বহুক্ষেত্ৰত অ’লা, উবেৰ, ৰেপিডোৰ দৰে এপত ৰাইড বুকিং কৰাৰ সময়ত দেখা যায় যে ২০, ৩০, ৪০, ৬০ টকা বেছি দি ৰাইড বুকিং কৰিব লাগে। যি ভাড়া লিখা হৈছে সেই ভাড়াত চালকসকলে ৰাইডৰ অনুৰোধ গ্ৰহণ নকৰে। ফলত ভাড়া বৃদ্ধি কৰি বুকিং কৰিলে সম্ভাৱনা বৃদ্ধি পায়।
এইবাৰ এই প্ৰক্ৰিয়া বন্ধ কৰা হৈছে। কেন্দ্রীয় চৰকাৰে কঠোৰ নির্দেশ দিছে যে ৰাইড বুকিঙৰ আগত বা ৰাইড বুকিঙৰ সময়ত পৃথকে ধন বৃদ্ধিৰ কৌশল বন্ধ কৰিব লাগিব৷
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে প্ৰতিটো এপ কোম্পানীক নিৰ্দেশ দিছে যে যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে বুকিং কৰাৰ সময়ত আৰু কোনো টিপছ ল’ব নোৱাৰিব। গ্ৰাহকে আৰু সোনকালে কেব এখন পাবলৈ বা ভাল চালক পাবলৈ টকা বৃদ্ধি কৰি ৰাইড বিচাৰিব নালাগিব।
ৰাইড বুকিং কৰাৰ সময়ত ‘এডভান্স টিপ’, ‘চ’জ এ এড-অন’ আৰু ‘ইম্প্ৰ’ভ ইউৰ চান্স অৱ কুইকাৰ ৰাইড কনফাৰ্মেচন’ আদি বাৰ্তা দেখুওৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
চৰকাৰে মটৰ ভেহিকেল এগ্ৰিগেটৰ গাইডলাইন, ২০২৫ অনুসৰি এই প্ৰক্ৰিয়া শীঘ্ৰে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।যাৰ মূল কথাটো হ’ল গ্ৰাহকে দ্ৰুত কেব বা উন্নত চালক পাবলৈ পৃথকে অতিৰিক্ত ভাড়া দিব নালাগে।
অৱশ্যে চৰকাৰে টিপ দিয়াৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা নাই। কোনো গ্ৰাহকে ৰাইডত সুখী বা সন্তুষ্ট হ’লে ড্ৰাইভাৰক পৃথকে অতিৰিক্ত ধন দিব পাৰে। কিন্তু সেই বিকল্পটো ৰাইড শেষ হোৱাৰ পিছতহে ৰাখিব পাৰিব। এপ কেব কোম্পানীয়ে ৰাইডৰ আগতে টিপ অপচন ৰাখিব নোৱাৰে। আৰু সেই গোটেই টিপটো ড্ৰাইভাৰে পাব। ইয়াৰ কোনো অংশ এপ কেব কোম্পানীয়ে নাপাব।
চৰকাৰে ৰাইড-হেলিং কোম্পানীসমূহক তেওঁলোকৰ ডিজিটেল প্লেটফৰ্মসমূহে মটৰ ভেহিকেল এগ্ৰিগেটৰ গাইডলাইন, ২০২৫ মানি চলাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে। দ্ৰুত ৰাইড পোৱাৰ সম্ভাৱনা বৃদ্ধিৰ বাবে বুকিং কৰাৰ সময়ত অতিৰিক্ত ধন দিবলৈ ক’ব নোৱাৰিব।




