• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ী বা বাইকৰ বৈধ বীমা নাথাকিলে এতিয়াৰে পৰা পেট্ৰ'ল পাম্পত ইন্ধন লাভ নকৰিবও পাৰে। মঙলবাৰে ন্যায়ধীশ সঞ্জয় কাৰোল আৰু ন্যায়ধীশ প্ৰশান্ত কুমাৰ মিশ্ৰাৰ বিচাৰপীঠে এই সন্দৰ্ভত পৰীক্ষামূলকভাৱে কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2026 1:21 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাড়ী বা বাইকৰ বৈধ বীমা নাথাকিলে এতিয়াৰে পৰা পেট্ৰ’ল পাম্পত ইন্ধন লাভ নকৰিবও পাৰে। মঙলবাৰে ন্যায়ধীশ সঞ্জয় কাৰোল আৰু ন্যায়ধীশ প্ৰশান্ত কুমাৰ মিশ্ৰাৰ বিচাৰপীঠে এই সন্দৰ্ভত পৰীক্ষামূলকভাৱে কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে। দেশৰ ৰাস্তাত বৈধ বীমা অবিহনে চলাচল কৰা গাড়ীৰ সংখ্যা লক্ষ্য কৰি ন্যায়ালয়ে সমগ্ৰ দেশৰ পেট্ৰ’ল পাম্পসমূহৰ বাবে এক নতুন প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

 

Apply Now

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয় আৰু ‘ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ’ই যুটীয়াভাৱে এক নতুন প্ৰকল্পৰ পৰিকল্পনা কৰিছে। এই প্ৰস্তাৱিত ব্যৱস্থা অনুসৰি, পেট্ৰ’ল পাম্পত ইন্ধন ভৰোৱাৰ আগতে কৰ্মচাৰীসকলে বাহনখনৰ বীমা বৈধ হয় নে নহয় বা তাৰ নৱীকৰণ কৰা হৈছে নে নাই, সেয়া পৰীক্ষা কৰিব পাৰিব। যদি গাড়ীখনৰ বৈধ বীমা নাথাকে, তেন্তে বীমা নৱীকৰণ নকৰা পৰ্যন্ত ইন্ধন যোগান বন্ধ কৰাৰ ব্যৱস্থাও থাকিব। অৱশ্যে, একেবাৰে আৰম্ভণিতে কৰ্মচাৰীসকলে গ্ৰাহকক ইন্ধন দিয়াৰ পৰা বিৰত নাথাকি কেৱল সতৰ্কহে কৰি দিব। ইয়াৰ উপৰিও, পথত ট্ৰেফিক আৰক্ষীয়েও বীমা পৰীক্ষা কৰাৰ ক্ষমতা লাভ কৰিব। যিদৰে ট্ৰেফিক নিয়ম ভংগ কৰিলে ‘স্বয়ংক্ৰিয় নম্বৰ প্লেট চিনাক্তকৰণ’ কেমেৰাৰ জৰিয়তে ধৰা পেলোৱা হয়, একেদৰে বীমাবিহীন বাহনসমূহকো এই প্ৰযুক্তিৰে চিনাক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। লগতে, ট্ৰেফিক আৰক্ষীক তাৎক্ষণিকভাৱে বীমা পৰীক্ষা কৰিবলৈ বিশেষ ম’বাইল এপ বা যন্ত্ৰ প্ৰদান কৰাৰ পৰামৰ্শও আগবঢ়োৱা হৈছে।

 

ইয়াৰ উপৰি, ন্যায়ালয়ে নতুন গাড়ীৰ ক্ষেত্ৰত ‘থাৰ্ড পাৰ্টী বীমা’ৰ ম্যাদ বৃদ্ধিৰো প্ৰস্তাৱ দিছে। ২০১৮ চনৰ নিৰ্দেশ অনুসৰি বৰ্তমান ব্যক্তিগত চাৰিচকীয়া গাড়ীৰ ক্ষেত্ৰত এই ম্যাদ ৩ বছৰ আৰু বাইকৰ ক্ষেত্ৰত ৫ বছৰ, যিটো ন্যায়ালয়ে ক্ৰমে ৪ বছৰ আৰু ৬ বছৰলৈ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছে।

 

উচ্চতম ন্যায়ালয়ে বৈধ বীমা অবিহনে গাড়ী চলোৱাৰ প্ৰৱণতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিত্ত বিষয়ক সংসদীয় স্থায়ী সমিতিৰ ২০২৪-২৫ বৰ্ষৰ প্ৰতিবেদনৰ উদ্ধৃতি দি ন্যায়ালয়ে কয় যে, ভাৰতৰ ৰাস্তাত চলাচল কৰা প্ৰায় ৫৬ শতাংশ গাড়ীৰেই বৈধ বীমা নাই। দেশৰ মুঠ ৩০ কোটি ৪৮ লাখ গাড়ীৰ ভিতৰত প্ৰায় ১৬ কোটি ৫৪ লাখ গাড়ীয়েই বৰ্তমান বীমাৰ আওতাৰ বাহিৰত।

 

ন্যায়ালয়ে কৈছে যে বীমাবিহীন গাড়ী চিনাক্তকৰণৰ এই ব্যৱস্থাৰ দুটা লাভ হ’ব প্ৰথমতে, ইয়াৰ জৰিয়তে বীমাবিহীন বা অপঞ্জীয়নকৃত গাড়ী সহজে চিনাক্ত কৰিব পৰা যাব; দ্বিতীয়তে, ইয়াৰ ফলত গাড়ীৰ গৰাকীসকল বৈধ বীমা বজাই ৰাখিবলৈ বাধ্য হ’ব। ইয়াৰ ফলত পথ দুৰ্ঘটনাত পতিত লোকসকলে সময়মতে ক্ষতিপূৰণ লাভ নকৰাৰ লগতে দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হোৱাৰ সমস্যাটোও কমিব। উল্লেখযোগ্য যে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়েও এই প্ৰস্তাৱত নীতিগতভাৱে কোনো আপত্তি নাই বুলি ন্যায়ালয়ক অৱগত কৰিছে। এই সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ আৰু মানুহক নিয়ম মানি চলিবলৈ বাধ্য কৰোৱাৰ উদ্দেশ্যেই উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক এই কঠোৰ পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd