‘নিট’ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত ‘পেলেট গান’ ব্যৱহাৰ কৰাক লৈ চি আৰ পি এফৰ গোট ‘ৰেপিড একশ্যন ফ’ৰ্চ’ৰ জোৱানসকল প্ৰশ্নৰ মুখত পৰাৰ পিছত তেওঁলোকৰ সমৰ্থনত আগবাঢ়ি আহিছে চি আৰ পি এফৰ সঞ্চালক প্ৰধান জি পি সিং। জোৱানসকলক উদ্দেশ্যি ডি জি সিঙে স্পষ্ট কৰি দিয়ে যে সুৰক্ষা বল আৰু দেশৰ স্বাৰ্থত নিয়মানুযায়ী কৰ্তব্য পালন কৰোঁতে লোৱা সকলো সিদ্ধান্ত আৰু পদক্ষেপৰ দায়িত্ব তেওঁ স্বয়ং গ্ৰহণ কৰিব।
চি আৰ পি এফৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সোমবাৰে অনুষ্ঠিত এক বিশেষ আলংকৰণ সমাৰোহত ভাষণ প্ৰদান কৰি ডি জি জি পি সিঙে জোৱানসকলক কোনো ভয়-শংকা নোহোৱাকৈ কৰ্তব্য সম্পাদন কৰি যাবলৈ আহ্বান জানায়। তেওঁ কয়, “চি আৰ পি এফৰ ডি জি হিচাপে মই আপোনালোক প্ৰত্যেককে আশ্বাস দিব বিচাৰোঁ যে সেয়া অপাৰেচনেল বেটেলিয়নেই হওক বা আইন-শৃংখলা ৰক্ষাকাৰী গোটেই নহওক কিয়, ৰাইজ, বাহিনী আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত নিৰ্ভাজ নিয়মানুযায়ী নিজৰ কৰ্তব্য সম্পাদন কৰোঁতে আপোনালোকে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰে, সেই সকলো সিদ্ধান্ত আৰু কাৰ্যৰ দায়িত্ব মই নিজে ল’ম। আপোনালোকে নিৰ্ভয়ে কৰ্তব্য পালন কৰি যাওক। য’তেই দায়িত্ব বা জবাবদিহিতা গ্ৰহণৰ প্ৰয়োজন হ’ব, তাত সঞ্চালক প্ৰধান হিচাপে মই নিজে দায়িত্ব ল’ম।”
ইফালে, সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, যোৱা ২০ জুলাইত নিট প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ ব্যৱস্থাগ্ৰহণৰ পাছত চি আৰ পি এফে কৰা এক আভ্যন্তৰীণ পৰ্যালোচনাত দেখা গৈছে যে আৰ এ এফ জোৱানসকলে পৰিস্থিতি চম্ভালিবলৈ গ্ৰহণ কৰা সকলো পদক্ষেপ নিৰ্ধাৰিত ক্ৰিয়া বিধি আৰু নিয়ম-নীতি অনুসৰিয়েই আছিল।
ডি জি সিঙে পুনৰ স্পষ্ট কৰি দিয়ে যে যিকোনো অপাৰেচনেল বা শৃংখলা ৰক্ষাৰ দায়িত্ব পালনৰ সময়ত প্ৰশাসনিক বা আইনী জবাবদিহিতা গ্ৰহণ কৰাৰ প্ৰয়োজন হ’লে চি আৰ পি এফৰ শীৰ্ষ নেতৃত্বই সদায় জোৱানসকলৰ কাষত থিয় দিব।





