• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত সময়ক এই অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2026 10:34 am
171
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ কাষত থিয় দিছে কমেডিয়ান সময় ৰাইনাই। বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ লাখ টকাৰ অনুদান আগবঢ়াইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত সময়ক এই অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সময়ৰ লগতে অভিনেত্ৰী ভূমি পেডনেকাৰ আৰু ৰনদীপ হুদাও অসমত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে।

Apply Now

অসমৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ লাখ টকাৰ সাহায্য আগবঢ়াইছে সময় ৰাইনাই। অসমৰ মুখ্যমন্ত্রী কার্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলতো প্রকাশ কৰা হৈছে সময়ে কৰা আৰ টি জি এছৰ লেনদেনৰ স্ক্ৰীণশ্বট।

ইয়াত লিখা হৈছে, ‘অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ শ্ৰী সময় ৰাইনাৰ অৱদান স্বীকাৰ কৰিছে।’

হিমন্ত বিশ্ব শৰ্মাইও তেওঁৰ এক্স হেণ্ডেলৰ পৰা সময়ক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লিখিছে, ‘অসমৰ এই কঠিন সময়ত সাহায্যৰ কামত অৰিহণা যোগোৱাৰ বাবে ধন্যবাদ সময়।’

অসমৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক। এইবাৰৰ বানপানীৰ ফলত এতিয়াও ১ লাখ ৫৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮ লৈ বৃদ্ধি পাইছে।ৰাজ্যৰ মুঠ ১,৫৫,৮৪৯ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

অসমৰ সৈতে সময় ৰাইনাৰ সম্পৰ্ক নতুন নহয়। ২০২৫ চনত তেওঁৰ জনপ্ৰিয় অনুষ্ঠান ‘ইণ্ডিয়াজ গট লেটেণ্ট’ক লৈ বিতৰ্কৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্ব’টোৰ বিষয়বস্তুক সমালোচনা কৰিছিল।

তাৰ পিছত অসম আৰক্ষীয়ে অশ্লীলতা আৰু আপত্তিজনক চৰ্চাৰ অভিযোগত সময় ৰাইনা, ইউটিউবাৰ ৰণবীৰ আল্লাহবাদিয়াকে ধৰি আন কেইজনমানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এইবাৰ অসমৰ মুখ্যমন্ত্রীয়ে সময়ক ১০ লাখ টকাৰ অনুদানৰ বাবে ধন্যবাদ জনোৱাৰ পাছত ছ’চিয়েল মিডিয়াত আন এক আলোচনা আৰম্ভ হ’ল৷ বহু লোকে মুখ্যমন্ত্রীৰ পদৰ কমেণ্ট বক্সত সময়ৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ প্রত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে৷ এজনে লিখিছে, ‘অনুগ্ৰহ কৰি সময় ভাইটিৰ গোচৰটো প্ৰত্যাহাৰ কৰক ছাৰ।’

সময় ৰাইনাৰ লগতে অভিনেতা ৰনদীপ হুদা আৰু ভূমি পেডনেকাৰেও অসমৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ৰনদীপ হুদাই অসমৰ বানপীড়িত জিলাসমূহত উপস্থিত হৈ শিৱসাগৰৰ এটা স্বেচ্ছাসেৱী সংগঠনে আয়োজন কৰা সাহায্য কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পাকঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ নাও এখনত তেওঁক ঘৰে ঘৰে গৈ থকা দেখা গৈছিল। আনকি ৰনদীপে আঁঠুলৈকে পানীৰ মাজেৰে খোজ কাঢ়ি গৈও সাহায্য দিছিল।

असम के इस कठिन समय में, हमारी राहत कार्यों में योगदान करने के लिए धन्यवाद, समय! https://t.co/NL3MwR2tEx

— Himanta Biswa Sarma (@himantabiswa) August 8, 2026

আনহাতে, ভূমি পেডনেকাৰেও অসমত উপস্থিত হৈ বান সাহায্যৰ কামত অংশ লৈছিল। দলৰ সৈতে পানীৰ মাজেৰে খোজ কাঢ়ি, নাৱেৰে বানপানীৰ ফলত বিচ্ছিন্ন হৈ থকা ঘৰবোৰত উপস্থিত হৈ সাহায্য সামগ্ৰী বিতৰণ কৰা দেখা গৈছিল। ভাৰত দুৰ্যোগ সাহায্য ন্যাসৰ (বিডিআৰএফ) সৈতে অসমলৈ আহিছিল অভিনেত্ৰীগৰাকী।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd