• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 7:06 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নীট’ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বিতৰ্কক লৈ দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা ‘ককৰোচ জনতা পাৰ্টী’য়ে পুনৰ আন্দোলনৰ পথ বাছি লৈছে। তদানীন্তন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবীটো পূৰণ হোৱাৰ পাছত প্ৰায় চাৰি সপ্তাহ পূৰ্বে তেওঁলোকে প্ৰতিবাদ স্থগিত ৰাখিছিল। কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক দিয়া আন প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ অভিযোগ তুলি অহা ৫ ছেপ্টেম্বৰত ৰাজধানী দিল্লীত এক শান্তিপূৰ্ণ সমদল বাহিৰ কৰিব বুলি জানিবলৈ দিছে।

 

Apply Now

চলিত বৰ্ষৰ আৰম্ভণিতে ইনষ্টাগ্ৰামত এক ব্যংগাত্মক গোট হিচাপে আৰম্ভ হৈ বৰ্তমান ৰাজনৈতিক অধিকাৰৰ বাবে সক্ৰিয় হৈ পৰা এই সংগঠনটোৱে জনোৱা মতে, তেওঁলোকৰ এই সমদল ইণ্ডিয়া গেটৰ পৰা আৰম্ভ হৈ দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈকে যাব। ইয়াৰ ফলত চৰকাৰ আৰু প্ৰতিবাদকাৰীৰ মাজত পুনৰ এক বৃহৎ সংঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা গৈছে।

 

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ উপৰিও সংগঠনটোৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ দাবী আছিল। ইয়াৰ ভিতৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত মানসিক হেঁচাত আত্মহত্যা কৰা নীট পৰীক্ষাৰ্থীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আৰু প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি অন্যতম আছিল। যোৱা ২৫ জুলাইত চৰকাৰে এই দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছতেই তেওঁলোকে প্ৰতিবাদ স্থগিত ৰাখিছিল। কিন্তু এতিয়া সংগঠনটোৱে অভিযোগ কৰিছে যে চৰকাৰে বিভিন্ন কাৰিকৰী অজুহাত দেখুৱাই নিজৰ প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটিব বিচাৰিছে আৰু বিষয়টো কেৱল পিছুৱাই নিবলৈ চেষ্টা কৰিছে। আনকি উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশতে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰসমূহ বাতিল কৰিবলৈ এখন তালিকা বিচাৰিছিল যদিও চৰকাৰে সেয়া প্ৰদান নকৰাৰো অভিযোগ উঠিছে।

 

সংগঠনটোৱে লগতে স্পষ্ট কৰি দিছে যে ৫ ছেপ্টেম্বৰৰ এই প্ৰতিবাদী সমদলৰ নেতৃত্ব দিব খোদ নিহত পৰীক্ষাৰ্থীসকলৰ পিতৃ-মাতৃ আৰু আৰক্ষীৰ লাঠীচালনাত আহত হোৱা লোকসকলে। ককৰোচ জনতা পাৰ্টীয়ে ইতিমধ্যে সকলো ছাত্ৰ-ছাত্ৰী, যুৱ সংগঠন আৰু সাধাৰণ নাগৰিকক বিপুল সংখ্যাত ইণ্ডিয়া গেটত সমৱেত হ’বলৈ আহ্বান জনাইছে।

 

উল্লেখযোগ্য যে, যোৱা মাহত এই সংগঠনটোৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে সংসদ ভৱনলৈ সমদল বাহিৰ কৰাৰ সময়ত দিল্লী আৰক্ষীয়ে তেওঁলোকৰ ওপৰত নিৰ্মমভাৱে লাঠীচালনা কৰিছিল। ইয়াত বহু প্ৰতিবাদকাৰীৰ লগতে আৰক্ষীৰ লোকো আহত হৈছিল। এই ঘটনাৰ পাছতেই সমগ্ৰ দেশজুৰি প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছিল আৰু অৱশেষত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd