• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী নেপাল

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2026 8:25 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমালয়ৰ পাৰ্বত্য অঞ্চলত তুষাৰপাত আৰু হিমবাহ ভঙাৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ আকস্মিক বানে নেপালৰ বিস্তৃত সীমান্ত অঞ্চলত ব্যাপক ধ্বংসযজ্ঞ চলাইছে। মহাকাশ গৱেষণা সংস্থা ‘প্লেনেট লেবছ’ৰ উপগ্ৰহৰ ছবিত এই ভয়াবহ বিপৰ্যয়ৰ স্পষ্ট ৰূপ ধৰা পৰিছে। তিব্বত সীমান্তৰ সমীপৰ ৰচুৱাগঢ়ী আৰু ভোটেকোশী নদীৰ অৱবাহিকাত অতি কম সময়ৰ ভিতৰতে জনবসতি, পথ আৰু জলবিদ্যুৎ প্ৰকল্প ধ্বংস হোৱা দেখা গৈছে।

 এই প্ৰাকৃতিক দুৰ্যোগত নেপালত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ৯৫ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি ১০৮ জন ভাৰতীয় নাগৰিকসহ প্ৰায় ৪০০ লোক এতিয়াও সন্ধানহীন হৈ আছে। উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে সন্ধানহীন লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। 

Apply Now

নেপাল চৰকাৰৰ প্ৰাৰম্ভিক অনুসন্ধানত এই বিপৰ্যয়ৰ সম্ভাব্য কাৰণ সন্দৰ্ভত কিছু তথ্য পোহৰলৈ আহিছে। ৰচুৱাগঢ়ী সীমান্তৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ-পূবত থকা নেপাল-চীন সীমান্তৰ হিমবাহ অঞ্চলত বৃহৎ পৰিমাণৰ বৰফ আৰু শিল খহি পৰাৰ ফলতেই এই বিপদৰ সূচনা হোৱা বুলি সন্দেহ কৰা হৈছে। এই বিশাল হিমবাহ কোনো বৰফেৰে আৱৰা জলাশয়ত পৰাৰ ফলত হঠাতে পানীৰ প্ৰচণ্ড সোঁতৰ সৃষ্টি হোৱা অথবা কিছু সময়ৰ বাবে নদীৰ গতিপথ বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে।

তাৰ পাছতেই জমা হৈ থকা বৰফ, গলি যোৱা পানী আৰু শিল-মাটিৰ বিশাল স্তূপ একেলগে তীব্ৰ সোঁতত তললৈ নামি আহে। লেণ্ডে খোলা (Lende Khola) নদীৰে এই ভয়ংকৰ বোকাযুক্ত সোঁত পোনে পোনে ভোটেকোশী নদীত মিলিত হয়। অতি কম সময়ৰ ভিতৰতে এই প্ৰচণ্ড সোঁতে নদীৰ কাষৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে।

প্লেনেট লেবছৰ ২৫ আৰু ২৬ আগষ্টৰ উপগ্ৰহৰ ছবি তুলনা কৰিলে এই বিপৰ্যয়ৰ ব্যাপকতা স্পষ্ট হৈ পৰে। বুধবাৰে পুৱা প্ৰায় ৯ বজাত সৃষ্টি হোৱা প্ৰচণ্ড বানৰ সোঁতে একাধিক গাঁও, গুৰুত্বপূৰ্ণ যাতায়াত পথ আৰু নিৰ্মীয়মাণ জলবিদ্যুৎ প্ৰকল্প উটুৱাই নিয়ে। পূৰ্বৰ দৃশ্যৰ সৈতে বৰ্তমানৰ অৱস্থা তুলনা কৰিলেই অঞ্চলটোৰ পৰিৱৰ্তনৰ ভয়াবহ ৰূপ সহজে অনুমান কৰিব পাৰি।

নেপাল প্ৰশাসনৰ তথ্য অনুসৰি, সন্ধানহীন ৩৮৪ জন পৰ্যটকৰ ভিতৰত ২৯১ জন ভাৰত, আমেৰিকা, ব্ৰিটেইন আৰু মালয়েছিয়াকে ধৰি বিভিন্ন দেশৰ নাগৰিক। নেপাল পৰ্যটন ব’ৰ্ডৰ বিষয়াসকলে আশংকা কৰা মতে, সন্ধানহীন লোকসকলৰ ভিতৰত বৃহৎ সংখ্যক ভাৰতীয় তীৰ্থযাত্ৰী অথবা অধিবাসী ভাৰতীয় থাকিব পাৰে। তেওঁলোকৰ বহুতেই কৈলাস মানস সৰোবৰ যাত্ৰাৰ বাবে তিব্বতৰ দিশে গৈছিল বুলি ধাৰণা কৰা হৈছে।

এই কঠিন পৰিস্থিতিত ভাৰত চৰকাৰে নেপালৰ কাষত থিয় দিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে জৰুৰী উদ্ধাৰ আৰু সাহায্য অভিযানত পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। ভাৰতীয় পক্ষই নেপাল প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ অভিযান চলাই থকা বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ আগষ্ট মাহতো অত্যধিক উষ্ণতাৰ প্ৰভাৱত তিব্বতৰ এটা হিমবাহৰ জলাশয় ফাটি এই অঞ্চলত একেধৰণৰ ভয়ংকৰ বানৰ সৃষ্টি হৈছিল। সেই দুৰ্যোগত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে নেপাল-চীন সংযোগী এখন গুৰুত্বপূৰ্ণ দলঙো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। পুনৰ একেধৰণৰ বিপৰ্যয়ে হিমালয় অঞ্চলত হিমবাহৰ অৱক্ষয় আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়ংকৰ প্ৰভাৱক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd