নিট কেলেংকাৰিৰ পিছত তৎকালীন শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত প্ৰতিবাদ চলাই চৰ্চালৈ অহা ককৰোচ জনতা পাৰ্টি এইবাৰ দেশৰ গ্ৰাম্য অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। অহা ১৫ আগষ্ট, অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনৰ পৰাই সমগ্ৰ দেশজুৰি এই নতুন কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে চিজেপিৰ প্ৰধান অভিজিৎ দীপকেয়ে।
অভিজিৎ দীপকেয়ে গ্ৰাম্য অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰিবলৈ শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। তেওঁ অভিভাৱকসকলক নিজ নিজ গাঁৱৰ চৰকাৰী স্কুললৈ গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আৰু এক ‘ছ’চিয়েল অডিট’ বা সামাজিক নিৰীক্ষণ চলাই প্ৰতিবেদন যুগুত কৰিবলৈ কৈছে। ইয়াৰ উপৰি, গাঁও পঞ্চায়তৰ প্ৰধানসকলকো এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি গাঁৱৰ স্কুলসমূহৰ দায়িত্ব ল’বলৈ তেওঁ আহ্বান জনাইছে।
এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দীপকেয়ে জনাইছে যে মহাৰাষ্ট্ৰৰ তেওঁৰ নিজৰ জিলা হিঙ্গোলিৰ এখন গাঁৱৰ পৰাই তেওঁ এই অভিযানৰ সূচনা কৰিব। তেওঁ কয় যে” ১৫ আগষ্টত আমাৰ স্বাধীনতাৰ ৮০তম বৰ্ষপূৰ্তি হ’ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে, যোৱা ৮০ বছৰত আমাৰ দেশৰ গাঁওসমূহত থকা চৰকাৰী স্কুলসমূহ আটাইতকৈ বেছি অৱহেলিত হৈ ৰ’ল। দেশত নতুন সংসদ ভৱন নিৰ্মাণ হ’ল, প্ৰধানমন্ত্ৰীৰ বাবে নতুন বাসগৃহ তৈয়াৰ হ’ল, কিন্তু গাঁওবোৰত নতুন আৰু সুসজ্জিত স্কুল কিয় নিৰ্মাণ নহ’ল? আমাৰ দেশৰ কৃষক আৰু শ্ৰমিকৰ সন্তানসকলক কি আমি দেশৰ ভৱিষ্যৎ বুলি গণ্য নকৰোঁ?”
চিজেপিৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত ধাৰাবাহিকভাৱে চলি অহা গ্ৰাম্য শিক্ষা ব্যৱস্থাৰ অৱহেলিত ৰূপটোক পোহৰলৈ আনিবলৈ সাধাৰণ ৰাইজকে অডিট কৰাৰ দায়িত্ব ল’বলৈ কোৱা হৈছে। অভিভাৱকসকলক স্কুলসমূহলৈ গৈ বিনামূলীয়া মধ্যাহ্ন ভোজনৰ (Mid-day meal) মান, খোৱাপানী, বিদ্যুৎ সংযোগ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক শৌচালয়ৰ ব্যৱস্থা আছে নে নাই, সেইবোৰ পৰীক্ষা কৰি প্ৰয়োজনে তাৰ ভিডিঅ’ প্ৰস্তুত কৰি চৰকাৰ আৰু কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাইছে।





