অহা ২৮ জুলাইত নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰত অনুষ্ঠিত হ‘বলগীয়া ন্যায়াধীশ এইচ. আৰ. খান্না স্মাৰক বক্তৃতা স্থগিত ৰখা হৈছে। এই অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা আছিল। আয়োজকসকলে জানিবলৈ দিয়া মতে, কেইদিনমান পূৰ্বেই এই অনুষ্ঠানটো স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল। এই বক্তৃতাৰ বিষয়বস্তু আছিল দলত্যাগৰ পৰা চামিলকৰণলৈ: দশম অনুসূচী বাতিলৰ প্ৰয়োজনীয়তা।
অনুষ্ঠানটোত জ্যেষ্ঠ অধিবক্তা অৰবিন্দ পি. দাতাৰে ভাষণ দিয়াৰ কথা আছিল আৰু প্ৰয়াত ন্যায়াধীশ এইচ. আৰ. খান্নাৰ ভতিজা তথা প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ইয়াত সভাপতিত্ব কৰিলেহেঁতেন। ইয়াৰ পিছতে এডিএম জবলপুৰ বনাম শিৱকান্ত শুক্লা গোচৰৰ পঞ্চাশ বছৰ শীৰ্ষক এক পেনেলো অনুষ্ঠিত হোৱাৰ কথা আছিল। এই আলোচনাত সাংবাদিক শেখৰ গুপ্তা, ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ যতীন্দ্ৰ সিং, জ্যেষ্ঠ অধিবক্তা চি. এছ. বৈদ্যনাথন আৰু ৰাজীৱ নায়াৰৰ লগতে এনএলএছআইইউ বেংগালুৰুৰ উপাচাৰ্য সুধীৰ কৃষ্ণস্বামীয়ে অংশগ্ৰহণ কৰিলেহেঁতেন। উল্লেখযোগ্য যে ন্যায়াধীশ এইচ. আৰ. খান্নাই এডিএম জবলপুৰ গোচৰত একমাত্ৰ বিৰোধী ৰায়দান দি ইতিহাস ৰচনা কৰিছিল।
বৰ্তমান সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তক লৈ সমগ্ৰ দেশত তীব্ৰ চৰ্চা চলি আছে। যোৱা মে‘ মাহত তেওঁ নিবনুৱা যুৱক-যুৱতীসকলক ককৰোচ বা পইতাচোৰাৰ সৈতে তুলনা কৰি এক বিতৰ্কিত মন্তব্য কৰিছিল। এই মন্তব্যৰ পিছতে ককৰোচ জনতা পাৰ্টি নামৰ এক সংগঠনৰ জন্ম হয় আৰু তেওঁলোকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰি তীব্ৰ আন্দোলন গঢ়ি তোলে। এই প্ৰতিবাদৰ ফলশ্ৰুতিতেই যোৱা ২৫ জুলাইত শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হয়। সংসদ ভৱনলৈ কৰা এক প্ৰতিবাদী সমদলত যন্তৰ মন্তৰৰ ওচৰত প্ৰায় ৭৫ হাজাৰ লোক গোট খাইছিল, য’ত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ লাঠীচালনা, কন্দুৱা গেছ আৰু পেলেট গানৰ লগতে গজাল লগোৱা লাঠী ব্যৱহাৰ কৰিছিল।
যোৱা ২২ জুলাইত আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে আৱেদন দাখিল কৰা অধিবক্তা নৰেন্দ্ৰ মিশ্ৰক মুখ্য ন্যায়াধীশে কৈছিল যে তেওঁলোকে যাতে ন্যায়ালয়ৰ আৰু নিজৰ সময় নষ্ট নকৰে। অৱশ্যে দুদিন পিছত তেওঁ ছাত্ৰ প্ৰতিবাদকাৰীৰ আৱেদন গ্ৰহণ নকৰাৰ বাতৰিক সম্পূৰ্ণ মিছা বুলি দাবী কৰে আৰু তেওঁৰ মন্তব্যক ভুল অৰ্থত প্ৰকাশ কৰা হৈছে বুলি স্পষ্টীকৰণ দিয়ে। ইয়াৰ পিছতে আজি মুখ্য ন্যায়াধীশে মৌখিকভাৱে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ অধিকাৰ সংবিধানত সম্পূৰ্ণৰূপে সুৰক্ষিত আছে। কেৱল প্ৰতিবাদ কৰাৰ বাবেই আৰক্ষীৰ লাঠীচালনাক কেতিয়াও সমৰ্থন কৰিব নোৱাৰি আৰু আৰক্ষীৰ এনে আতিশয্যৰ স্বাধীন তদন্ত হোৱা উচিত।
ইয়াৰ মাজতে যোৱা ২৬ জুলাইত অনুষ্ঠিত হোৱা অ‘ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্ছিটীৰ জিন্দাল গ্ল’বেল ল’ স্কুলৰ সমাৱৰ্তন অনুষ্ঠানতো মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থকাৰ কথা আছিল বুলি চৰ্চা চলিছিল। কিন্তু শেষ মুহূৰ্তত তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ নকৰিলে আৰু তেওঁৰ পৰিৱৰ্তে জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে স্নাতক ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।





