অসম চুক্তিৰ ৪১ বছৰ পূৰ্তিৰ দিনটোত অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা আৰু বিদেশী সমস্যাৰ অমীমাংসিত অৱস্থাক লৈ সৰৱ হৈছে সদৌ অসম ছাত্ৰ সংস্থা। সংগঠনটোৱে অভিযোগ কৰে যে চৰকাৰৰ সাহস আৰু সদিচ্ছাৰ অভাৱৰ বাবেই ঐতিহাসিক অসম আন্দোলনৰ অন্যতম মূল সমস্যা বিদেশী সমস্যা আজিও সম্পূৰ্ণৰূপে সমাধান হোৱা নাই। সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে অসম চুক্তি ৰূপায়ণ নকৰিলে জাতীয় অস্তিত্বৰ সংকট অধিক গভীৰ হ’ব।
এক বিবৃতিত সদৌ অসম ছাত্ৰ সংস্থাই অসম আন্দোলনৰ জাতীয় শহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আন্দোলনৰ সৈতে জড়িত প্ৰত্যেকজন ব্যক্তিৰ প্ৰতিও সন্মান জনায়। সংগঠনটোৱে কয় যে অসম আন্দোলনৰ পাঁচটা দশক অতিক্ৰম কৰাৰ পিছতো ৰাজ্যখনৰ মূল সমস্যা বিদেশী সমস্যাৰ স্থায়ী সমাধান নহ’ল। অসম চুক্তি সম্পাদনৰ ৪১ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো এই সমস্যাৰ সমাধান নোহোৱাটো অত্যন্ত উদ্বেগজনক বুলি সংগঠনটোৱে উল্লেখ কৰে।
ছাত্ৰ সংস্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শ্ৰীমীৰা ভূঞাই কয় যে অসম চুক্তি এখন ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি। ঐতিহাসিক অসম চুক্তি সম্পাদনৰ ৪১ বছৰ পাৰ হোৱাৰ পিছতো অসম চুক্তিৰ ৰূপায়ণৰ বাবে আৰু কিমান বছৰ অপেক্ষা কৰিব লাগিব, সেই প্ৰশ্ন তেওঁলোকে উত্থাপন কৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৯ বছৰ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িলেও অসম আন্দোলনৰ সময়ৰ পৰা ৪৭ বছৰ পাৰ হৈ যোৱাৰ পাছতো অসমৰ জনসাধাৰণে বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে সংগ্ৰাম কৰি থাকিবলগীয়া হোৱা বুলি সংগঠনটোৱে কয়।
বিবৃতিটোত ছাত্ৰ সংস্থাই অভিযোগ কৰে যে বিগত সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিলেও সেয়া বাস্তৱায়িত হোৱা নাই। দিল্লী আৰু দিছপুৰত চৰকাৰ সলনি হৈ আহিছে যদিও কোনো এখন চৰকাৰেই অসম চুক্তি ৰূপায়ণৰ বিদেশী সমস্যা সমাধান কৰিব পৰা নাই বুলি সংগঠনটোৱে মন্তব্য কৰে।
অসম চুক্তিৰ মূল লক্ষ্য পূৰণৰ ক্ষেত্ৰতো চৰকাৰ ব্যৰ্থ হোৱা বুলি ছাত্ৰ সংস্থাই অভিযোগ কৰে। অবৈধ বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ নকৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ শুদ্ধ ৰূপায়ণৰ ক্ষেত্ৰত পূৰ্ণতাৰে আগবাঢ়ি নোযোৱা, অসম চুক্তি আৰু ৬ নং দফাৰ অধীনত গঠিত শ্ৰী বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী নকৰা, অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত অসমক সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান নকৰা আৰু অসমৰ বানপানী তথা গৰাখহনীয়া সমস্যাক জাতীয় সমস্যা হিচাপে ঘোষণা নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।
সদৌ অসম ছাত্ৰ সংস্থাই দাবী কৰে যে অসম চুক্তি সম্পাদনৰ ৪১ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসম চুক্তিৰ সকলো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰাৰ বাবে এক সময়নিৰ্ধাৰিত কৰ্মসূচী বা Time Bound Action Plan ঘোষণা কৰিব লাগে।
সংগঠনটোৱে লগতে সকীয়াই দিয়ে যে অসম চুক্তিৰ দফাসমূহ শীঘ্ৰে আৰু সম্পূৰ্ণৰূপে ৰূপায়ণ নকৰিলে অসমৰ ভাষা, সংস্কৃতি, ভূমি আৰু জাতীয় পৰিচয়ৰ ওপৰত সংকট অধিক তীব্ৰ হ’ব। অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰে দৃঢ় ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ লোৱাৰ দাবী জনায় সদৌ অসম ছাত্ৰ সংস্থাই।





