মৰক্কোৰ পৰা প্ৰায় ৬০ হাজাৰ শৰণাৰ্থীয়ে স্পেইনৰ দক্ষিণ আফ্ৰিকান ভূখণ্ড চেউটাত প্ৰৱেশ কৰিছে। সেইটোও মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে! সীমান্ত পাৰ হৈ যোৱাৰ সময়তে মৃত্যু হৈছে ৫৭জন লোকৰ। প্ৰশাসনৰ সূত্ৰৰ পৰা এনে খবৰ আহিছে।
স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে এইদৰে ঢলে ঢলে শৰণাৰ্থীৰ প্ৰৱেশক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ শৰণাৰ্থীৰ আগমনক স্পেইনৰ ওপৰত ‘আক্ৰমণ’ বুলি উল্লেখ কৰিছে। তেওঁ দেশবাসীক আশ্বাস দিছে যে সকলো শৰণাৰ্থীক অতি সোনকালে মৰক্কোলৈ ঘূৰাই পঠিওৱা হ’ব।
ইপিনে, ব্ৰিটেইন, ফ্ৰান্সকে ধৰি ইউৰোপৰ কেইবাখনো দেশে স্পেইনৰ শৰণাৰ্থী সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে সহায়ৰ প্ৰতিশ্ৰুতিও দিছে।
জনা যায় যে জিব্ৰাল্টাৰ জলদ্বীপে চেউটাক স্পেইনৰ মূল ভূখণ্ডৰ পৰা পৃথক কৰিছে। ইয়াৰ অৱস্থান মৰক্কোৰ উত্তৰ উপকূলত। শৰণাৰ্থীসকলে ইউৰোপত প্ৰৱেশ কৰিবলৈ প্ৰায়ে চেউটাক বাছি লয়। কিন্তু, হঠাতে তাত দলে-বলে মানুহ আহিল কিয়?
সূত্ৰসমূহৰ মতে ইয়াৰ আঁৰৰ কাৰণ স্পেইনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ। ইয়াৰ শীৰ্ষ আদালতে কৈছিল যে যদি কোনো শৰণাৰ্থীক চেউটা বা মেলিলালৈ যোৱাৰ পথত সাগৰত বাধা দিয়া হয় তেন্তে তেওঁক মৰক্কোলৈ ঘূৰাই পঠিয়াব নোৱাৰি। অনুমান কৰা হৈছে যে ইয়াৰ পিছত চেউটালৈ মানুহ আহিবলৈ ভিৰ আৰম্ভ কৰিছে।
আন এটা সূত্ৰই দাবী কৰিছে যে স্পেইন আৰু মৰক্কোৰ মাজৰ সম্পৰ্ক এতিয়া বেয়া। সেইবাবেই মৰক্কোৱে সীমান্তৰ নিৰাপত্তা শিথিল কৰিছে। সেই সুযোগৰ সুযোগ লৈ হাজাৰ হাজাৰ শৰণাৰ্থীয়ে সীমান্ত অতিক্ৰম কৰিছে।





