কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰিচালনাক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে, ২৬ আগষ্টত দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলক লৈ চলি থকা বিতৰ্কৰ মাজতে কংগ্ৰেছৰ পূৰ্বৰ শাসনকালক কঠোৰভাৱে সমালোচনা কৰে।
হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে বৰ্তমান কাজিৰঙাত কোনো পৰিৱেশ-সংবেদনশীল অঞ্চল নাই। কংগ্ৰেছৰ শাসনকালত কাজিৰঙাৰ সংৰক্ষণ ব্যৱস্থা দুৰ্বল হৈ পৰিছিল বুলিও তেওঁ অভিযোগ কৰে। তেওঁৰ ভাষ্য, “কংগ্ৰেছে কাজিৰঙা ধ্বংস কৰিলে, বিজেপিয়ে কাজিৰঙা ৰক্ষা কৰিলে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো সমালোচনাৰ লক্ষ্য কৰি লয়। তেওঁ কয়, তৰুণ গগৈ আৰু পাঁচ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলে কাজিৰঙাত এটাও গঁড় নাথাকিলহেঁতেন।
কাজিৰঙাৰ অৱনতিৰ বাবে কংগ্ৰেছে জনসাধাৰণৰ ওচৰত ক্ষমা বিচৰা উচিত বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। “কাজিৰঙা ধ্বংস কৰাৰ বাবে কংগ্ৰেছে ক্ষমা খোজা উচিত,” বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ঘেৰি থকা পৰিৱেশ-সংবেদনশীল অঞ্চলক লৈ বৰ্তমানেও আলোচনা অব্যাহত আছে। সংৰক্ষণৰ প্ৰয়োজনীয়তা, উন্নয়নমূলক কাম আৰু সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া ভূমিৰ ব্যৱহাৰক লৈ সৃষ্টি হোৱা এই বিতৰ্কই ৰাজনীতি গৰম কৰি তুলিছে।
অসমৰ অন্যতম গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰ কাজিৰঙা এশিঙীয়া গঁড়ৰ মুখ্য আশ্ৰয়স্থল হিচাপে বিশ্বজুৰি পৰিচিত। কাজিৰঙাৰ ভৱিষ্যৎ সংৰক্ষণ আৰু ইয়াৰ চৌপাশৰ ভূমি ব্যৱহাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই বিষয়টো অধিক চৰ্চালৈ আনিছে।





