• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2026 9:24 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদত এতিয়াও বিদেশী অনুদান নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক (FCRA) উত্থাপন হোৱা নাই। চলিত অধিৱেশনতে এই বিধেয়কখন উত্থাপন হোৱাৰ কথা আছে। কিন্তু তাৰ আগতেই আমেৰিকাৰ আইন প্ৰণেতা ৰাইলি মূৰে এই বিধেয়কখনক লৈ নিজৰ উদ্বেগ প্ৰকাশ কৰি এক বিতৰ্কৰ সৃষ্টি কৰিছে।

ৰাইলিৰ এই মন্তব্যৰ কঠোৰ উত্তৰ দিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে এই বিধেয়কখন ভাৰতৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়। অৰ্থাৎ, এই ক্ষেত্ৰত আমেৰিকা বা আন কোনো দেশে হস্তক্ষেপ কৰা উচিত নহয়। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে লগতে আঙুলিয়াই দিছে যে আমেৰিকাকে ধৰি বহুতো দেশে নিজৰ দেশত বিদেশী পুঁজি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰে।

Apply Now

শেহতীয়াকৈ মাৰ্কিন কংগ্ৰেছৰ সদস্য ৰাইলিয়ে দাবী কৰিছিল যে এই বিধেয়কখনৰ জৰিয়তে পোনে পোনে খ্ৰীষ্টানসকলৰ ওপৰত আক্ৰমণ কৰা হৈছে। তেওঁ সতৰ্ক কৰি দিছিল যে এই আইনে ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কতো বেয়া প্ৰভাৱ পেলাব পাৰে। তেওঁ লগতে কয় যে এই বিধেয়কখন আইনলৈ ৰূপান্তৰিত হ’লে চৰকাৰে গীৰ্জা আৰু ধৰ্মীয় সংস্থাসমূহৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰিব। তেওঁৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে শুকুৰবাৰে নতুন দিল্লীয়ে স্পষ্ট কৰি দিয়ে যে আমেৰিকাই ভাৰতৰ আভ্যন্তৰীণ বিষয়ৰ পৰা নিজকে আঁতৰাই ৰখাই ভাল। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতৰ আইন প্ৰণয়নৰ বিষয়টো আমাৰ নিজৰ কথা আৰু এই সম্পৰ্কীয় সিদ্ধান্ত কেৱল আমাৰ সংসদেহে ল’ব।

নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতলৈ অহা বিদেশী অনুদান কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে এই বিধেয়কখন অনাৰ কথা ভাবিছে। আগৰ পৰাই ভাৰতত এনে আইন আছে যদিও নতুন সংশোধনীটো ২০১০ চনৰ আইনৰ ওপৰত ভিত্তি কৰি প্ৰণয়ন কৰা হ’ব। এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিদেশৰ পৰা অহা ধন আৰু সেই ধনেৰে নিৰ্মাণ কৰা সম্পত্তিৰ ওপৰত কঠোৰ চকু ৰাখিব বিচাৰিছে। নিয়ম অনুসৰি, বিদেশী অনুদানৰ জৰিয়তে সৃষ্টি হোৱা সম্পত্তি প্ৰাথমিকভাৱে চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব। লগতে কোনো সংস্থাই যদি নিজৰ পঞ্জীয়ন নবীকৰণ নকৰে, তেন্তে তেওঁলোকৰ অনুদান পোৱাৰ অধিকাৰ বাতিল হ’ব আৰু চৰকাৰে সম্পত্তিও বাজেয়াপ্ত কৰিব পাৰে। ইফালে এই বিধেয়কখনক লৈ দেশৰ ভিতৰতো তীব্ৰ বিৰোধিতা দেখা গৈছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে ইয়াৰ বিৰোধিতা কৰিব বুলি জানিবলৈ দিছে। আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত আপত্তি দৰ্শাইছে যদিও গৃহমন্ত্ৰীয়ে তেওঁক আশ্বাস দিছে যে নতুন বিধেয়কখন গৃহীত হ’লেও ইয়াৰ ফলত পূৰ্বৰ নীতিত কোনো প্ৰভাৱ নপৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am
বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

August 8, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd