• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ড’নাল্ড ট্ৰাম্পে সামৰিক বিমানত উঠি আমেৰিকালৈ উভতি আহিছিল, আনকি নিৰাপত্তাজনিত কাৰণত খাদ্য যোগান ধৰা ট্ৰাক এখনতো লুকাই থাকিবলগীয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 1:44 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁক ‘হত্যা’ কৰা হ’ব পাৰে। ইৰাণৰ হিট লিষ্টত তেওঁৰ নাম আছে। এমাহমান পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এনে আশংকা প্ৰকাশ কৰিছিল। কেৱল সেয়াই নহয়, যোৱা মাহত তুৰস্কৰ পৰা আমেৰিকালৈ উভতি অহাৰ সময়ত তেওঁ কাটাৰৰ পৰা উপহাৰ পোৱা নিজৰ বিমানখনৰ সলনি ত্ৰিশ বছৰ পুৰণি বিমান এখনত উভতি আহিছিল।

ড’নাল্ড ট্ৰাম্পৰ খৰখেদাকৈ বিমান সলনি কৰাক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত আলোড়নৰ সৃষ্টি হয়। এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমান সলনিৰ বিষয়ে আৰু কিছু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। জনা যায় যে ড’নাল্ড ট্ৰাম্পে সামৰিক বিমানত উঠি আমেৰিকালৈ উভতি আহিছিল, আনকি নিৰাপত্তাজনিত কাৰণত খাদ্য যোগান ধৰা ট্ৰাক এখনতো লুকাই থাকিবলগীয়া হৈছিল। এই কথা দাবী কৰিছে আমেৰিকাৰ সংবাদ মাধ্যম ৱাশ্বিংটন পোষ্টে।

Apply Now

জনা যায় যে নাটোৰ সন্মিলনৰ বাবে তুৰস্কলৈ যোৱাৰ সময়ত কাটাৰে প্ৰদান কৰা বয়িং ৭৪৭-৮ বিমানেৰে যাত্ৰা কৰিছিল ড’নাল্ড ট্ৰাম্পে। অৱশ্যে তেওঁ উভতি অহাৰ সময়ত এয়াৰ ফৰ্চ ৱানৰ পুৰণি বিমান এখনেৰে উভতি আহিব বুলি জনাইছিল। কেমেৰাৰ সন্মুখত তেওঁ বিমানত উঠাও দেখা গৈছিল। কিন্তু সেইটো আচলতে আছিল এক ছদ্মবেশী ব্যৱস্থা।

ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদন অনুসৰি ট্ৰাম্পক বিমানৰ তলৰ পৰা খাদ্য পৰিবহণৰ বাবে ব্যৱহাৰ কৰা বিশেষ গাড়ীত উলিয়াই অনা হৈছিল। ইয়াৰ পিছতে তেওঁক গাড়ীৰে আন এখন বিমানলৈ লৈ যোৱা হয়। সেই তৃতীয়খন বিমানত তেওঁ গোপনে ব্ৰিটেইনলৈ উৰা মাৰিছিল।

ইয়াৰ পূৰ্বেও ৱাশ্বিংটন পোষ্টে এই গোপন অভিযান সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল। প্ৰতিবেদনত কোৱা হৈছে যে ট্ৰাম্পক কঢ়িয়াই অনা তৃতীয়খন বিমান আছিল বয়িং ৭৫৭ৰ সামৰিক সংস্কৰণ চি-৩২এ।এই সন্দৰ্ভত হোৱাইট হাউছৰ মুখপাত্ৰই ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগেও সকলো প্ৰশ্ন হোৱাইট হাউছলৈ প্ৰেৰণ কৰিছে।

আনহাতে, মূল টোপ হিচাপে ব্যৱহাৰ কৰা পুৰণি এয়াৰ ফৰ্চ ৱান বিমানখন সাংবাদিক আৰু হোয়াইট হাউছৰ একাংশ কৰ্মচাৰী কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা হৈছিল। নিৰাপত্তাজনিত কাৰণত বিমান চলাচলৰ সময়ত প্ৰেছ কেবিনৰ পৰ্দা সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ বাবে কঠোৰ নিৰ্দেশনা দিয়া হৈছিল। সাংবাদিকসকলে গম পোৱা নাছিল যে ৰাষ্ট্ৰপতি তেওঁলোকৰ বিমানত নাই।

