দিল্লীৰ নিজৰ ঘৰৰ ভিতৰতে এগৰাকী ২১ বছৰীয়া যুৱতীক ছুৰীকাঘাত কৰি হত্যা কৰা হৈছে। বুধবাৰে পশ্চিম দিল্লীৰ তিলক নগৰ অঞ্চলত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱতীগৰাকীৰ নাম মুস্কান। জানিব পৰা মতে তেওঁ পঢ়া-শুনাৰ লগতে মডেলিঙৰ লগতো জড়িত আছিল।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ সময়ত যুৱতীগৰাকী ঘৰৰ দ্বিতীয় মহলাত অকলশৰে আছিল। অভিযোগ উত্থাপন হৈছে যে তেওঁৰ চিনাকি জিম ট্ৰেইনাৰ ইমৰানে ছুৰী লৈ ঘৰত প্ৰৱেশ কৰি তেওঁক আক্ৰমণ কৰিছিল। অভিযোগ অনুসৰি এই ঘটনাৰ পিছতে অভিযুক্তই পলায়ন কৰে।
স্থানীয় সূত্ৰৰ মতে, চুবুৰীয়াই হঠাতে মুস্কানৰ চিঞৰ শুনিবলৈ পায়। তেওঁলোকে লৰালৰিকৈ তেওঁলোকৰ ঘৰলৈ আহে। তালৈ গৈ মুস্কানক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখা পায়। কোৱা হৈছে যে তেওঁৰ শৰীৰত একাধিক ছুৰীৰ আঘাত দেখা গৈছিল। চুবুৰীয়াই তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। কিন্তু ডাক্তৰৰ সকলো চেষ্টাৰ পিছতো তেওঁৰ মৃত্যু হয়।
ঘটনাৰ পিছতে আৰক্ষীয়ে অঞ্চলটোত উপস্থিত হয়। অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত অভিষেক গুপ্তাই কয় যে অভিযুক্তক বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত আছে। তদন্তকাৰীয়ে ঘটনাস্থলী আৰু ইয়াৰ আশে-পাশে থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে। আক্ৰমণৰ পূৰ্বে বা পিছত কোনো সন্দেহযুক্ত লোকৰ যাতায়ত হৈছিল নেকি সেই বিষয়ে জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।
মুস্কানৰ চিনাকি সকলেও এই ঘটনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সন্মুখলৈ আনিছে। বন্ধু আমনে কয় যে তিনি ভগ্নীৰ ভিতৰত মুস্কান সৰু। ঘটনাৰ সময়ত তেওঁৰ ভগ্নী চণ্ডীগড়ত আছিল। তেওঁ আমনক ফোন কৰি তৎক্ষণাত মুস্কানৰ ঘৰলৈ যাবলৈ কয়। তাৰ পৰাই তেওঁ গম পালে যে কোনোবাই মুস্কানক ছুৰীৰে আঘাত কৰিছে।
আমনে দাবী কৰে যে এই খবৰ পোৱাৰ লগে লগে তেওঁ বন্ধু এজনক ফোন কৰি মুস্কানৰ ঘৰলৈ গৈ ততাতৈয়াকৈ চিকিৎসালয়লৈ নিবলৈ কয়। আমন নিজে সেই স্থান পোৱাৰ আগতেই এখন এম্বুলেন্স আহি মুস্কানক চিকিৎসালয়লৈ লৈ যায়। কিন্তু শেষত তেওঁক ৰক্ষা কৰিব নোৱাৰিলে।
তদন্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে মুস্কান আৰু অভিযুক্ত ইমৰাণৰ সম্পৰ্ক। মুস্কানৰ ভনীয়েকহঁতে আমনক কয় যে ইমৰানে তাইক বহুদিনৰ পৰা হাৰাশাস্তি কৰি আহিছে। ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে। ফলত বুধবাৰৰ আক্ৰমণৰ পিছত পৰিয়ালটোৰ সন্দেহ পোনে পোনে ইমৰাণৰ পিনে যায়।
আমনৰ মতে, ইমৰাণৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও হাৰাশাস্তিৰ অভিযোগ উত্থাপন হৈছিল। সেইবাবেই মুস্কানক আক্ৰমণৰ খবৰ পোৱাৰ পিছত তেওঁকে মূল সন্দেহজনক বুলি গণ্য কৰা হয়। যদিও আৰক্ষীৰ তদন্তত এই অভিযোগৰ সম্পূৰ্ণ সত্যতা এতিয়াও প্ৰমাণিত হোৱা নাই।
ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ সন্ধান আৰম্ভ কৰিছে। চিচিটিভি ফুটেজ, প্ৰত্যক্ষদৰ্শীৰ বক্তব্য আৰু অন্যান্য প্ৰমাণ পৰীক্ষা কৰা হৈছে। তদন্তকাৰীয়ে মুস্কানক কিয় হত্যা কৰা হ’ল, অভিযুক্তৰ সৈতে তেওঁৰ কেনেধৰণৰ সম্পৰ্ক আছিল আৰু ঘটনাৰ পূৰ্বে তেওঁলোকৰ মাজত কিবা কথা-বতৰা বা বিবাদ হৈছিল নেকি, এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে।
মাত্ৰ ২১ বছৰীয়া এগৰাকী যুৱতীৰ মৃত্যুত পৰিয়াল আৰু চিনাকি মানুহৰ মাজত শোকৰ ছাঁ পৰিছে। আনহাতে, এই ঘটনাৰ বাবে দিল্লীত মহিলাসকলৰ সুৰক্ষাৰ ওপৰত পুনৰ প্ৰশ্ন উত্থাপন হৈছে। মৃতকৰ পৰিয়াল আৰু চিনাকি লোকে অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ অনাৰ দাবী জনাইছে।



