত্ত্বেও সোনম ৱাংচুকৰ দৰে মহানায়কৰ অংশগ্ৰহণত বিশাল ৰূপ ধাৰণ কৰা মহাকাব্যিক বিক্ষোভে ফেচিষ্ট মোদী চৰকাৰৰ পতন মাতি আনিব বুলি আমি আশাবাদী।

 

অজিত কুমাৰ ভূঞা

অজিত কুমাৰ ভূঞা

অজিত কুমাৰ ভূঞা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd