ৰাজধানী দিল্লীত চিজেপিৰ (CJP) কাৰ্যসূচীত আৰক্ষীয়ে চলোৱা পেলেট গানৰ গুলীত অতি কমেও ১০ জন লোক আহত হোৱাৰ এক চাঞ্চল্যকৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সাকেত গোখলেই তথ্য জনাৰ অধিকাৰ আইন (RTI) ৰ অধীনত কৰা এক আৱেদনৰ উত্তৰত দিল্লীৰ দুখনকৈ আগশাৰীৰ চিকিৎসালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে এই তথ্য সদৰী কৰিছে।
দিল্লীৰ লেডী হাৰ্ডিঞ্জ মেডিকেল কলেজৰ তৰফৰ পৰা আৰটিআইৰ প্ৰশ্নৰ উত্তৰত জনোৱা হৈছে যে পেলেট গানৰ গুলীত আহত হৈ ৯ জন লোক চিকিৎসালয়খনলৈ আহিছিল আৰু তাতেই তেওঁলোকৰ চিকিৎসা কৰা হৈছিল। আনহাতে, দিল্লীৰ ছফদৰজং চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, তেওঁলোকে পেলেটৰ আঘাতপ্ৰাপ্ত এজন লোকৰ চিকিৎসা কৰিছিল। দুয়োখন চিকিৎসালয়ৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ধাৰণা কৰা হৈছে যে যোৱা ২০ জুলাইত চিজেপিৰ সংসদ ভৱন অভিযানৰ দিনা অতি কমেও ১০ জন লোক পেলেট গানৰ গুলীত আহত হৈছিল।
আন্দোলনৰত ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গানৰ গুলীচালনাৰ অভিযোগক কেন্দ্ৰ কৰি এতিয়া সৰৱ হৈ পৰিছে ৰাষ্ট্ৰীয় ৰাজনীতি। ‘শান্তিপূৰ্ণ প্ৰতিবাদ’ক বাধা দিবলৈ কিয় পেলেট গানৰ দৰে মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰা হ’ল, তাক লৈ বিৰোধী দলসমূহে আৰক্ষী আৰু গৃহ মন্ত্ৰালয়ক তীব্ৰ নিচানালৈ আনিছে। আনকি এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰাও উত্তৰ বিচৰা হৈছে।
ৰাজধানীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাৰ এক সাধাৰণ ডায়েৰীৰ ভিত্তিত ‘দ্য হিন্দু’ কাকতে প্ৰকাশ কৰা অনুসৰি, ৰেপিড একচন ফ’ৰ্চক পেলেট গান চলাবলৈ নিৰ্দেশ দিছিল দিল্লী আৰক্ষীৰ উপ-আয়ুক্ত পদমৰ্যাদাৰ এগৰাকী বিষয়াই। প্ৰতিবেদন অনুসৰি, ২০ জুলাইৰ মাজনিশা ৰেফে উক্ত সাধাৰণ ডায়েৰী পঞ্জীয়ন কৰিছিল। তাত উল্লেখ কৰা হৈছে যে ‘ডিচিপিৰ নিৰ্দেশত’ ৫৫ ৰাউণ্ড নন-ইলেক্ট্ৰিকেল শ্বেল, ১৫ ৰাউণ্ড ইলেক্ট্ৰিকেল শ্বেল, ৫ টা কন্দুৱা গেছৰ শ্বেল আৰু দুৰাউণ্ড পেলেট গানৰ গুলী ব্যৱহাৰ কৰা হৈছিল।
আনহাতে, ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে সংসদ ভৱন অভিযানৰ দিনা ৰেফৰ এজন জোৱানে অতি কমেও সাত ৰাউণ্ড পেলেট গানৰ গুলী চালনা কৰিছিল। ইয়াৰে পাঁচ ৰাউণ্ড গুলী আন্দোলনকাৰীৰ গাত লাগিছিল আৰু দুৰাউণ্ড লক্ষ্যভ্ৰষ্ট হৈ মাটিত পৰিছিল। চিআৰপিএফৰ প্ৰাথমিক তদন্তত এই বিষয়টো পোহৰলৈ আহিছে বুলি জানিব পৰা গৈছে।
প্ৰাথমিকভাৱে জানিব পৰা গৈছিল যে পেলেট গানৰ গুলীত মুঠ পাঁচজন লোক আহত হৈছিল। তেওঁলোক হ’ল ২৫ বছৰীয়া শ্বেখ ইৰশাদ মনচুৰী, ৩২ বছৰীয়া নুতন টোপ্পো, ২৫ বছৰীয়া প্ৰশান্ত সিং, ১৯ বছৰীয়া চাহিল লোচাব আৰু এখন ইংৰাজী আলোচনীৰ এজন সাংবাদিক। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি পেলেট গানৰ গুলীত প্ৰকৃততে অতি কমেও ১০ জন লোক আহত হৈছিল। অৱশ্যে চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰতিগৰাকী আহত ব্যক্তিৰ নাম আৰু পৰিচয় এতিয়াও ৰাজহুৱা হোৱা নাই।
উল্লেখযোগ্য যে, পেলেট গানৰ গুলী সাধাৰণতে প্ৰাণঘাতী নহ’লেও ই শৰীৰত সৰু সৰু আৰু গভীৰ ক্ষতৰ সৃষ্টি কৰে। এই গুলী চকুত লাগিলে দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰাই যোৱাৰ সম্ভাৱনা থাকে। ২০১০ চনত কাশ্মীৰত বিদ্ৰোহীসকলক দমন কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে প্ৰথমবাৰৰ বাবে পেলেট গানৰ গুলী ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত তদানীন্তন ৰাজ্য চৰকাৰে এই ব্যৱস্থা বন্ধ কৰি দিছিল যদিও ২০১৬ চনত সন্ত্ৰাসবাদী সংগঠনৰ প্ৰচাৰক বুৰহান ৱানীৰ মৃত্যুৰ পিছত কাশ্মীৰ উত্তপ্ত হৈ পৰাত আকৌ পেলেট গান ব্যৱহাৰ কৰা হৈছিল। এইবাৰ খোদ দিল্লীত প্ৰতিবাদকাৰীক লক্ষ্য কৰি এই গুলীচালনা কৰা কাৰ্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।





