• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2026 9:02 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতা দিৱসত লালকিল্লাৰ মূল চৰকাৰী অনুষ্ঠানত এইবাৰ এক নতুন অধ্যায় সংযোজন হ’বলৈ গৈ আছে। ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে লালকিল্লাৰ ৰাষ্ট্ৰীয় মঞ্চত গোৱা হ’ব ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত এই সিদ্ধান্তৰ কথা জনোৱা হৈছে। একে সময়তে ২০২৬ চনৰ লালকিল্লাৰ স্বাধীনতা দিৱস উদযাপনৰ মূল বিষয়বস্তু বা থীম হিচাপে ‘যুৱ শক্তি’ক নিৰ্বাচন কৰা হৈছে। সমগ্ৰ দেশজুৰি চলি থকা ব্যাপক ছাত্ৰ আন্দোলনৰ পটভূমিত ৰাজনৈতিক মহলে ইয়াক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে।

 প্ৰতি বছৰে ১৫ আগষ্টত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত পৰম্পৰা অনুসৰি কেৱল ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ গোৱা হৈছিল। কিন্তু এইবাৰৰ পৰা সেই নিয়মৰ সলনি হ’ব। নতুন কাৰ্যসূচী অনুসৰি, ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত প্ৰথমে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱা হ’ব আৰু তাৰ পিছতহে ৰাষ্ট্ৰীয় সংগীত বজোৱা হ’ব। বংকিমচন্দ্ৰ চট্টোপাধ্যায় ৰচিত এই কালজয়ী দেশপ্ৰেমমূলক গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। খবৰ অনুসৰি, এইবাৰৰ স্বাধীনতা দিৱসৰ চৰকাৰী নিমন্ত্ৰণী পত্ৰতো ‘বন্দে মাতৰম’ৰ ছটা স্তৱক অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখ্য যে, ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰী অনুষ্ঠানত ‘বন্দে মাতৰম’ পৰিৱেশনৰ এক নিৰ্দিষ্ট সময়সীমা আৰু নীতি-নিয়ম কেন্দ্ৰই জাৰি কৰিছিল। সেই নিয়ম অনুসৰি, ৩ মিনিট ১০ ছেকেণ্ড বা ১৯০ ছেকেণ্ডত গীতটোৰ ছটা স্তৱক গাব লাগিব। ৰাষ্ট্ৰীয় পতাকাৰ দৰেই ৰাষ্ট্ৰীয় গীতৰ অৱমাননাকো কঠোৰ শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰিবলৈ শেহতীয়াকৈ সংসদত এখন বিশেষ বিধেয়কো মোদী চৰকাৰে গৃহীত কৰিছে।

Apply Now

 ‘বিকশিত ভাৰত’ গঠনত তৰুণ প্ৰজন্মৰ ভূমিকাক স্বীকৃতি দিবলৈকে এইবাৰৰ মূল ভাৱনা ‘যুৱ শক্তি’ ৰখা হৈছে। শেহতীয়াকৈ দেশজুৰি প্ৰশ্নকাকত ফাদিল কাণ্ডৰ ফলত সৃষ্টি হোৱা ব্যাপক ছাত্ৰ প্ৰতিবাদৰ সন্মুখীন হৈ তদানীন্তন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলগীয়া হৈছিল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ আমোলত এইটোৱেই প্ৰথম ঘটনা য‘ত এজন পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে চাপৰ মাজত পদত্যাগ কৰিবলগীয়া হয়। এনে পৰিস্থিতিত তৰুণ সমাজলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিবলৈ কেন্দ্ৰই দেশ গঠনত ছাত্ৰ আৰু যুৱপ্ৰজন্মৰ গুৰুত্ব দাঙি ধৰিব বিচাৰিছে। সেই কাৰ্যসূচীৰ অংশ হিচাপে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিত অলিম্পিয়াডত এইবাৰ পদক জয় কৰা ১৯ জন কৃতী শিক্ষাৰ্থী আৰু দিল্লীৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক লালকিল্লাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত ৰখা হ’ব।

 আনহাতে, প্ৰতিৰক্ষা সচিব আৰ কে সিঙে নিশ্চিত কৰিছে যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। আইন অনুসৰি বিৰোধী দলপতিৰ পদটো কেবিনেট মন্ত্ৰীৰ সমতুল্য হোৱাৰ বাবে, পদমৰ্যাদাৰ প্ৰট’কল মানি কেবিনেট মন্ত্ৰীসকলৰ ঠিক পিছতেই তেওঁৰ আসন সংৰক্ষিত কৰি ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd