• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2026 7:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধুনিক ভাৰতৰ ইতিহাস চৰ্চাৰ এগৰাকী বিশিষ্ট নাম, প্ৰখ্যাত মাৰ্ক্সবাদী ইতিহাসবিদ সুমিত চৰকাৰ আৰু নাই। বৃহস্পতিবাৰে নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। কেইবা দশক ধৰি ইতিহাসৰ গৱেষণা আৰু অধ্যাপনা কৰা সুমিত চৰকাৰৰ মৃত্যুত ভাৰতৰ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এক দীঘলীয়া অধ্যায়ৰ অন্ত পৰিল।

কলকাতাতে সুমিত চৰকাৰৰ শিক্ষাজীৱনৰ আৰম্ভণি হৈছিল। তেওঁ প্ৰেছিডেন্সি কলেজৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু পিএইচডি সম্পূৰ্ণ কৰে। পিছলৈ দিল্লী বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ইতিহাসৰ অধ্যাপক হিচাপে কাম কৰে। তেওঁৰ পাণ্ডিত্য কেৱল ভাৰততে সীমাবদ্ধ নাছিল। অক্সফৰ্ডৰ উলফছন কলেজৰ ফেলো হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল। আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ত তেওঁ ভিজিটিং প্ৰফেছৰ হিচাপে পাঠদান কৰিছিল।

Apply Now

আধুনিক ভাৰতৰ ইতিহাস বুজিবলৈ সুমিত চৰকাৰৰ বহু গ্ৰন্থ আজিও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। ১৯৭৩ চনত প্ৰকাশ পোৱা ‘স্বদেশী মুভমেণ্ট ইন বেংগল, ১৯০৩-১৯০৮’ গ্ৰন্থখনে তেওঁক ইতিহাসৰ জগতত বিশেষ পৰিচিতি দিয়ে। ইয়াৰ পিছত ১৯৮৯ চনত প্ৰকাশ পায় ‘মডাৰ্ণ ইণ্ডিয়া’ আৰু ১৯৯৮ চনত ‘ৰাইটিং ছ’চিয়েল হিষ্ট্ৰী’। এই গ্ৰন্থসমূহে আধুনিক ভাৰতৰ সমাজ আৰু ৰাজনীতিৰ ইতিহাস অধ্যয়নত নতুন দৃষ্টিভংগী আগবঢ়াইছিল।

তেওঁৰ পত্নী তানিকা চৰকাৰৰ সৈতেও সুমিত চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ সম্পাদনা কৰিছিল। ইয়াৰ ভিতৰত ২০০৭ চনত প্ৰকাশিত ‘উইমেন এণ্ড ছ’চিয়েল ৰিফৰ্ম ইন মডাৰ্ণ ইণ্ডিয়া’ আৰু ২০১৩ চনত প্ৰকাশিত ‘কাষ্ট ইন মডাৰ্ণ ইণ্ডিয়া’ বিশেষভাৱে উল্লেখযোগ্য। এই গ্ৰন্থসমূহ আজিও ইতিহাসৰ গৱেষকসকলৰ বাবে গুৰুত্বপূৰ্ণ।

কেৱল এগৰাকী পণ্ডিত হিচাপেই নহয়, শিক্ষক হিচাপেও সুমিত চৰকাৰ আছিল অতি জনপ্ৰিয়। তেওঁৰ প্ৰাক্তন ছাত্ৰ তথা চেণ্টাৰ ফৰ দ্য ষ্টাডি অফ ডেভেলপিং ছ’চাইটিজৰ অধ্যাপক ৰবিকান্তই তেওঁৰ শ্ৰেণীকোঠাৰ কথা স্মৰণ কৰি কয় যে সুমিত চৰকাৰে এটা শব্দৰ পৰাই দীঘলীয়া ব্যাখ্যা আগবঢ়াব পাৰিছিল। কঠিন বিষয়ো তেওঁ অতি সহজ ভাষাত বুজাই দিব পাৰিছিল।

কলিংগ ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ ইতিহাসৰ অধ্যাপক অনিৰ্বাণ বন্দ্যোপাধ্যায়ৰ সৈতেও সুমিত চৰকাৰ আৰু তেওঁৰ পত্নীৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। অনিৰ্বাণৰ মতে, সুমিত চৰকাৰ আছিল সেই বিৰল মাৰ্ক্সবাদী ইতিহাসবিদসকলৰ অন্যতম, যিসকলে কেৱল অৰ্থনীতিৰ দৃষ্টিৰে ইতিহাসক চোৱা নাছিল। তেওঁ সংস্কৃতি, মানুহৰ অনুভূতি আৰু আবেগৰ গভীৰতালৈ গৈ ইতিহাসক বুজিবলৈ চেষ্টা কৰিছিল। বিশেষকৈ ঊনবিংশ আৰু বিংশ শতিকাৰ বাংলাৰ ইতিহাসৰ ওপৰত তেওঁৰ কাম আছিল অতি বিস্তৃত।

২০০৫ চনৰ পৰা অনিৰ্বাণ বন্দ্যোপাধ্যায়ৰ সৈতে সুমিত চৰকাৰৰ বহুবাৰ সাক্ষাৎ হৈছিল। দিল্লীৰ বাসগৃহলৈ গৈ তেওঁ সুমিত চৰকাৰক কিতাপো পঢ়ি শুনাইছিল। সুমিত চৰকাৰৰ মৃত্যুক তেওঁ কেৱল ইতিহাসৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নহয়, ব্যক্তিগতভাৱেও এক ডাঙৰ ক্ষতি বুলি অভিহিত কৰে। তেওঁৰ মতে, সুমিত চৰকাৰে সদায় যুৱ প্ৰজন্মৰ কথা মন দি শুনিছিল আৰু তেওঁৰ মুখত সদায় এক চিনাকি হাঁহি লাগি আছিল।

মানুহৰ আবেগ, সংস্কৃতি আৰু সমাজৰ গভীৰ স্তৰক ইতিহাসৰ পাতত বিচাৰি ফুৰা সুমিত চৰকাৰৰ মৃত্যুৱে ভাৰতীয় ইতিহাস চৰ্চাত এক ডাঙৰ শূন্যতা সৃষ্টি কৰিলে। কিন্তু তেওঁৰ বহু দশকৰ গৱেষণা, গ্ৰন্থ আৰু অসংখ্য ছাত্ৰ-ছাত্ৰীৰ মাজত তেওঁ এৰি থৈ গ’ল এক অমূল্য বৌদ্ধিক উত্তৰাধিকাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd