ভূমি অধিকাৰ আন্দোলনৰ নেতা প্ৰণৱ দলেৰ মুক্তিৰ দাবী আৰু অসম চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ চূড়ান্ত অপপ্ৰয়োগৰ বিৰুদ্ধে আজি গুৱাহাটীৰ চচলত ‘ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি’ৰ উদ্যোগত এক ব্যাপক প্ৰতিবাদী গণ-ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদত ৰাভা হাছঙৰ উকিয়াম, বৰদুৱাৰ, নগাঁৱৰ মিকিৰ বামুণী, জাগীৰোড, কাৰ্বি আংলং, ডিমা হাছাও, গুৱাহাটীৰ শীলসাঁকো আদি বিভিন্ন প্ৰান্তৰ পৰা থলুৱা ভূমি আৰু অধিকাৰ ৰক্ষাৰ সংগ্ৰামৰ লগত জড়িত বহু জনজাতীয় কৃষক তথা জনসাধাৰণে অংশগ্ৰহণ কৰে।
প্ৰতিবাদী জনতাৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছ নেত্ৰী শিৱামণি বৰা, এপিএইচএলচি-ৰ সভাপতি জন ইংতি কাথাৰ, চিপিআই (এম)-ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআই (এম এল)-ৰ সম্পাদক বিবেক দাস আৰু চিপিআই-ৰ জয়ন্ত গগৈয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে আৰু প্ৰণৱ দলেৰ মুক্তিৰ দাবী জনায়।
ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীটোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, নিখিল ৰাভা জাতীয় পৰিষদৰ গোবিন্দ চন্দ্ৰ ৰাভা আৰু আদিত্য ৰাভা, সদৌ তিৱা ছাত্ৰ সন্থাৰ বিমান মাচৰেং আৰু প্ৰমোদ চাগ্ৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰকাশ বাৰাক, অৰুণাচলৰ দিবাং নদীবান্ধ বিৰোধী আন্দোলনৰ নেতা ইব’ মিলি, উকিয়াম নদীবান্ধ বিৰোধী আন্দোলনৰ চেংজান চাংমা, অসম নাগৰিক সমাজৰ পৰেশ মালাকাৰ আৰু শংকৰ শইকীয়া, যোৰহাট নাগৰিক সমাজৰ প্ৰদীপ চক্ৰৱৰ্তী আদি বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ইয়াৰ উপৰিও যুৱ নেতা লিটচং ৰংফাৰ, সদৌ জনজাতি ছাত্ৰ সন্থাৰ দেৱকুমাৰ পেগু, সদৌ দেউৰী ছাত্ৰ সন্থাৰ অৱিনাশ দেউৰী, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উপ-সভাপতি সিদ্ধাৰ্থ শংকৰ শইকীয়া, ট্ৰেড ইউনিয়ন নেতা পংকজ কুমাৰ দাস, প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকা, নিখিল ভাৰত যুৱ ফেডাৰেচনৰ কৃষ্ণ গগৈ, বিশিষ্ট নাগৰিক ইন্দ্ৰাণী দত্ত, ৰবীন দত্ত, পৰিৱেশ কৰ্মী পক্ষীৰাজ ৰাভা প্ৰমুখ্যে বহু ছাত্ৰ-ছাত্ৰী আৰু গৱেষকেও অংশগ্ৰহণ কৰি প্ৰণৱ দলেৰ মুক্তিৰ দাবী জনায়। সমিতিৰ আহ্বায়ক বিদিশা বৰ্মনে এক সংগ্ৰামী গীতেৰে প্ৰতিবাদস্থলী মুখৰিত কৰি তোলে।
কিয় গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰণৱ দলক?
উল্লেখযোগ্য যে, যোৱা ১২ জুলাইত কাজিৰঙাৰ হাতীখুলিৰ ইংলে পথাৰৰ ৪৫ টা আদিবাসী পৰিয়ালৰ পৈতৃক বসতি আৰু কৃষিভূমিৰ ওপৰত বলপূৰ্বকভাৱে বৃহৎ হোটেল প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ অপৰাধত প্ৰণৱ দলে আৰু আন চাৰিগৰাকী কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত সত্ৰ ন্যায়াধীশে জামিন প্ৰদান কৰাৰ পিছতো ৩১ জুলাইত প্ৰণৱ দলেৰ ওপৰত কঠোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA) জাপি দি ষড়যন্ত্ৰমূলকভাৱে কাৰাবাসৰ ম্যাদ দীঘলীয়া কৰা কাৰ্যক আন্দোলনকাৰীসকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। গণতান্ত্ৰিক সমাজ ব্যৱস্থাত নাগৰিকৰ মৌলিক অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰি সামাজিক কৰ্মীৰ ওপৰত ক’লা আইন প্ৰয়োগ কৰাটো এক স্বৈৰাচাৰী শাসনৰ পৰিচয় বুলি ৰাইজে মত প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ আৰু প্ৰধান দাবীসমূহ:
আজিৰ এই গণ-ধৰ্ণাস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি কেইবাটাও জৰুৰী দাবী উত্থাপন কৰা হয়। প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তি: ভূমি আৰু মানৱ অধিকাৰ আন্দোলনৰ নেতা প্ৰণৱ দলেক অনতিপলমে আৰু বিনাচৰ্তে কাৰাগাৰৰ পৰা মুক্তি দিয়া হওক।
মিছা গোচৰ খাৰিজ: ইংলে পথাৰৰ ঘটনাৰ সৈতে জড়িত হৈ কাৰাবাস খাটিবলগীয়া হোৱা প্ৰণৱ দলে আৰু অন্যান্য সতীৰ্থসকলৰ বিৰুদ্ধে অনা সকলো ভিত্তিহীন গোচৰ তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰক।
হোটেল প্ৰকল্প বাতিল আৰু উচ্ছেদ বন্ধ: ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্প চিৰদিনৰ বাবে বন্ধ কৰা হওক আৰু তাত যুগ যুগ ধৰি বসতি কৰি অহা ৪৫ টা আদিবাসী পৰিয়ালক উচ্ছেদ কৰাৰ সকলো চৰকাৰী প্ৰচেষ্টা সম্পূৰ্ণৰূপে বাতিল কৰা হওক।
দিল্লীত জেএনইউ ছাত্ৰ সমাজৰ প্ৰতিবাদ:
আনহাতে, গুৱাহাটীৰ লগতে আজি সন্ধিয়া নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো (JNU) প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু শিক্ষক সমাজে অংশগ্ৰহণ কৰে আৰু প্ৰণৱ দলেক বিনাচৰ্তে মুক্তি দিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়।





