• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰৰ ওপৰত পাকিস্তানৰ নতুন দাবীয়ে ভাৰত-পাকিস্তান সংঘাতৰ সময়ত ইৰাণৰ ভূমিকা সম্পৰ্কে নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 1:19 pm
পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছাক দাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছাক দাৰ। ফাইল ফটোঃ সংগ্ৰহীত।

24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানে এইবাৰ অপাৰেচন সিন্দুৰক লৈ চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। আমেৰিকা আৰু ইৰাণৰ সংঘাতৰ মাজতে পাকিস্তানে দাবী কৰিছে যে ২০২৫ চনৰ মে’ মাহত ভাৰতৰ সৈতে হোৱা সংঘাতৰ সময়ত ইৰাণে পাকিস্তানৰ কাষত থিয় দিছিল।যদিও এই দাবী সন্দৰ্ভত পাকিস্তান বা ইৰাণ চৰকাৰৰ পৰা কোনো বিশদ আনুষ্ঠানিক ব্যাখ্যা আগবঢ়োৱা হোৱা নাই, পাকিস্তানৰ বক্তব্যক কেন্দ্ৰ কৰি নতুন কৌতুহলৰ সৃষ্টি হৈছে।

‘দ্য ট্ৰিবিউন ইণ্ডিয়া’ৰ এক প্ৰতিবেদনত এই দাবীৰ কথা প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছাক দাৰৰ বক্তব্যৰ উদ্ধৃতিৰে প্ৰকাশ কৰা হৈছে এই দাবীৰ কথা। পাকিস্তানৰ নেছনেল এছেম্বলিত দিয়া এক উত্তৰত তেওঁ কয় যে বিগত দুবছৰত পাকিস্তান আৰু ইৰাণৰ মাজৰ সম্পৰ্ক উন্নত হৈছে। তেওঁ দাবী কৰে যে ২০২৫ চনৰ জুন মাহত ১২ দিনীয়া সংঘাত আৰু শেহতীয়াকৈ ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ মাজত সংঘাতৰ সময়ত পাকিস্তানে তেহৰাণক শক্তিশালী কূটনৈতিক আৰু ৰাজনৈতিক সহায় আগবঢ়াইছিল।

Apply Now

ইয়াৰ লগতে দাৰে দাবী কৰে যে ২০২৫ চনৰ মে’ মাহত ভাৰতৰ সৈতে হোৱা সংঘাতৰ সময়ত ইৰাণেও পাকিস্তানক তীব্ৰ সমৰ্থন কৰিছিল। অৱশ্যে ইৰাণৰ সমৰ্থন বুলিলে সঠিকভাৱে কি বুজাব খোজা হৈছে সেই বিষয়ে তেওঁ কোনো নিৰ্দিষ্ট ব্যাখ্যা দিয়া নাছিল। সামৰিক সাহায্য, কূটনৈতিক সমৰ্থন নে আন কোনো ধৰণৰ সহযোগিতা সেয়া স্পষ্ট নহয়।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ মে’ মাহত ইছাক দাৰ নিজেই ইৰাণ ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ এটা উদ্দেশ্য আছিল ভাৰতৰ বিৰুদ্ধে সংঘাতৰ সময়ত পাকিস্তানৰ কাষত থিয় দিয়াৰ বাবে ইৰাণক ধন্যবাদ জনোৱা। ২০২৫ চনৰ ৭ মে’ত আৰম্ভ হৈছিল অপাৰেচন সিন্দুৰ। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে এই সামৰিক অভিযান চলাইছিল।

ভাৰতে দাবী কৰে যে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিসমূহক লক্ষ্য কৰি এই অভিযান চলোৱা হৈছে। কেইদিনমান দুয়োখন দেশৰ মাজত তীব্ৰ সংঘৰ্ষৰ অন্তত কাৰ্যকৰী হয় যুদ্ধবিৰতি।

ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও পাছত অপাৰেচন সিন্দুৰ সন্দর্ভত বিতংভাৱে মন্তব্য কৰে৷ পেহেলগাম আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাটোৱেই ভাৰতৰ লক্ষ্য বুলিও তেওঁ কয়। তেওঁ স্পষ্টকৈ কয় যে ভাৰতৰ সহনশীলতাক দুৰ্বলতা হিচাপে চাব নালাগে। লগতে প্রয়োজন হ’লে দেশে কঠোৰ পদক্ষেপ ল’ব পাৰে বুলিও বার্তা প্রদান কৰে৷

আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও পাকিস্তানক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। তেওঁ কয় যে যদি পাকিস্তানৰ সৈতে কিবা আলোচনা হয়, তেন্তে সেয়া মূলতঃ পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰত হ’ব। তেওঁ স্পষ্টকৈ কয় যে ভাৰতক যদি সন্ত্ৰাসবাদৰ জৰিয়তে ভয় খুৱাবলৈ চেষ্টা কৰিলে তাৰ তীব্ৰ প্ৰত্যুত্তৰ দিয়া হ’ব।

ইপিনে, যুদ্ধবিৰতি সন্দৰ্ভত ভাৰতৰ স্থিতিও স্পষ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে দাবী কৰি আহিছে যে সংঘাত বন্ধ কৰাৰ ক্ষেত্ৰত কোনো তৃতীয় পক্ষৰ ভূমিকা নাছিল। ভাৰতে দাবী কৰিছে যে যুদ্ধবিৰতিৰ উদ্যোগ পাকিস্তানৰ পৰাই আহিছিল।

সামগ্ৰিকভাৱে অপাৰেচন সিন্দুৰৰ ওপৰত পাকিস্তানৰ নতুন দাবীয়ে ভাৰত-পাকিস্তান সংঘাতৰ সময়ত ইৰাণৰ ভূমিকা সম্পৰ্কে নতুন প্ৰশ্নৰ উত্থাপন কৰিছে। কিন্তু এই বিষয়ত ইৰাণ বা পাকিস্তান চৰকাৰে সম্পূৰ্ণ ব্যাখ্যা নিদিয়ালৈকে দাবীৰ প্ৰকৃত গুৰুত্ব আৰু পৰিসৰৰ বিষয়ে নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱাটো কঠিন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

‘ইছলামত হিজাব বাধ্যতামূলক নহয়’, মুছলমান শিক্ষাৰ্থীৰ আবেদন নাকচ কৰি আৰু কি ক’লে উচ্চ ন্যায়ালয়ে?

August 25, 2026 12:21 pm
পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

August 25, 2026 1:44 pm
অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

অপাৰেচন সিন্দুৰত ইৰাণ কাৰ পক্ষত আছিল? ডাঙৰ দাবী কৰিলে পাকিস্তানে

August 25, 2026 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd