ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত আন্তঃগাঁথনি উন্নয়ন, যুৱ কল্যাণ আৰু প্ৰশাসনিক বিষয়ৰ ওপৰত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এখন সংবাদমেল যোগে কেবিনেটৰ এই সিদ্ধান্তসমূহ সদৰী কৰা হয়, য’ত গুৱাহাটীৰ সমীপত এখন নতুন ছেটেলাইট চিটি নিৰ্মাণৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াৰ নিয়মলৈকে বহুকেইটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।
কেবিনেটে গুৱাহাটী বিমানবন্দৰৰ কাষত এখন ছেটেলাইট চিটি নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। প্ৰায় চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ ভূমি অধিগ্ৰহণৰ বাবে চৰকাৰে ২১০০ কোটি টকা মুকলি কৰি দিছে। আনহাতে, জাগীৰোডত নিৰ্মীয়মাণ টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডৰ জৰিয়তে এখন ‘তাজ গেটৱে’ নামৰ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবেও লিজ চুক্তিত অনুমোদন জনাইছে। ইয়াৰ বাবে হিন্দুস্তান পেপাৰ কৰ্পৰেচনৰ পুৰণি মাটি ব্যৱহাৰ কৰা হ’ব। ইয়াৰ লগতে কেবিনেটে নামৰূপত ২৫ মেগাৱাটৰ এটা সৌৰ প্ৰকল্পৰ বাবে শক্তি ক্ৰয় চুক্তিত ছীলমোহৰ মাৰে, য’ত এপিডিচিএলে প্ৰতি ইউনিট ৩.৪৫ টকাত বিদ্যুৎ ক্ৰয় কৰিব।
চৰকাৰে যুৱ প্ৰজন্মৰ বাবে দুখন নতুন আঁচনিৰ কথা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি’, যাৰ জৰিয়তে স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি নকৰা আৰু আন কোনো চৰকাৰী আঁচনিৰ সুবিধা নোপোৱা ৪৮,৩৬৬ গৰাকী স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীক মাহে ২৫০০ টকাকৈ এবছৰৰ বাবে জলপানী প্ৰদান কৰা হ’ব। অহা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ আৰম্ভ হ’বলগীয়া এই আঁচনিখনৰ বাবে ১১৮.৫৮ কোটি টকাৰ অনুমোদন জনোৱা হৈছে। সমান্তৰালভাৱে, যুৱক-যুৱতীসকলক বিদেশত সংস্থাপনৰ সুবিধাৰ্থে ‘CM FLIGHT’ নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰা হৈছে, য’ত বিদেশী ভাষা শিকিবলৈ প্ৰাৰ্থীক পৰ্যায়ক্ৰমে মুঠ ১.৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা চৰকাৰী চাকৰি পোৱাৰ পূৰ্বে আৰক্ষীৰ ভেৰিফিকেশ্যনৰ প্ৰয়োজন নাই বুলি সিদ্ধান্ত লোৱা হৈছে। প্ৰাৰ্থীসকলে চাকৰিত সাময়িকভাৱে যোগদান কৰাৰ ছমাহৰ ভিতৰতহে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
পঞ্চায়তসমূহৰ কাম-কাজৰ বাবে চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে। পুঁজিৰ সু-পৰিচালনাৰ বাবে এতিয়াৰে পৰা পঞ্চায়তসমূহে কেৱল পাঁচটা নিৰ্দিষ্ট কামহে কৰিব পাৰিব। সেইসমূহ হৈছে ইণ্টাৰলকিং পেভাৰ ব্লকৰ ৰাস্তা নিৰ্মাণ, মহিলাৰ বাবে গ্ৰাম্য বজাৰ নিৰ্মাণ, বিদ্যালয়ৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণ, শ্মশান আৰু জিম বা ৱেলনেছ চেণ্টাৰ নিৰ্মাণ। ইয়াৰ বাহিৰে আন কোনো উন্নয়নমূলক কাম কৰিবলগীয়া হ’লে জিলা উপায়ুক্তৰ পূৰ্বানুমোদন বাধ্যতামূলক কৰা হৈছে।
কেবিনেট বৈঠকত আন কেবাটাও প্ৰস্তাৱ গৃহীত হয়। চাহ শ্ৰমিক আৰু মৰাণ-মটক সম্প্ৰদায়ৰ লোকসকলৰ সুবিধাৰ্থে ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকৰ নতুন আধাৰ কাৰ্ড বনোৱাৰ সময়সীমা অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বছৰি ১০ লাখ টকা পৰ্যন্ত নিট উপাৰ্জনৰ ওপৰত কৃষি আয়কৰ সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় তালিকাভুক্ত নোহোৱা ৰাজ্যিক তালিকাৰ অন্তৰ্ভুক্ত অন্যান্য পিছ পৰা সম্প্ৰদায়সমূহক চিকিৎসা আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ সুবিধাৰ্থে ‘নন-ক্ৰিমিলিয়েৰ’ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ নীতি-নিৰ্দেশনাত কেবিনেটে অনুমোদন জনাইছে। আনহাতে, বিটিআৰৰ উন্নয়নৰ বাবে চলিত বৰ্ষৰ বাজেটত প্ৰস্তাৱিত ৯০০ কোটি টকাৰ ভিতৰত প্ৰথম কিস্তি হিচাপে চৰকাৰে ৪৫০ কোটি টকা মুকলি কৰি দিছে।





