ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনত পুনৰ অনুপস্থিত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। একেৰাহে দ্বিতীয় বছৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত শনিবাৰে দিল্লীৰ লালকিল্লাত আয়োজন কৰা স্বাধীনতা দিৱস উদযাপনত তেওঁলোকক দেখা পোৱা নগ’ল।
প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। তাৰ পিছত তেওঁ ৰাষ্ট্ৰক সম্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে। অৱশ্যে এই অনুষ্ঠানত উপস্থিত নাথাকিল কংগ্ৰেছৰ শীৰ্ষ নেতা দুগৰাকী।
ইয়াৰ পূৰ্বে ২০২৪ চনত স্বাধীনতা দিৱস উদযাপনত ৰাহুল গান্ধী উপস্থিত আছিল যদিও তেওঁক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই সময়ত তেওঁ লোকসভাত বিৰোধী দলৰ নেতা আছিল। এই পদবী কেবিনেট মন্ত্ৰীৰ সমতুল্য। এই অনুষ্ঠানত পিছফালে দ্বিতীয় শাৰীত বহিছিল ৰাহুল গান্ধী। স্বাভাৱিক ৰীতি-নীতি আৰু প্ৰট’কলৰ তুলনাত এইটো ব্যতিক্ৰমী বুলি দাবী কৰিছিল বিৰোধীয়ে। এই ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল।
লোকসভাৰ বিৰোধী দলপতিক এনে স্থানত বহিবলৈ দিয়াটো অসন্মানজনক বুলি অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে। কংগ্ৰেছে দাবী কৰিছিল যে এই আসনৰ ব্যৱস্থা কেৱল ৰাহুল গান্ধীৰ বাবেই নহয়, দেশৰ বিৰোধী দল আৰু তেওঁলোকৰ সমৰ্থকসকলৰ প্ৰতিও অসন্মানজনক। কিন্তু প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই অভিযোগ মানি ল’ব বিচৰা নাছিল। লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ আয়োজনৰ দায়িত্বত থকা মন্ত্ৰালয়ে কয় যে বিশেষ পৰিস্থিতিৰ বাবে বহাৰ ব্যৱস্থাত কিছু সালসলনি কৰা হৈছিল।
মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈ আৰু পদক বিজয়ী খেলুৱৈৰ বাবে আসনৰ ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰা হৈছিল। সেইবাবেই ৰাহুল গান্ধীৰ আসন নিৰ্ধাৰিত স্থানৰ পিছফালে আছে বুলি যুক্তি দিয়া হৈছিল। অৱশ্যে প্ৰট’কল অনুসৰি লোকসভাৰ বিৰোধী দলপতিৰ চৰকাৰী অনুষ্ঠানত সন্মুখৰ শাৰীত আসন থাকিব লাগে। বিশেষকৈ ৰাষ্ট্ৰীয় অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰ অনুষ্ঠানত এই প্ৰট’কলটো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
২০২৪ চনৰ ঘটনাক লৈ বিতৰ্ক শান্ত হোৱাৰ পাছতো ৰাহুল গান্ধীৰ আসনক লৈ ৰাজনৈতিক চৰ্চা চলিছিল। কেন্দ্ৰীয় চৰকাৰে বিৰোধীক তুচ্ছজ্ঞান কৰাৰ অভিযোগ কৰে কংগ্ৰেছে। এইবাৰ ২০২৬ চনত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে দুয়োজনেই এই অনুষ্ঠানৰ পৰা আঁতৰি থাকে। ফলত তেওঁলোকৰ অনুপস্থিতিয়ে স্বাধীনতা দিৱসৰ অনুষ্ঠানক কেন্দ্ৰ কৰি নতুন ৰাজনৈতিক আলোচনাৰ সূচনা কৰিছে।
অৱশ্যে আজিৰ দিনটোত তেওঁলোক কিয় এই অনুষ্ঠানত উপস্থিত নাছিল সেই সন্দৰ্ভত কোনো নিৰ্দিষ্ট কাৰণ জনোৱা হোৱা নাই। তেওঁলোকৰ অনুপস্থিতি সন্দৰ্ভত ৰাজনৈতিক মহলত বিভিন্ন আলোচনা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোডীৰ স্বাধীনতা দিৱসৰ অনুষ্ঠান দেশৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান। চৰকাৰ আৰু বিৰোধী উভয়ৰে গুৰুত্বপূৰ্ণ নেতাৰ উপস্থিতিয়ে সাধাৰণতে তাত বিশেষ তাৎপৰ্য বহন কৰে।
একেৰাহে দ্বিতীয় বছৰৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ অনুপস্থিতিয়ে সেয়ে দৃষ্টি আকৰ্ষণ কৰিছে। বিশেষকৈ বিগত বছৰৰ আসনৰ বিতৰ্কৰ পিছত এইবাৰো ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ অনুপস্থিতি ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। স্বাধীনতা দিৱসৰ অনুষ্ঠানক কেন্দ্ৰ কৰি চৰকাৰ আৰু বিৰোধীৰ ৰাজনৈতিক দূৰত্ব কিমান বাঢ়িছে, সেই প্ৰশ্নটো এই ঘটনাই পুনৰ চৰ্চালৈ আনিছে।


