পুণ্য অৰ্জনৰ বাবে মাইলৰ পাছত মাইল খোজকাঢ়ি গংগাৰ পানী আনিবলৈ উত্তৰাখণ্ডত উপস্থিত হৈছিল লাখ লাখ কাঁওৰীয়া অৰ্থাৎ বলবম যাত্ৰাৰ ভক্ত। কিন্তু এই যাত্ৰা শেষ হোৱাৰ পাছত ‘দেৱভূমি’ উত্তৰাখণ্ডৰ বহু অঞ্চলত দেখা গ’ল এক বিপৰীত ছবি। ঘাটৰ পৰা পাহাৰৰ পথলৈকে কেৱল প্লাষ্টিক আৰু আবৰ্জনাৰ স্তূপ। এইবাৰ শাওন মাহত হৰিদ্বাৰত প্ৰায় ৫ কোটি ভক্তই ভিৰ কৰিছিল। যাত্ৰা শেষ হোৱাৰ পাছত হৰিদ্বাৰ, ঋষিকেশৰ পৰা গংগোত্ৰীলৈকে বহু ঠাইত ব্যাপকভাৱে আবৰ্জনা জমা হোৱা দেখা গৈছে।
হৰিদ্বাৰৰ ঐতিহ্যবাহী ‘হৰ কি পৌড়ী’ ঘাটতো দেখা গ’ল একে পৰিস্থিতি। ঘাটত পৰিত্যক্ত কাপোৰ, প্লাষ্টিকৰ বটল আৰু বলবমৰ বিভিন্ন সামগ্ৰী সিঁচৰতি হৈ আছিল। আনকি পোছাক সলনি কৰা কোঠাতো বহু যাত্ৰীয়ে প্ৰস্ৰাৱভৰ্তি প্লাষ্টিকৰ বটল পেলাই থৈ যোৱা দেখা যায়। কোনো গ্লাভছ বা মাস্ক নোহোৱাকৈ পৰিষ্কাৰকর্মীসকলে কেৱল কোৰ ব্যৱহাৰ কৰি সেই বটল আৰু আবৰ্জনা পৰিষ্কাৰ কৰিবলগীয়া হোৱা ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছত স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
গংগাৰ পানী সংগ্ৰহ কৰি পবিত্ৰ যাত্ৰা কৰা লোকসকলৰ মাজৰ একাংশই এনেদৰে ঘাট আৰু আশে-পাশে আবৰ্জনা পেলাই যোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে। পবিত্ৰ গংগাৰ পাৰত এনে পৰিৱেশ সৃষ্টি হোৱাত স্থানীয় বাসিন্দাসকলেও উদ্বেগ প্ৰকাশ কৰিছে।
পৌৰসভাৰ হিচাপ অনুসৰি, হৰিদ্বাৰৰ ডাম্পিং গ্ৰাউণ্ডত ইতিমধ্যে প্ৰায় ৭ হাজাৰ টন আবৰ্জনা জমা হৈছে। পৌৰ আয়ুক্ত নন্দন কুমাৰে জনোৱা মতে, শিৱৰাত্ৰিৰ পাছত নিশাৰ পৰা ঘাট, পাৰ্কিং এলেকা আৰু বিভিন্ন পথ পৰিষ্কাৰ কৰাৰ বাবে বিশেষ অভিযান চলোৱা হৈছে।
কিন্তু দূষণৰ এই সমস্যা কেৱল হৰিদ্বাৰ বা সমতল অঞ্চলতে সীমাবদ্ধ হৈ থকা নাই। হিমালয়ৰ অতি সংবেদনশীল পৰিৱেশৰ অংশ গংগোত্ৰীতো প্ৰায় ৫৭ হাজাৰ ভক্তৰ আগমনৰ পাছত বিপুল পৰিমাণৰ আবৰ্জনা জমা হোৱা দেখা গৈছে। চৰকাৰে গংগোত্ৰীক ‘প্লাষ্টিক-মুক্ত অঞ্চল’ হিচাপে ঘোষণা কৰি থোৱাৰ পাছতো বহু ঠাইত প্লাষ্টিক আৰু অন্যান্য আবৰ্জনা পেলোৱা হৈছে।
ইয়াৰ ফলত অঞ্চলটোৰ পৰিৱেশ আৰু বন্যপ্ৰাণীৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকা দেখা দিছে। পৰিৱেশ বিধি উলংঘনৰ লগতে পবিত্ৰ তীৰ্থস্থানৰ স্বাভাৱিক পৰিৱেশ নষ্ট হোৱাক লৈ পৰিৱেশবিদসকলেও উদ্বেগ প্ৰকাশ কৰিছে।
বলবম যাত্ৰা শেষ হোৱাৰ পাছত বন বিভাগে গংগোত্ৰীত বিশেষ পৰিষ্কাৰ অভিযান চলায়। এই অভিযানত কেৱল গংগোত্ৰীৰ পৰাই ৫৭ বস্তা আবৰ্জনা উদ্ধাৰ কৰা হয়। এই দৃশ্যই দেখুৱাইছে যে লাখ লাখ লোকৰ তীৰ্থযাত্ৰাৰ পাছত পৰিৱেশৰ ওপৰত কিমান ডাঙৰ চাপ পৰিছে।





