• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বান বিভীষিকাৰ মাজতে এটা ভাল খবৰ : কমনৱেলথ গেমছত ছেমি ফাইনেলত জিকি ফাইনেলত প্ৰৱেশ লাভলিনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2026 8:28 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কমনৱেলথ গেমছ ২০২৬ ত নৱম দিনৰ সফল সমাপ্তিৰ পাছত আজি দশম দিনা ভাৰতৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন হ’বলৈ গৈ আছে। শুকুৰবাৰে ভাৰতৰ পদকৰ সংখ্যা ২৩ টালৈ বৃদ্ধি পোৱাৰ পাছত আজি দেশবাসীৰ আশা আৰু অধিক বাঢ়িছে। আজিৰ দিনটোত ভাৰতীয় খেলুৱৈসকলে পদকৰ সংখ্যা ৪০ ৰ সীমা অতিক্ৰম কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিছে। বিশেষকৈ বক্সিঙত আজি ভাৰতৰ বাবে এক বৃহৎ দিন কাৰণ ১০ গৰাকী ভাৰতীয় বক্সাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। যদি সকলোৱে সোণৰ পদক জিনিবলৈ সক্ষম হয়, তেন্তে সেয়া কমনৱেলথ গেমছৰ ইতিহাসত ভাৰতৰ বাবে এক বিৰল অভিলেখ হ’ব।

আজিৰ দিনটোত সমগ্ৰ দেশৰ লগতে অসমবাসীৰ দৃষ্টি নিবদ্ধ থাকিব অসম কন্যা লাভলিনা বৰগোহাঁইৰ ওপৰত। নিশা ১০ বাজি ১৫ মিনিটত মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত লাভলিনা ৰিঙত নামিব। তেওঁৰ উপৰিও প্ৰীতি, জেছমিন, জাদুমণি সিং, সাক্ষী, প্ৰিয়া, অৰুন্ধতী চৌধুৰী, শচীন, অংকুশ পাংঘল আৰু নৰেন্দ্ৰই নিজৰ নিজৰ শাখাৰ ফাইনেল খেলি দেশলৈ সোণৰ পদক অনাৰ চেষ্টা কৰিব। দুপৰীয়া ৩ বাজি ৩০ মিনিটৰ পৰা নিশা পৰ্যন্ত এই বক্সিং প্ৰতিযোগিতাসমূহ চলিব।

Apply Now

বক্সিঙৰ সমান্তৰালকৈ এথলেটিকছ আৰু পেৰা এথলেটিকছতো ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ আজি খেলপথাৰত নামিব। পুৰুষৰ ট্ৰিপল জাম্পৰ ফাইনেলত দুপৰীয়া ২ বাজি ৪০ মিনিটত প্ৰবীণ চিত্ৰভেল আৰু চেলভা প্ৰভুৱে পদকৰ বাবে যুঁজ দিব। আনহাতে মহিলাৰ ১০ হাজাৰ মিটাৰ ৰেচ ৱাক ফাইনেলত প্ৰিয়ংকা গোস্বামী আৰু ৰবিনা গায়কৱাড়ে অংশগ্ৰহণ কৰিব। নিশা পল ভল্টৰ ফাইনেলত দেৱ কুমাৰ মীনা আৰু কুলদীপ কুমাৰে প্ৰদৰ্শন আগবঢ়াব। ইয়াৰ উপৰিও নিশা ১২ বাজি ১৫ মিনিটত গুলবীৰ সিঙে পুৰুষৰ ৫০০০ মিটাৰৰ ফাইনেল আৰু তাৰ পাছতে মিক্সড চাৰিশ মিটাৰ ৰিলে ফাইনেল অনুষ্ঠিত হ’ব। পেৰা এথলেটিকছত সোমন ৰাণা, শুভম জুয়াল আৰু ৰমেশ শণ্মুগমে নিজৰ নিজৰ ইভেণ্টৰ ফাইনেল খেলি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ প্ৰয়াস কৰিব।

নৱম দিনা জুডোত তিনিটা পদক লাভ কৰাৰ পাছত আজি জুডোকাসকলৰ পৰাও যথেষ্ট আশা কৰা হৈছে। উন্নতি শৰ্মা, কৰণজিৎ সিং মান, হৰ্ষ টকাছ আৰু ইনুংগানবীয়ে আজি নিজৰ নিজৰ মেচত অৱতীৰ্ণ হ’ব। আনহাতে ট্ৰেক চাইক্লিঙত দুপৰীয়া ২ বাজি ৩০ মিনিটৰ পৰা ডেভিদ বেকহাম, ৰোনাল্ডো সিং, ৰজিৎ সিং, হৰ্ষবীৰ সিং আৰু দীনেশ কুমাৰে কোৱালিফাইং মেচ খেলিব। একেদৰে লন বলছত পুৰুষৰ পেয়াৰ্ছ শাখাত নৱনীত সিং আৰু দীনেশ কুমাৰে অংশগ্ৰহণ কৰাৰ বিপৰীতে নিশা ১০ বাজি ২০ মিনিটত অসমৰ আন এগৰাকী গৌৰৱ নয়নমণি শইকীয়াই মহিলাৰ ছিংগলছৰ ছেকচনেল প্লে’ত অংশগ্ৰহণ কৰি নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

August 1, 2026 8:34 am
বান বিভীষিকাৰ মাজতে এটা ভাল খবৰ : কমনৱেলথ গেমছত ছেমি ফাইনেলত জিকি ফাইনেলত প্ৰৱেশ লাভলিনাৰ

বান বিভীষিকাৰ মাজতে এটা ভাল খবৰ : কমনৱেলথ গেমছত ছেমি ফাইনেলত জিকি ফাইনেলত প্ৰৱেশ লাভলিনাৰ

August 1, 2026 8:28 am
ক্ষমা পৰম ধৰ্ম! প্ৰয়াত মাতৃক অপমান কৰা সত্ত্বেও যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ক্ষমা পৰম ধৰ্ম! প্ৰয়াত মাতৃক অপমান কৰা সত্ত্বেও যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

August 1, 2026 8:21 am
ৰাছিয়াত প্ৰথম কেন্সাৰ ভেকচিনৰ সফল প্ৰয়োগ; সমগ্ৰ বিশ্বই দেখিছে আশাৰ পোহৰ

ৰাছিয়াত প্ৰথম কেন্সাৰ ভেকচিনৰ সফল প্ৰয়োগ; সমগ্ৰ বিশ্বই দেখিছে আশাৰ পোহৰ

August 1, 2026 8:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

August 1, 2026 8:34 am
বান বিভীষিকাৰ মাজতে এটা ভাল খবৰ : কমনৱেলথ গেমছত ছেমি ফাইনেলত জিকি ফাইনেলত প্ৰৱেশ লাভলিনাৰ

বান বিভীষিকাৰ মাজতে এটা ভাল খবৰ : কমনৱেলথ গেমছত ছেমি ফাইনেলত জিকি ফাইনেলত প্ৰৱেশ লাভলিনাৰ

August 1, 2026 8:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd