• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ পিছত পোনপটীয়াকৈ আমেৰিকালৈ পঠোৱাৰ পৰিৱৰ্তে তৃতীয় দেশৰ জৰিয়তে সামগ্ৰী প্ৰেৰণ কৰাৰ প্ৰৱণতা বাঢ়িছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 14, 2026 10:50 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাই চীনৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে। কিন্তু এইবাৰ ভাৰতৰ বিৰুদ্ধে, সেই শুল্ক পৰিহাৰ কৰি চীনৰ সামগ্ৰী আমেৰিকাৰ বজাৰলৈ আমদানি কৰা বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত ভাৰতৰ নাম উল্লেখ কৰি হোৱাইট হাউছৰ নতুন প্ৰতিবেদন প্ৰকাশ পাইছে।

‘দ্য গ্ৰেট ট্ৰেন্সশ্বিপমেণ্ট কেলেংকাৰী’ শীৰ্ষক প্ৰতিবেদনত ভাৰতক চীনৰ সামগ্ৰীৰ বৃহৎ ‘ছেডো ট্ৰেন্সশ্বিপমেণ্ট নেটৱৰ্ক’ৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে চিনাক্ত কৰা হৈছে। ট্ৰাম্প প্ৰশাসনৰ অন্যতম গুৰুত্বপূৰ্ণ উপদেষ্টা পিটাৰ নাভাৰোৱে এই প্ৰতিবেদনক চৰ্চালৈ আনিছে।

Apply Now

প্ৰতিবেদনত দাবী কৰা হৈছে যে আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ পিছত পোনপটীয়াকৈ আমেৰিকালৈ পঠোৱাৰ পৰিৱৰ্তে তৃতীয় দেশৰ জৰিয়তে সামগ্ৰী প্ৰেৰণ কৰাৰ প্ৰৱণতা বাঢ়িছে।

এই প্ৰক্ৰিয়াত সামগ্ৰী, পেকেজিং, লেবেল বা নথি-পত্ৰৰ সামান্য পৰিৱৰ্তন কৰি আন দেশৰ সামগ্ৰী হিচাপে দেখুওৱাৰ অভিযোগ উত্থাপন হৈছে। ফলত চীনৰ সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য উচ্চ শুল্ক পৰিহাৰ কৰি তুলনামূলকভাৱে কম শুল্ক দি তেওঁলোকে আমেৰিকাৰ বজাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

২০১৮ চনৰ পৰাই এই অভিযোগৰ সূচনা হৈছিল। সেই সময়ত তেতিয়াৰ ট্ৰাম্প প্ৰশাসনে চীনৰ সৈতে আমেৰিকাৰ ক্ৰমবৰ্ধমান বাণিজ্যিক ঘাটি হ্ৰাস কৰিবলৈ ৩০১ নং ধাৰাত চীনৰ সামগ্ৰীৰ ওপৰত একাধিক শুল্ক আৰোপ কৰিছিল। হোৱাইট হাউছে দাবী কৰিছে যে তেতিয়াৰ পৰাই চীনৰ ৰপ্তানিকাৰীসকলে ক্ৰমান্বয়ে তৃতীয় দেশৰ জৰিয়তে সামগ্ৰী প্ৰেৰণৰ পথ অধিক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিশ্বৰ প্ৰায় ৪০খন দেশ এই ট্ৰেন্সশ্বিপমেণ্ট নেটৱৰ্কৰ সৈতে জড়িত। দেশসমূহৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি তিনিটা স্তৰত ভাগ কৰা হৈছে। ভাৰতক আটাইতকৈ গুৰুত্বপূৰ্ণ টায়াৰ ১ ত স্থান দিয়া হৈছে। একেখন তালিকাতে কানাডা, জাপান, ইউৰোপীয় ইউনিয়ন, ইজৰাইল আৰু মেক্সিকোৰ দৰে গুৰুত্বপূৰ্ণ আমেৰিকাৰ বাণিজ্যিক অংশীদাৰ দেশসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰতিবেদনখনত অধিক চাঞ্চল্যকৰ দাবী কৰা হৈছে যে ২০২৫ চনত মেক্সিকো, ভাৰত আৰু ভিয়েটনামৰ দৰে ডাঙৰ হাবৰ জৰিয়তে চীনৰ পৰা আমেৰিকালৈ প্ৰায় ৬৭ বিলিয়ন ডলাৰৰ সামগ্ৰী ট্ৰেন্সশ্বিপ কৰা হৈছিল। ফলত আমেৰিকাই শুল্ক ৰাজহৰ পৰা প্ৰায় ২৮ বিলিয়ন ডলাৰ হেৰুৱাইছে – এনেকুৱা এটা হিচাপ দাখিল কৰা হৈছে।

হোৱাইট হাউছে দাবী কৰিছে যে চীনৰ এই সামগ্ৰীৰ প্ৰবাহে আমেৰিকাৰ নিজৰ উদ্যোগৰ ওপৰতো চাপ সৃষ্টি কৰিছে। প্ৰতিবেদনত মডেল ভিত্তিক হিচাপ অনুসৰি বছৰি প্ৰায় ৭৫ বিলিয়ন ডলাৰৰ অবৈধ ট্ৰেন্সশ্বিপমেণ্টে আমেৰিকাত প্ৰায় ৪ লাখ ৫০ হাজাৰ চাকৰিৰ ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰিও দেশখনৰ জিডিপিত ১১৩ৰ পৰা ১৫০ বিলিয়ন ডলাৰ আৰু ফেডাৰেল চৰকাৰৰ ১৯ৰ পৰা ২৬ বিলিয়ন ডলাৰৰ ৰাজহৰ লোকচান হ’ব বুলি অনুমান কৰা হৈছে। কিন্তু প্ৰতিবেদনতে কোৱা হৈছে যে এইবোৰ মডেল ভিত্তিক অনুমান, প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰা চাকৰি হেৰুৱাৰ সংখ্যা নহয়।

ভাৰতৰ ক্ষেত্ৰতো প্ৰতিবেদনত নিৰ্দিষ্ট ঔদ্যোগিক কৰিডৰৰ কথা উল্লেখ কৰা হৈছে। ইয়াত দাবী কৰা হৈছে যে চীনৰ বৈদ্যুতিক পাম্প আৰু কম্প্ৰেছাৰৰ ট্ৰেন্সশ্বিপমেণ্টৰ ফলত পুনে-গুজৰাট-চেন্নাই কৰিড’ৰ অৰ্থনৈতিকভাৱে লাভৱান হৈছে। আনহাতে, প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ অহাইঅ’ ৰাজ্যৰ চিনচিনাটি, ডেটন আৰু কলম্বাছৰ দৰে চহৰৰ নিৰ্মাতাসকলে একেবোৰ সামগ্ৰীৰ বাবেই প্ৰতিযোগিতামূলক ক্ষতিৰ সন্মুখীন হৈছে।

এই পৰিস্থিতিত আমেৰিকাই এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা সকীয়াই দিছে। চীনৰ সামগ্ৰীক শুল্ক পৰিহাৰ কৰাত সহায় কৰা দেশসমূহৰ বিৰুদ্ধে সামগ্ৰী জব্দ কৰা, অতিৰিক্ত শুল্ক, নিষেধাজ্ঞা আৰু প্ৰয়োজন হ’লে আমেৰিকাৰ বজাৰত প্ৰৱেশ সীমিত কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে।

অৰ্থাৎ এই প্ৰতিবেদন ভাৰতৰ বাবে কেৱল বাণিজ্যিক অভিযোগ নহয়। প্ৰতিবেদনত উত্থাপিত অভিযোগৰ ভিত্তিত যদি আমেৰিকাই ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ভাৰত-আমেৰিকাৰ বাণিজ্যৰ ওপৰতো নতুন হেঁচা সৃষ্টি কৰিব পাৰে। বিশেষকৈ চীনৰ সামগ্ৰীৰ পুনৰ ৰপ্তানি আৰু ট্ৰেন্সশ্বিপমেণ্টৰ ক্ষেত্ৰত নতুন দিল্লীয়ে হয়তো ৱাশ্বিংটনক অধিক ব্যাখ্যা দিব লাগিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd