ঝাৰখণ্ড বিধানসভা অভিযানৰ সময়ত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা লাঠিচালনা, জলকামান আৰু কন্দুৱা গেছ প্ৰয়োগৰ প্ৰতিবাদত মঙ্গলবাৰে সমগ্ৰ ঝাৰখণ্ডত ১২ ঘণ্টীয়া বন্ধ পালিত হয়। ৰাঁচী ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰে। ঝাৰখণ্ড বিজেপিয়ে আহ্বান জনোৱা এই বন্ধৰ সময়ত ৰাঁচীৰ গুৰুত্বপূৰ্ণ পথসমূহ অৱৰোধ কৰাৰ লগতে টাইয়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে কেইবাঠাইতো আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হেঁচা-ঠেলা আৰু সংঘাতৰ সৃষ্টি হয়। ইয়াৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হোৱাৰ লগতে যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিল আৰু অধিকাংশ স্কুল তথা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাঁচীৰ কাংকে ৰোড, কিশোৰগঞ্জ, আৰগোৰা আৰু নিউক্লিয়াছ মল আদি অঞ্চলত বিজেপি কৰ্মীসকলে দীঘলীয়া সময় ধৰি পথ অৱৰোধ কৰে। ঝাৰখণ্ড বিজেপিৰ ৰাজ্যিক সভাপতি আদিত্য সাহুৱে শিক্ষাৰ্থীসকলৰ ওপৰত আৰক্ষীৰ এই পদক্ষেপক বৰ্বৰ অত্যাচাৰ বুলি আখ্যা দিয়ে। হেমন্ত সোৰেণ চৰকাৰক সমালোচনা কৰি তেওঁ অভিযোগ কৰে যে চৰকাৰে শিক্ষাৰ্থীসকলৰ ন্যায্য ক্ষোভ সমাধান কৰাৰ পৰিৱৰ্তে অন্যায় বলপ্ৰয়োগৰ পথ বাছি লৈছে। অৱশ্যে এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাসমূহক এই বন্ধৰ আওতাৰ পৰা আঁতৰাই ৰখা হৈছিল।
ইফালে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমৰে পৰাই স্পষ্ট কৰি দিছে যে তেওঁলোকৰ এই আন্দোলন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়। আন্দোলনকাৰী ছাত্ৰনেতা পীযূষে জনায় যে তেওঁলোকৰ দাবী সমৰ্থন কৰা যিকোনো লোকক তেওঁলোকে স্বাগতম জনাইছে, কিন্তু কোনো ৰাজনৈতিক সংগঠনক দলীয়ভাৱে সমৰ্থন নকৰে। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য হৈছে নিজৰ দাবীসমূহ আদায় কৰা। পৰৱৰ্তী ৰণকৌশল নিৰ্ধাৰণ কৰিবলৈ আন্দোলনকাৰীসকল বৈঠকত বহিছে আৰু তেওঁলোকে পোনপটীয়াকৈ মুখ্যমন্ত্রী হেমন্ত সোৰেণৰ সৈতেহে আলোচনা কৰিব বিচাৰে বুলি স্পষ্ট কৰি দিয়ে।
জেপিএছচি আৰু জেএছএছচি পৰীক্ষাত ব্যাপক অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ অভিযোগত যোৱা ২৫ জুলাইৰ পৰা শিক্ষাৰ্থীসকলে ধাৰাবাহিক আন্দোলন চলাই আহিছে। সোমবাৰে হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে বিধানসভা অভিমুখে যাত্ৰা আৰম্ভ কৰে। এটাৰ পিছত এটাকৈ তিনিটা গেটৰ ব্যৰিকেড ভাঙি চতুৰ্থ গেট পোৱাৰ লগে লগে আৰক্ষীয়ে প্ৰতিৰোধ গঢ়ি তোলে আৰু লাঠিচালনা, জলকামান তথা কন্দুৱা গেছ প্ৰয়োগ কৰে। এই সংঘাতত ১৪ গৰাকী আৰক্ষী কৰ্মী আহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছে।
এই প্ৰতিবাদী মিছিলত অংশগ্ৰহণকাৰীসকলে বিচিত্ৰ উপায় অৱলম্বন কৰা দেখা যায়। কোনোবাই গৰিলাৰ ছদ্মবেশত, আকৌ কোনোবাই খালী গাত ভিক্ষাপাত্ৰ লৈ মিছিলত অংশ লয়। আনকি মুম্বাইৰ পৰা অহা এজন যুৱকে পুষ্পা চলচ্চিত্ৰৰ চৰিত্ৰৰ পোছাক পিন্ধি প্ৰতিবাদত যোগ দিয়ে। অনাকাংক্ষিত পৰিস্থিতিৰ মাজতে যোৱা ৯ দিন ধৰি অনশন চলাই থকা ছাত্ৰনেতা দেৱেন্দ্ৰনাথ মাহাতো গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা স্থিৰ বুলি স্বাস্থ্য মন্ত্ৰীৰ দফাতৰৰ পৰা জানিবলৈ দিয়া হৈছে।
সোমবাৰে গভীৰ নিশা কোনো নিৰাপত্তা অবিহনে ঝাৰখণ্ডৰ স্বাস্থ্য মন্ত্ৰী ড° ইৰফান আনছাৰী ৰাঁচীৰ সদৰ হাস্পতালত উপস্থিত হৈ চিকিৎসাধীন ছাত্ৰনেতা দেৱেন্দ্ৰনাথ মাহাতো আৰু অন্যান্য আহত শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ বুজ লয়। আনফালে, ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকেই চিকিৎসালয়ত থকা দেৱেন্দ্ৰনাথলৈ ভিডিঅ’ কল কৰি সমবেদনা জনায় আৰু আৰক্ষীৰ অত্যাচাৰৰ তীব্ৰ নিন্দা কৰে। শিক্ষাৰ্থীসকলৰ মূল দাবী হৈছে পৰীক্ষা ব্যৱস্থাত পূৰ্ণ স্বচ্ছতা অনা, বিবাদমান পৰীক্ষাসমূহ বাতিল কৰা আৰু চিবিআই বা অৱসৰপ্ৰাপ্ত বিচাৰপতিৰ দ্বাৰা নিৰপেক্ষ তদন্ত কৰোৱা। এই দাবীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও সমৰ্থন জনাই বিধানসভা অভিমুখে পুনৰ মিছিলৰ কথা ঘোষণা কৰিছে।





