স্বাধীন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম চৰ্চিত আয়োগ ‘লিবাৰহান আয়োগ’ৰ মুৰব্বী, প্ৰাক্তন ন্যায়াধীশ মনমোহন সিং লিবাৰহানৰ দেহাৱসান ঘটিছে। ৮৭ বছৰ বয়সত চণ্ডীগড়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দেওবাৰে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েশ্যনৰ সভাপতি ৰোহিত সুদে। সোমবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
দীৰ্ঘ ১৭ বছৰ ধৰি বাবৰি মছজিদ ধ্বংস গোচৰৰ তদন্ত চলাইছিল তেওঁ। দেশৰ ন্যায়িক তদন্তৰ ইতিহাসত আটাইতকৈ দীৰ্ঘম্যাদী আয়োগ হিচাপে পৰিচিতি লাভ কৰিছিল এই ‘এজনীয়া সদস্য’ৰ লিবাৰহান আয়োগে।
১৯৬৪ চনত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল প্ৰাক্তন ন্যায়াধীশ লিবাৰহানে। পৰৱৰ্তী সময়ত হাৰিয়ানাৰ এডভোকেট জেনেৰেল হিচাপে দায়িত্ব পালন কৰাৰ পাছত ১৯৮৭ চনত তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পাছত ১৯৯৭ চনত মাদ্ৰাজ উচ্চ ন্যায়ালয় আৰু ১৯৯৮ চনত অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হয় তেওঁ। ২০০০ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। অৱশ্যে ভাৰতীয় ন্যায় ব্যৱস্থা আৰু ৰাজনীতিৰ ইতিহাসত তেওঁৰ নাম স্থায়ীভাৱে খোদিত হৈ পৰে ১৯৯২ চনৰ এক ঐতিহাসিক দায়িত্বৰ বাবে।
১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাত কৰসেৱকৰ দ্বাৰা বাবৰি মছজিদ ধ্বংস হোৱাৰ ঠিক ১০ দিনৰ পাছত, তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ চৰকাৰে প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ নেতৃত্বত এজনীয়া সদস্যৰ এই তদন্ত আয়োগ গঠন কৰিছিল।
মাত্ৰ ৩ মাহৰ বাবে গঠিত এই তদন্ত আয়োগৰ কাম শেষ হ’বলৈ সময় লাগিছিল দীৰ্ঘ ১৭ বছৰ। এই সময়ছোৱাত আয়োগৰ কাৰ্যকাল ৪৮ বাৰ বৃদ্ধি কৰা হয়। মুঠ ৩১৫ খন বৈঠকত মিলিত হোৱাৰ লগতে প্ৰায় ১০০ জন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰিছিল আয়োগে।
২০০৯ চনৰ ৩০ জুনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ওচৰত নিজৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে ন্যায়াধীশ লিবাৰহানে।
আয়োগৰ প্ৰতিবেদনত স্পষ্টকৈ কোৱা হৈছিল যে, ১৯৯২ চনৰ ৬ ডিচেম্বৰত লালকৃষ্ণ আডৱাণী, মুৰলী মনোহৰ যোশীৰ দৰে বিজেপি নেতাসকলৰ নেতৃত্বত ডেৰ লাখৰো অধিক কৰসেৱক অযোধ্যাত সমবেত হৈছিল। তাৰ মাজৰ পৰাই প্ৰায় ৫ হাজাৰ কৰসেৱকৰ এক উত্তাল জনতাই নিৰাপত্তা বেষ্টনী ভাঙি হাতুৰী আৰু চাবল লৈ মছজিদটো ভাঙি পেলাইছিল। আয়োগে জনোৱা মতে, এই ঘটনা কোনো ক্ষোভৰ আকস্মিক প্ৰকাশ নাছিল, বৰঞ্চ ই আছিল এক সম্পূৰ্ণ ‘সুপৰিকল্পিত বা মেটিকুলাছলি প্লেনড’ ঘটনা।





