• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2026 8:22 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত পুনৰ উজলি উঠিছে অসমৰ জীয়ৰী। দেওবাৰে অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ ২০২৬ (Korea Masters 2026) বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত অসম কন্যা অস্মিতা চলিহাই শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ফাইনেলত চীনৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হান কিয়ান ছিক ধৰাশায়ী কৰি তেওঁ নিজৰ কেৰিয়াৰৰ প্ৰথমটো বিডব্লিউএফ (BWF) ৱৰ্ল্ড ট্যুৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

 

Apply Now

শ্বাসৰুদ্ধকৰ ফাইনেল মেচখনৰ আৰম্ভণিতে চীনৰ খেলুৱৈগৰাকীয়ে আধিপত্য বিস্তাৰ কৰি মেচখন নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু পৰৱৰ্তী সময়ত অস্মিতাই সুন্দৰ প্ৰত্যাৱৰ্তন ঘটায় আৰু প্ৰতিপক্ষক কোনো সুযোগ নিদিয়াকৈ দ্বিতীয় আৰু তৃতীয় গেমত (Game) উন্নতমানৰ খেল প্ৰদৰ্শন কৰে। অৱশেষত অস্মিতাই মেচখন ১৪-২১, ২১-১৪, ২১-১৪ পইণ্টৰ ব্যৱধানত নিজৰ দখললৈ নিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ২৬ বছৰীয়া খেলুৱৈগৰাকীয়ে কোৱালিফায়াৰ মেচত ৰিৰিনা হিৰামোটো আৰু ছেমিফাইনেলত কিম মিন-জীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।

 

অস্মিতাৰ এই ঐতিহাসিক জয়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক্স (X) যোগে অভিনন্দন জ্ঞাপন কৰি কয়, “চীনৰ হান কিয়ান ছিক পৰাস্ত কৰি বিডব্লিউএফ কোৰিয়া মাষ্টাৰ্ছত প্ৰথমবাৰৰ বাবে ‘ৱৰ্ল্ড ট্যুৰ’ (World Tour) খিতাপ দখল কৰা অসম তথা ভাৰতৰ উদীয়মান বেডমিণ্টন তাৰকা অস্মিতা চলিহালৈ আন্তৰিক অভিনন্দন জনাইছো।”

 

একেদৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমত শুভেচ্ছা জনাই লিখে, “আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ জীয়ৰীৰ বিজয়ধ্বজা। কোৰিয়া মাষ্টাৰ্ছ ২০২৬ত মহিলাৰ একক শাখাৰ ফাইনেলত চীনৰ খেলুৱৈ হান কিয়ান ছিক পৰাস্ত কৰি চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ জৰিয়তে অভূতপূৰ্ব জয় সাব্যস্ত কৰা অসম কন্যা অস্মিতা চলিহাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছো।”

 

উল্লেখ্য যে, সোঁ-আঁঠুৰ আঘাতৰ বাবে প্ৰায় তিনিমাহ ধৰি খেলৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা অস্মিতাই যোৱা মে’ মাহতহে পুনৰ অনুশীলন আৰম্ভ কৰিছিল। বৰ্তমান বিশ্ব ৰেংকিঙত ৫০ নম্বৰ স্থানত থকা অস্মিতাই গুৱাহাটীৰ ‘নেশ্যনেল চেণ্টাৰ অৱ এক্সেলেন্স’ত প্ৰশিক্ষক পাৰ্ক টাই ছাঙৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

 

জয়ৰ পিছত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অস্মিতাই কয়, “প্ৰথম অৱস্থাত ডিফেণ্ড কৰাটো মোৰ বাবে অলপ কঠিন আৰু কৌশলী আছিল। কিন্তু দ্বিতীয় গেমত প্ৰতিপক্ষই অলপ আৰামদায়কভাৱে খেলিছিল আৰু তাৰ পাছতে মই খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিলো।”

 

ভাৰতৰ দুগৰাকী খেলুৱৈ দেৱীকা সীহাগ আৰু তনৱী শৰ্মাৰ পাছত কোৰিয়া মাষ্টাৰ্ছ ছুপাৰ ৩০০ খিতাপ দখল কৰা অস্মিতা চলিহা হৈছে তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈ। এই বিজয়েৰে তেওঁ চলিত বৰ্ষত একক বিডব্লিউএফ খিতাপ দখল কৰা চতুৰ্থগৰাকী ভাৰতীয় মহিলা হিচাপেও পৰিগণিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm
বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd