• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

ইৰাণে এতিয়াও আমেৰিকাক তীব্ৰভাৱে প্ৰতিহত কৰি আছে। দেশখনে হৰমুজ জলদ্বীপৰ মাজেৰে বিশ্বৰ তৈল জাহাজৰ চলাচলতো বহু পৰিমাণে বাধা প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2026 1:58 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জনপ্ৰিয়তা আৰু অধিক হ্ৰাস পাইছে। ৰয়টাৰ-ইপছ’ছৰ এক নতুন জনমত সমীক্ষাত দেখা গৈছে যে ট্ৰাম্পৰ জনপ্ৰিয়তা ৩৩ শতাংশলৈ হ্ৰাস পাইছে, যিটো তেওঁৰ বৰ্তমানৰ কাৰ্যকালত সৰ্বনিম্ন। একে সময়তে বেছিভাগ আমেৰিকান লোকে ধাৰণা কৰে যে ইৰাণৰ সৈতে আমেৰিকাৰ যুদ্ধ দীৰ্ঘদিন ধৰি চলিব।

ৰয়টাৰ্ছ-ইপছ’ছৰ চাৰিদিনীয়া সমীক্ষাৰ সোমবাৰে অন্ত পৰে। ইয়াত অংশগ্ৰহণ কৰা ৬৪ শতাংশ লোকে ট্ৰাম্পৰ কামকাজৰ প্ৰদৰ্শনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে মাত্ৰ ৩৩ শতাংশইহে তেওঁক সমৰ্থন জনাইছে।

Apply Now

চলিত মাহৰ আগতে কৰা এক সমীক্ষাত ট্ৰাম্পৰ প্ৰতি সমৰ্থন আছিল ৩৫ শতাংশ। তেওঁৰ বৰ্তমানৰ কাৰ্যকালত তেওঁৰ সমৰ্থন কেতিয়াও ৩৩ শতাংশৰ তললৈ নামি অহা নাছিল। ২০১৭ চনৰ ডিচেম্বৰ মাহতো তেওঁৰ সমৰ্থন ৩৩ শতাংশলৈ হ্ৰাস পাইছিল, যিটো তেওঁৰ প্ৰথম কাৰ্যকালৰ আটাইতকৈ কম আছিল।

২০২৫ চনত যেতিয়া ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছলৈ উভতি আহিছিল, তেতিয়া প্ৰায় আধা সংখ্যক আমেৰিকান লোকে তেওঁক সমৰ্থন কৰিছিল। কিন্তু এই বছৰ ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ হোৱাৰ পিছত তেওঁৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰে। মিত্ৰদেশ ইজৰাইলৰ সৈতে আমেৰিকাই ইৰাণ আক্ৰমণ আৰম্ভ কৰাৰ পিছত দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছিল।

এই সংঘাতৰ প্ৰভাৱ বিশ্বৰ ইন্ধনৰ বজাৰতো পৰিছে। বিশ্বৰ প্ৰায় এক পঞ্চমাংশ তেলৰ ব্যৱসায় ব্যাহত হৈছে। ফলত আমেৰিকাত পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ ফলত দেশৰ সাধাৰণ জনতাৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হৈছে। একে সময়তে নৱেম্বৰ মাহত হ’বলগীয়া মধ্যকালীন নিৰ্বাচনত কংগ্ৰেছত সংখ্যাগৰিষ্ঠতা বজাই ৰাখিবলৈ চেষ্টা কৰি থকা ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰো চাপ বাঢ়িছে।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰি দীৰ্ঘদিনীয়া যুদ্ধত লিপ্ত নহ’ব বুলি প্ৰতিশ্ৰুতি দিছিল ট্ৰাম্পে। ইৰাণৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱাৰ পিছতো তেওঁ প্ৰথমে কৈছিল যে কেইসপ্তাহমানৰ ভিতৰতে যুদ্ধৰ অন্ত পৰিব।

অৱশ্যে ইৰাণে এতিয়াও আমেৰিকাক তীব্ৰভাৱে প্ৰতিহত কৰি আছে। দেশখনে হৰমুজ জলদ্বীপৰ মাজেৰে বিশ্বৰ তৈল জাহাজৰ চলাচলতো বহু পৰিমাণে বাধা প্ৰদান কৰিছে। যদিও সাম্প্রতিক সময়ত সংঘাত কিছু লাঘৱ হৈছে, তথাপিও সংকটৰ সম্পূর্ণ সমাধান হোৱা নাই৷

ৰয়টাৰ আৰু ইপছ’ছৰ সমীক্ষাত অংশগ্ৰহণ কৰা ৮০ শতাংশ আমেৰিকান লোকে কয় যে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ দীৰ্ঘদিন ধৰি চলিব। ৮৭ শতাংশ ডেম’ক্ৰেট আৰু ৭১ শতাংশ ৰিপাব্লিকানেও তেনেকৈয়ে ভাবে।

সমীক্ষাত অংশগ্ৰহণ কৰা ১৬ শতাংশ আমেৰিকান লোকৰ মতে কেইসপ্তাহমানৰ ভিতৰত যুদ্ধ শেষ হ’ব পাৰে।

যোৱা শুকুৰবাৰে নিউয়ৰ্কৰ গাৰ্ডেন চিটিত অনুষ্ঠিত ৰাজনৈতিক সমাৱেশত ট্ৰাম্পে কয় যে ইৰাণে যাতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে তাৰ বাবে আমেৰিকানসকলে পেট্ৰলৰ মূল্য সামান্য বৃদ্ধি কৰাটো মানি ল’ব লাগে।

ট্ৰাম্পে কয় যে এই মূল্য দিয়া হৈছে যাতে “অতি বেয়া দেশ” এখনে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰে।

ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ট্ৰাম্পে কেতিয়াবা সংঘাত বৃদ্ধি কৰাৰ ভাবুকি দিছিল, আৰু কেতিয়াবা শান্তি চুক্তি প্ৰায় শেষ হোৱা বুলিও কৈছিল। শেহতীয়া সমীক্ষাত দেখা গৈছে যে মাত্ৰ ২০ শতাংশ আমেৰিকান লোকেহে যুদ্ধখন আমেৰিকাৰ বাবে সঠিক সিদ্ধান্ত বুলি ভাবে। ৰিপাব্লিকানসকলৰো মাত্ৰ আধা সংখ্যকেহে এই মতামত গ্ৰহণ কৰিছিল।

যুদ্ধ আৰু পেট্ৰলৰ দামৰ উদ্বেগে ৩ নৱেম্বৰত হ’বলগীয়া মধ্যকালীন নিৰ্বাচনক লৈ ৰিপাব্লিকানসকলৰ মাজত দুশ্চিন্তা বৃদ্ধি কৰিছে।দলটোৰ মূল লক্ষ্য হৈছে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ সংখ্যাগৰিষ্ঠতা অক্ষুণ্ণ ৰখা। আনহাতে, ডেম’ক্ৰেটসকলেও ছিনেটত সংখ্যাগৰিষ্ঠতা পুনৰ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পাইছে।

চলিত মাহত ৰয়টাৰ আৰু ইপছ’ছৰ কেইবাটাও সমীক্ষাত দেখা গৈছে যে ভোটাৰসকলে অৰ্থনীতি পৰিচালনাৰ ক্ষেত্ৰত ৰিপাব্লিকানসকলতকৈ ডেম’ক্ৰেটসকলক অধিক সক্ষম বুলি গণ্য কৰে। প্ৰায় এটা দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে এনে এখন ছবি দেখা গৈছে।

শেহতীয়া সমীক্ষাত ৩৮ শতাংশ ভোটাৰে কয় যে ডেম’ক্ৰেটসকলে অৰ্থনীতি ভালদৰে পৰিচালনা কৰিবলৈ অধিক সক্ষম। ৩৫ শতাংশই ৰিপাব্লিকানৰ সপক্ষে মত দিছিল। ভোটাৰসকলে ডেম’ক্ৰেটসকলক জীৱন-যাপনৰ ব্যয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো অধিক সক্ষম বুলি গণ্য কৰে।

অৱশ্যে অভিবাসন নীতিৰ ক্ষেত্ৰত এতিয়াও আগবাঢ়ি আছে ৰিপাব্লিকান। ট্ৰাম্পৰ গোটেই কাৰ্যকালত এই বিষয়ত তেওঁৰ দলৰ নীতি ডেম’ক্ৰেটতকৈ বেছি জনপ্ৰিয় আছিল। সীমান্তত অবৈধ প্ৰৱেশ যথেষ্ট হ্ৰাস পোৱাৰ লগতে সমগ্ৰ দেশতে ট্ৰাম্পে প্ৰব্ৰজন বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে।

কিন্তু শেহতীয়াকৈ সংঘটিত হোৱা মাৰাত্মক সংঘৰ্ষ আৰু প্ৰব্ৰজন বিৰোধী অভিযানত গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধিৰ বাবে ৰিপাব্লিকান দলৰ সমৰ্থন হ্ৰাস পাইছে। আটক কৰাসকলৰ ভিতৰত শিশুও আছে।

ৰয়টাৰ আৰু ইপছ’ছে অনলাইনযোগে কৰা এই সমীক্ষাত সমগ্ৰ আমেৰিকাত ১১৬৬ জন প্ৰাপ্তবয়স্ক লোকৰ ওপৰত সমীক্ষা কৰা হৈছে। এই সমীক্ষাত ভুলৰ সম্ভাৱনা ৩ শতাংশ, অৰ্থাৎ ফলাফল ৩ শতাংশ পৰ্যন্ত বৃদ্ধি বা হ্ৰাস হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd