শিৱসাগৰ জিলাত বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যুৰ এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে নাজিৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। ছচিয়েল মিডিয়াত দিয়া এটা পোষ্টত শইকীয়াই লগতে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰত ‘বাংলাদেশী প্ৰৱেশ’ক লৈ কৰা বক্তব্যকো প্ৰত্যাহ্বান জনাইছে।
ছচিয়েল মিডিয়া পোষ্টত শইকীয়াই মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত কয়, ‘’আহোম স্বৰ্গদেউসকলৰ মহান ঐতিহ্য আৰু সমদৃষ্টিৰ আদৰ্শৰে দুৰ্গত-দুখীয়াৰ কাষত থিয় দিয়া মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যুক লৈ এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছো। যদিহে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড, তেন্তে দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰি ন্যায় নিশ্চিত কৰিব লাগিব।‘’
আনহাতে শিৱসাগৰত বাংলাদেশী প্ৰৱেশৰ বিষয়টোত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই শইকীয়াই কয়, ‘’একেদৰে, শিৱসাগৰত ‘বাংলাদেশী প্ৰৱেশ’ক লৈ মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিব বিচৰা ৰাজনৈতিক নাটকৰ তীব্ৰ বিৰোধিতা কৰিছো। মই স্পষ্টভাৱে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো—যদি সঁচাকৈয়ে অবৈধ বাংলাদেশীয়ে প্ৰৱেশ কৰিছে, তেন্তে সংবাদ মাধ্যমত কেৱল বিভাজনমূলক বক্তব্য নিদি আইনী প্ৰক্ৰিয়াৰে চিনাক্ত কৰি তেওঁলোকক অতিশীঘ্ৰে দেশান্তৰ কৰক!’’
শইকীয়াই লগতে কয়, ‘’আইন-শৃংখলা ৰক্ষা কৰাটো গৃহ বিভাগ তথা চৰকাৰৰহে দায়িত্ব।‘’
প্ৰাক্তন বিৰোধী দলপতিগৰাকীয়ে সকীয়াই দিয়ে, ‘’অসমৰ শান্তি, সম্প্ৰীতি আৰু ঐক্য ধ্বংস কৰিবলৈ চলোৱা কোনো অপচেষ্টাক আমি সফল হ’বলৈ নিদিওঁ!’’
উল্লেখ্য যে দেওবাৰে নিশা প্ৰায় ১০ বজাত প্ৰজাবস্তিৰ পথৰ কাষত গুৰুতৰভাৱে আহত অৱস্থাত মানসজ্যোতি চেতিয়া ফুকনক উদ্ধাৰ কৰা হৈছিল। তেওঁক এটা ৰহস্যজনক পথ দুৰ্ঘটনাত আহত হোৱা বুলি জানিব পৰা গৈছিল। পিছত তেওঁক ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ পিছতে ঘটনাটো কেৱল দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড, তাক লৈ সন্দেহ আৰু অভিযোগ উত্থাপন হৈছে। বীৰ লাচিত সেনাই ঘটনাটোৰ সম্পূৰ্ণ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। সংগঠনটোৰ মুখ্য প্ৰশাসনিক সম্পাদক শৃংখল চলিহাই মানসজ্যোতি চেতিয়াক ‘জাতীয় শ্বহীদ’ বুলি ঘোষণা কৰিছে।
ইপিনে, বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল গঠন কৰিছে, সংগঠনটোৰ এফআইআৰত নাম উল্লেখ কৰা ১০ জন লোকৰ ভিতৰত পাঁচজনক জেৰাৰ বাবে আটক কৰি ৰখা হৈছে।
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে যোৱা ২৬ আগষ্ট, ২০২৬ তাৰিখে জাৰি কৰা আদেশৰ জৰিয়তে এছ আই টি গঠন কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা (বি এন এছ)ৰ ১০৩(১) আৰু ৩(৫) ধাৰাত পঞ্জীয়ন কৰা বিহুবৰ থানাৰ গোচৰ নং ১০/২০২৬ৰ “সঠিক আৰু বৈজ্ঞানিক তদন্ত”ৰ বাবে দল গঠন কৰা হৈছে। দলটোৰ নেতৃত্বত আছে শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক এ পি এছ লীলা বৰা।
আন সদস্যসকল হ’ল আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক মৃদুল হাজৰিকা; নাজিৰা থানাৰ এছ আই (ইউ বি) চিৰাজ শইকীয়া, যিজন গোচৰৰ তদন্তকাৰী বিষয়াও; আৰু নাজিৰা থানাৰ মহিলা উপ পৰিদৰ্শক (ইউ বি) চুমি বৰ্মন।
আৰক্ষীৰ নিৰ্দেশ অনুসৰি এছ আই টিয়ে তদন্তকাৰী বিষয়াক সহায় আগবঢ়াব আৰু তদন্ত সম্পূৰ্ণ নোহোৱালৈকে জড়িত হৈ থাকিব।
এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত আবিদুৰ ৰহমান, চেলিমা বেগম, ছুবেৰা বেগম, চেলিমুৰ ৰহমান আৰু আনোৱাৰা বেগমক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিছে।
বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ মুখ্য সম্পাদক অনুপম সন্দিকৈয়ে দাখিল কৰা এফ আই আৰত ১০ জনৰ নাম উল্লেখ কৰিছিল। তদন্তৰ অংশ হিচাপে আটক কৰা লোকসকলক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
বীৰ লাচিত সেনাই জনোৱা মতে, ১৯ জুলাইৰ পৰা বানাক্ৰান্ত পৰিয়ালক সহায় কৰি অহা চেতিয়াই ২৩ আগষ্টত ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ মাজত আৰু কেইবাটাও নামঘৰত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ বাবে ওলাই গৈছিল।
সংগঠনটোৱে এই ঘটনাৰ পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰি বিতং তদন্তৰ আহ্বান জনাইছে।
এছ আই টিৰ আদেশত স্পষ্ট কৰি দিয়া হৈছে যে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে নিৰ্দিষ্ট দলৰ তত্বাৱধানত তদন্ত চলি থাকিব।




