সমগ্ৰ জীৱন কৰ্ণাটকৰ মাণ্ড্যৰ পথত বহি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা এগৰাকী বৃদ্ধাৰ মৃত্যুৰ পাছত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। বৃদ্ধাগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ ভাড়াহৰৰ পৰা উদ্ধাৰ হৈছে নগদ লাখ লাখ টকা। ঘৰটোত থকা কমেও ৩০ টা বস্তাৰ ভিতৰত সযতনে সাঁচি থোৱা আছিল ১০, ২০ আৰু ৫০ টকীয়া অলেখ নোটৰ লগতে শ শ মুদ্ৰা।
জানিব পৰা মতে, ৬৮ বছৰীয়া হূৰ উন্নিসা নামৰ বৃদ্ধাগৰাকীয়ে নিজৰ ভনীয়েকৰ সৈতে এটা ঘৰ ভাড়া লৈ বাস কৰিছিল। দুয়োগৰাকী ভনিয়েকেই পথত ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিছিল আৰু দুয়ো অবিবাহিত আছিল। দুবছৰ পূৰ্বে হূৰৰ ভনীয়েকৰ মৃত্যু হোৱাৰ পাছৰ পৰা সেই ভাড়াহৰটোত তেওঁ অকলশৰীয়াকৈ আছিল। দেওবাৰে কোঠাটোৰ পৰাই বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। স্থানীয় লোকে জানিবলৈ দিয়া মতে, তেওঁ দীৰ্ঘদিন ধৰি বয়সজনিত ৰোগত আক্ৰান্ত হৈ আছিল আৰু তাৰ ফলতেই তেওঁৰ মৃত্যু হয়।
দেওবাৰে হূৰৰ মৃত্যুৰ খবৰ পাই তেওঁৰ ঘৰলৈ যোৱা প্ৰতিৱেশীসকলে কোঠাটোৰ ভিতৰত কমেও ৩০ টা বস্তা পৰি থকা প্ৰত্যক্ষ কৰে। কৌতূহলবশতঃ বস্তাবোৰ খুলি চোৱাত সকলোৰে চকু কপালত উঠে। বস্তাৰ ভিতৰৰ পৰা ওলাই আহে অসংখ্য নোট আৰু শ শ মুদ্ৰা। পৰৱৰ্তী সময়ত এই ধনখিনি গণি চোৱাত তাৰ সৰ্বমুঠ পৰিমাণ প্ৰায় ৮ লাখ ৪০ হাজাৰ টকা ওলায়।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সেই ধনখিনি হূৰৰ দুজন ভাতৃৰ হাতত তুলি দিয়ে। ইয়াৰে এজনক ৬ লাখ টকা আৰু আনজনক ২ লাখ ৪০ হাজাৰ টকা প্ৰদান কৰা হয়। অৱশ্যে, দ্বিতীয়গৰাকী ভাতৃয়ে তেওঁ লাভ কৰা সমগ্ৰ ধনখিনি এটা মছজিদত দান কৰা বুলি জানিব পৰা গৈছে।





