• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত হোটেলখনৰ অধিকাংশ বাসিন্দা গভীৰ টোপনিত আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 9:40 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাওণ মাহৰ অন্তিমটো সোমবাৰ। পশ্চিমবংগৰ বীৰভূমৰ তাৰাপীঠত তীৰ্থযাত্ৰীসকলৰ ভিৰ হৈছিল। মন্দিৰৰ পৰা নাতি দূৰত থকা এখন হোটেলত আশ্ৰয় লৈছিল কেইবাজনো তীৰ্থযাত্ৰীয়ে। সেই হোটেলতে ভয়ংকৰ অগ্নিকাণ্ডত ৭ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়।

অগ্নিকাণ্ডত আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি ৰামপুৰহাট চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়। এই ভয়ংকৰ ঘটনাই সোমবাৰে পুৱাই সমগ্ৰ তৰাপীঠত আতংক বিয়পাই দিয়ে।

Apply Now

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে সোমবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত তাৰাপীঠ আৰক্ষী থানাৰ সমীপৰ এখন হোটেলৰ তলৰ মহলাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। সেই সময়ত হোটেলখনৰ অধিকাংশ বাসিন্দা গভীৰ টোপনিত আছিল। ফলত জুই আৰু ধোঁৱা দ্ৰুতগতিত বিয়পি পৰাত হোটেলখনৰ ভিতৰত আতংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

স্থানীয় ৰাইজে হোটেলখনৰ পৰা ওলাই অহা জুই আৰু ধোঁৱা দেখি প্ৰথমে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। খবৰ পাই অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। হোটেলখনৰ ভিতৰত আবদ্ধ হৈ থকা বহু লোকক যুদ্ধসদৃশ গতিৰে উলিয়াই অনাৰ কাম আৰম্ভ কৰে উদ্ধাৰকাৰীয়ে।

হোটেলখনৰ বিভিন্ন স্থানত তালাচী চলোৱাৰ অন্তত উদ্ধাৰকাৰী দলৰ সদস্যসকলে জ্বলি যোৱা অৱস্থাত ৭জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰামপুৰহাট চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। অগ্নিকাণ্ডত গুৰুতৰভাৱে জ্বলি যোৱা আন কেইবাজনো লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কিছুমানৰ শাৰীৰিক অৱস্থা সংকটজনক। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাৰম্ভিক ধাৰণা হ’ল হয়তো শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হৈছে। অৱশ্যে এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ইমান সোনকালে হোটেলখনৰ আন অংশলৈ কেনেকৈ বিয়পি পৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

হোটেলখনত পৰ্যাপ্ত পৰিমাণৰ অগ্নিনিৰ্বাপক ব্যৱস্থা আছিল নে নাই, বৈদ্যুতিক সংযোগত কোনো ত্ৰুটি আছিল নেকি আৰু অগ্নিনিৰ্বাপক বাহিনীৰ নিয়ম সঠিকভাৱে পালন কৰা হৈছিল নে নাই সেই বিষয়ে তদন্ত চলি আছে।

ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। হোটেলখনৰ চিচিটিভি ফুটেজ, বৈদ্যুতিক সংযোগ আৰু অগ্নিনিৰ্বাপক ব্যৱস্থাৰ উপৰিও অন্যান্য বিষয়সমূহো তদন্তৰ আওতালৈ অনা হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd