মানৱতাবিৰোধী অপৰাধৰ গোচৰত ছিৰিয়াৰ ক্ষমতাচ্যুত প্ৰাক্তন ৰাষ্ট্ৰপতি বাশ্বাৰ আল আছাদক দামাস্কাছৰ আদালতে দোষী সাব্যস্ত কৰিছে। দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এইবাৰ দোষী সাব্যস্ত হোৱা আছাদক মৃত্যুদণ্ডৰ নিৰ্দেশ দিলে বিচাৰকে। ছিৰিয়াত গৃহযুদ্ধৰ ফলত ২০২৪ চনৰ ডিচেম্বৰ মাহত বাশ্বাৰৰ একনায়কত্ববাদৰ পতন ঘটিছিল আৰু আহমেদ আল-শ্বাৰাৰ নেতৃত্বত নতুন চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বাশ্বাৰৰ বিৰুদ্ধে এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
দীৰ্ঘদিনীয়া গৃহযুদ্ধ আৰু বাশ্বাৰৰ পতন
২০০০ চনত ছিৰিয়াৰ ৰাষ্ট্ৰপতিৰ আসনত বহিছিল বাশ্বাৰ আল আছাদ। তেওঁৰ পূৰ্বে তেওঁৰ পিতৃয়ে দীৰ্ঘদিন ধৰি সেই পদত আছিল। ২০১১ চনৰ পৰা ছিৰিয়াত বাশ্বাৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিদ্ৰোহ আৰম্ভ হয়, যাৰ ফলত দেশখনত এক ৰক্তক্ষয়ী গৃহযুদ্ধৰ সূত্ৰপাত ঘটে। এই গৃহযুদ্ধৰ পৰিণতিতে ২০২৪ চনৰ ডিচেম্বৰ মাহত বাশ্বাৰৰ ‘সাম্ৰাজ্য’ৰ পতন হয়। আহমেদ আল-শ্বাৰাৰ নেতৃত্বত নতুন চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে বাশ্বাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।
দামাস্কাছৰ এখন ফৌজদাৰী আদালতত এই বিচাৰ প্ৰক্ৰিয়া চলিছিল। কেৱল বাশ্বাৰেই নহয়, তেওঁৰ এজন আত্মীয় আতেফ নাজিবকো আদালতে ফাঁচীৰ শাস্তি প্ৰদান কৰিছে। বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত নাজিব আদালতত সশৰীৰে উপস্থিত আছিল। পূৰ্বপৰিকল্পিত হত্যা আৰু নিৰ্যাতনৰ গুৰুতৰ অভিযোগত তেওঁক দোষী সাব্যস্ত কৰা হৈছে।
বিদ্ৰোহীৰ আগ্ৰাসন আৰু ৰাছিয়ালৈ পলায়ন
লেবাননত ইজৰাইল আৰু ইৰাণ সমৰ্থিত সশস্ত্ৰ গোষ্ঠী হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি আৰম্ভ হোৱাৰ লগে লগে পৰিস্থিতিয়ে নতুন মোৰ লয়। ২০২৪ চনৰ ২৭ নৱেম্বৰত ছিৰিয়াৰ তদানীন্তন ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে বিদ্ৰোহী গোষ্ঠী হায়াত তাহৰিৰ আল শ্বামে। লাহে লাহে তেওঁলোকে দামাস্কাছৰ দিশে আগবাঢ়ি গৈ এখনৰ পাছত আনখন চহৰ নিজৰ দখললৈ আনে।
অৱশেষত বিদ্ৰোহীসকল ৰাজধানী দামাস্কাছত প্ৰৱেশ কৰে। অৱশ্যে তাৰ পূৰ্বেই নিজৰ পতন নিশ্চিত দেখি বাশ্বাৰে সপৰিয়ালে দেশ এৰি ৰাছিয়ালৈ পলাই যায়। বৰ্তমান তেওঁলোকে ৰাছিয়াতেই এক গোপন স্থানত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে।
গুৰুতৰ অভিযোগ আৰু মানৱাধিকাৰ উলংঘা
ছিৰিয়াত গৃহযুদ্ধ চলি থকাৰ সময়ত বাশ্বাৰ চৰকাৰৰ বিৰুদ্ধে নিৰ্মম হত্যাকাণ্ড, অকথ্য নিৰ্যাতন, বিনা কাৰণত বিৰোধীসকলক আৱদ্ধ কৰি ৰখাকে ধৰি নানা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। চৰকাৰী বাহিনীয়ে সাধাৰণ নাগৰিকৰ বিৰুদ্ধে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰাৰো অভিযোগ আছিল। ইয়াৰ পূৰ্বে, ২০১৩ চনৰ ৰাসায়নিক আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত বাশ্বাৰৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল। আদালতৰ এই ৰায়দানে ছিৰিয়াৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰা বুলি চৰ্চা চলিছে।





