শেহতীয়াকৈ বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ কৰা মন্তব্যত অসন্তুষ্ট হৈ পৰিছে নিৰ্বাচকসকল। এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে।
ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পিছত ৰোহিতক দলত ৰখা নহ’ব বুলি খবৰ ওলাইছিল। সেই জল্পনা-কল্পনাৰ উত্তৰত শইকীয়াই কয় যে ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই। নিৰ্বাচকৰ পৰিকল্পনাত থাকিলে ৰোহিতে ভাৰতৰ হৈ খেলি থাকিব বুলি তেওঁ ইংগিত দিয়ে।
আন এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শইকীয়াৰ মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰিছে বি চি চি আইৰ নিৰ্বাচকসকল। প্ৰতিবেদনত দাবী কৰা হৈছে যে ইংলেণ্ডত হোৱা হোৱাইট বল শৃংখলাৰ পিছত ৰোহিতক দলত নৰখাৰ সিদ্ধান্তৰ বিষয়ে নিৰ্বাচকসকলে তেওঁক অৱগত কৰিছিল। সেই স্থিতিৰ পিছতেই শইকীয়াৰ ৰাজহুৱা মন্তব্যত অসন্তুষ্টিৰ সৃষ্টি হয়।
বয়স আৰু ফিটনেছ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতো শেহতীয়াকৈ ৰোহিতে বেটেৰে নিজৰ দক্ষতা প্ৰমাণ কৰিছে। ২০২৫ চনৰ অক্টোবৰৰ পিছত খেলা ১৫খন এদিনীয়া মেচত তেওঁ দুটা ১২০-ৰ অধিক ৰানৰ ইনিংছ খেলিছে। তেওঁ চাৰিবাৰকৈ ৭০ ৰানৰ সীমা অতিক্ৰম কৰিছে।
ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত হোৱা দেশৰ বাহিৰৰ ছিৰিজতো সমালোচকৰ উত্তৰ দিছিল ৰোহিতে। লৰ্ডছত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত তেওঁ ১৩৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। সেই মেচৰ পূর্বে কেইবাটাও প্ৰতিবেদনত দাবী কৰা হৈছিল যে লৰ্ডছত তৃতীয়খন এদিনীয়াই ভাৰতীয় জার্চিত ৰোহিতৰ অন্তিমখন মেচ হ’ব পাৰে৷
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচকসকলে যুৱ খেলুৱৈৰ সৈতে নতুন দল গঢ়িব বিচৰা আৰু ৰোহিতৰ ঠাইত আনক সুযোগ দিয়াৰ ক্ষেত্ৰত তেওঁৰ সৈতে আলোচনাত মিলিত হৈছিল বুলিও কেইবাটাও বাতৰিত দাবী কৰা হৈছে। কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে উৎকৃষ্ট প্ৰদৰ্শনেৰে সেই জল্পনা-কল্পনাৰ শক্তিশালী উত্তৰ দিয়ে ভাৰতীয় অ’পেনাৰগৰাকীয়ে।
ইপিনে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে নির্বাচকসকলে ৰোহিতক দলত ৰাখিব পাৰে বুলি দাবী কৰা হৈছে৷ ফলত ভাৰতীয় ক্ৰিকেটত তেওঁৰ ভৱিষ্যতক লৈ সদ্যহতে জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।