ডিক’ই বা টোপ হিচাপে ব্যৱহাৰ কৰা এই বিমানখন ট্ৰাম্পৰ বিমান আহি পোৱাৰ কেইমিনিটমান পিছতে ব্ৰিটেইনত অৱতৰণ কৰে। পিছত এটা প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে কেৱল সাংবাদিকৰ আগত কয় যে তেওঁলোক অতি বিপজ্জনক বিমানত উঠিছে। ইয়াৰ উপৰিও ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত কয় যে তেওঁ পুৰণি বিমানখন পুৰণি সময়ৰ কথা মনত পেলাবলৈ আৰু ব্ৰিটেইনৰ আৰ এ এফ মিলডেনহলত নিয়োজিত আমেৰিকাৰ সৈন্যক দেখুৱাবলৈ ব্যৱহাৰ কৰিছিল। মূলতঃ আক্ৰমণকাৰীক অন্যমনস্ক কৰি তুলিবলৈ ই আছিল এক সুপৰিকল্পিত টোপ।

তুৰস্কৰ পৰা ট্ৰাম্পক গোপনে অঁতৰাই অনাৰ ঘটনাই বুজাইছে যে আমেৰিকাৰ বিষয়াসকলে ইৰাণৰ পৰা অহা ভাবুকিক গুৰুতৰ আৰু বিশ্বাসযোগ্য বুলি গণ্য কৰিছিল। নিউয়ৰ্ক টাইমছে পূৰ্বে প্ৰকাশ কৰিছিল যে ট্ৰাম্পে যাত্ৰা কৰা বিমানখন আক্ৰমণৰ সম্ভাৱ্য লক্ষ্য হ’ব পাৰিলেহেঁতেন।

ট্ৰাম্পৰ গোপন তৃতীয় বিমানৰ বিষয়ে সোধাত হোৱাইট হাউছৰ যোগাযোগ সঞ্চালক ষ্টিভ চেউঙে কয় যে কাটাৰে প্ৰদান কৰা বিমানখনত ৰাষ্ট্ৰপতি আৰু তেওঁৰ কৰ্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে উচ্চ পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থা আছে। তেওঁ কয়, “শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে কোৱাৰ দৰে তেওঁক আমেৰিকাৰ বহু শত্ৰুৱে লক্ষ্য কৰি লৈছে। আমি এই ভাবুকিসমূহ প্ৰতিহত কৰিবলৈ আমাৰ হাতত থকা সকলো সঁজুলি ব্যৱহাৰ কৰিছো।” হোয়াইট হাউছেও ৱাশ্বিংটন পোষ্টক একেধৰণৰ বিবৃতি দিছিল। এই সন্দৰ্ভত পেন্টাগনে ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই।

ট্ৰাম্পে ১৯৯০ চনৰ পৰা আমেৰিকাত এয়াৰ ফৰ্চ ৱান হিচাপে ব্যৱহাৰ কৰা পুৰণি বয়িং ৭৪৭ বিমানৰ অৱস্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। পিছলৈ তেওঁ যোৱা বছৰ কাটাৰৰ ৰাজকীয় পৰিয়ালৰ পৰা উপহাৰ হিচাপে পোৱা এখন বিলাসী বিমান দ্ৰুতভাৱে মেৰামতি কৰি এয়াৰ ফৰ্চ ৱান হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।

যোৱা ১ জুলাইত প্ৰথমবাৰৰ বাবে ট্ৰাম্পক লৈ নৰ্থ ডাকোটাত উপস্থিত হয়। মাত্ৰ কেইদিনমানৰ পিছতে তেওঁ বিমানেৰে প্ৰথম বিদেশ ভ্ৰমণত তুৰস্কলৈ উৰা মাৰে। হোয়াইট হাউছে কয় যে নতুন এয়াৰ ফৰ্চ ৱান হৈছে এখন অত্যাধুনিক বিমান, য’ত উচ্চমানৰ নিৰাপত্তা ব্যৱস্থা সজ্জিত হৈ আছে। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু তেওঁৰ কৰ্মচাৰীসকলৰ সুৰক্ষা নিশ্চিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd