‘চৰকাৰে ক্ষমতাত বৰ্তি থাকিব বিচাৰে। সেয়ে SIR।’ যেতিয়া সমগ্ৰ দেশ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত তোলপাৰ, তেতিয়াই এনেদৰে বিজেপিৰ ভিতৰৰ মহলৰ পৰাই আহিল আক্ৰমণৰ শেল। কাৰণ, এই বিস্ফোৰক মন্তব্য বাজপেয়ী যুগৰ গুৰুত্বপূৰ্ণ মুখ তথা মন্ত্ৰী মুৰলী মনোহৰ যোশীৰ।
ইয়াতেই শেষ নহয়। জেন জি আন্দোলন, নিবনুৱা সমস্যা, বা ৰাম মন্দিৰত প্ৰণামী চুৰি… সকলো বিষয়তে চোকা ভাষাত মোডী চৰকাৰক কাঠগৰাত তুলিছে এইগৰাকী জ্যেষ্ঠ বিজেপি নেতাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘একচ্ছত্ৰী ক্ষমতা আহৰণ’ৰ পিছত লাল কৃষ্ণ আদৱানীৰ দৰে যোশীকো ‘মাৰ্গদশৰ্কৰ’ শাখাত স্থান দিয়া হৈছে। অৰ্থাৎ দলীয় কামৰ পৰা অৱসৰ লোৱা আৰু পৰামৰ্শদাতা হিচাপে ‘শীৰ্ষত বহি’ থকা। কিন্তু তেওঁৰ প্ৰতিটো মন্তব্যই ৰাজনৈতিক ক্ষেত্ৰখনত এতিয়াও আলোড়নৰ সৃষ্টি কৰে। এইবাৰো তেনেকুৱাই হ’ল।
‘দ্য হিন্দু’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ কয়- ‘সকলো চৰকাৰে ক্ষমতাত থাকিব বিচাৰে। এইটোৱেই কঠোৰ বাস্তৱ।’ আৰু তেওঁ দ্ব্যৰ্থহীন ভাষাত বুজাই দিলে যে এছ আই আৰ হৈছে ক্ষমতা দখলৰ চেষ্টাৰ নাম।
তেওঁ লগতে কয়, ‘ডিলিমিটেশ্যন বিষয়টোও একেই! ২০০০ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত আসন পুনৰ্বিন্যাস (ডিলিমিটেশ্যন)পিছুৱাই দিয়া হৈছিল। কাৰণ, আমিও ক্ষমতাত থাকিব বিচাৰিছিলো। অন্তৰ্নিহিত কাৰণটো ১৯৭৬ চনতো একেই আছিল।’
সমগ্ৰ দেশতে বিৰোধীয়ে যেতিয়া গণতন্ত্ৰ বিপদত পৰিছে বুলি সৰৱ হৈছে, তেতিয়া যোশীয়ে কয়, ‘গণতন্ত্ৰই হৈছে সৰ্বোত্তম শাসন ব্যৱস্থা। কিন্তু তাৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া নিৰপেক্ষ হ’ব লাগিব। চৰকাৰ জবাবদিহি হ’ব লাগিব৷ আমোলাতন্ত্ৰ স্বচ্ছ হ’ব লাগিব। আস্থা নাথাকিলে মানুহে ভাল কথাও গ্ৰহণ নকৰে। প্ৰতিবাদৰ পৰিৱেশ যদি সৃষ্টি হয়, তেন্তে ইয়াৰ সমাধান কৰিব লাগিব। হাতত লাঠি লৈ থিয় দিলে কাম নহয়।’
হাতত লাঠি লৈ থিয় দিয়াৰ অৰ্থ যে জেন জি আন্দোলনৰ বিৰুদ্ধে দমনৰ অভিযোগ, তাত সন্দেহ নাই। কাৰণ যোশীয়ে স্পষ্টকৈ কৈছে, ‘জেন জি ক্ষুব্ধ কিয়? কাৰণ আপোনালোকে চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু চাকৰি ক’ত? আমাৰ দেশক বিপথে পৰিচালিত কৰা হৈছে।’
এই মন্তব্যৰ প্ৰসংগ অৱশ্যেই দেশৰ উন্নয়ন আৰু পৰিৱেশ সুৰক্ষা। মোডী চৰকাৰে হিমালয়ৰ ‘অল ওৱেডাৰ ৰোড’ক লৈ যিমানেই ঢাক-ঢোল নিপিটক কিয়, যোশীয়ে কোনো সংকোচ নকৰাকৈয়ে স্পষ্ট কৰি দিছে যে এই প্ৰকল্পটো পৰিৱেশৰ বাবে একেবাৰেই সুবিধাজনক নহয়।
তেওঁ কয়, ‘মই উচ্চতম পৰ্যায়ত অনুসন্ধান কৰিছো। মোক কোৱা হৈছে যে ৰাস্তাটো সেনাৰ প্ৰয়োজনৰ বাবে নহয়। মই এইটো কোৱা নাই যে উন্নয়ন কৰিব নালাগে। মোৰ কথা হ’ল উন্নয়ন সামঞ্জস্যপূৰ্ণ হ’ব লাগে আৰু পৰিৱেশৰ কথাও বিবেচনা কৰিব লাগে। শেহতীয়াকৈ বদ্ৰীনাথ মন্দিৰত যিদৰে ডিস্কো শৈলীৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল সেয়া আমাৰ ঐতিহাসিক আৰু ধৰ্মীয় পৰম্পৰাৰ বিৰোধী।’
বিৰোধীয়ে কয় যে যোশীয়ে এই কথা কোৱাটো সঠিক। কাৰণ তেওঁ আছিল ৰাম মন্দিৰ আন্দোলনৰ অন্যতম মুখ। সেইবাবেই যোশীয়েও অযোধ্যাত প্ৰণামী চুৰিকলৈও সৰৱ হৈছে। তেওঁৰ স্পষ্ট কথা হ’ল, ‘ট্ৰাষ্ট কোনে সৃষ্টি কৰিছিল? চৰকাৰে। গতিকে ট্ৰাষ্টত যি হৈছে সেয়া চৰকাৰৰ দায়িত্ব।’
দীব্ৰ সমালোচনা কৰি যোশীয়ে কয়, ‘বৰ্তমানৰ পৰিস্থিতিত ভাৱ হৈছে দেশখন যেন বিপথে পৰিচালিত হৈছে। কিন্তু ইতিহাসলৈ চালে আমি দেখিবলৈ পাওঁ যে যেতিয়াই আমাৰ দেশখনে নিজৰ পথৰ পৰা বিচ্যুত হৈছে, তেতিয়াই ই নিজকে পুনৰ সঠিক পথত লৈ আহিছে। আমি সদায় আমাৰ ভুলৰ পৰা শিকি আহিছো। এইবাৰো তেনেকুৱাই হ’ব।’


