পাণ্ডুলিপিখনৰ প্ৰস্তাৱিত সম্পাদকীয় পৰিৱৰ্তনক লৈ মতানৈক্যৰ পিছত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ আগন্তুক স্মৃতিকথা ‘বিলংঙিং: এ জাৰ্নি অৱ লাভ’ প্ৰকাশৰ পৰা আঁতৰি আহিছে পেংগুইন ৰেণ্ডম হাউছ ইণ্ডিয়াই।
সূত্ৰসমূহে জনোৱা মতে, পি আৰ এইচ আইয়ে পাণ্ডুলিপিখনৰ এটা অংশত কিছুমান “সম্পাদনামূলক পৰিৱৰ্তন আৰু বিলোপ” বিচাৰিছিল, যিবোৰ গান্ধীয়ে নাকচ কৰিছিল।
পি আৰ এইচ আই প্ৰকল্পৰ পৰা আঁতৰি অহাৰ লগে লগে কেইবাজনো ভাৰতীয় প্ৰকাশকে গ্ৰন্থখন প্ৰকাশৰ বাবে আগ্ৰহী বুলি জানিব পৰা গৈছে। হাৰ্পাৰকলিন্স ইণ্ডিয়াই ভাৰতত আত্মজীৱনীখন প্ৰকাশ আৰু বিতৰণৰ চুক্তি চূড়ান্ত কৰাৰ ওচৰ চাপিছে বুলি কোৱা হৈছে।
আত্মজীৱনীখন ১০ নৱেম্বৰত মুক্তি পোৱাৰ কথা। ইয়াৰ প্ৰকাশৰ কথা প্ৰথম ঘোষণা কৰিছিল পেংগুইন ৰেণ্ডম হাউছৰ এটা শাখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলফ্ৰেড এ নপফে, যিয়ে প্ৰথমতে গ্ৰন্থখনৰ ১লাখ কপি ছপা হ’ব বুলি কৈছিল।
এই ঘটনাৱলীয়ে গ্ৰন্থখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশনত প্ৰভাৱ পেলাব বুলি আশা কৰা হোৱা নাই। ইয়াৰ পূৰ্বেও গান্ধীয়ে গ্ৰন্থৰ ৰচনা আৰু সম্পাদনা কৰিছে যদিও এই স্মৃতিগ্ৰন্থকথাখনৰ ওপৰত কাম কৰাসকলে এইখন তেওঁৰ জীৱনৰ আটাইতকৈ ব্যক্তিগত জীৱনৰ নিভৃত কাহিনী বুলি অভিহিত কৰিছে।
ন’পফে গ্ৰন্থখনক ছোনিয়া গান্ধীৰ প্ৰেম, পৰিয়াল আৰু ভাৰতৰ অভিজ্ঞতাৰ স্মৃতিকথা বুলি অভিহিত কৰিছে।
গ্ৰন্থখনৰ ঘোষণাৰ লগে লগে প্ৰকাশ পোৱা এক বিবৃতিত গান্ধীয়ে কৈছিল যে, “মোৰ পৰিয়ালৰ বিষয়ে বহু কথা লিখা হৈছে, কিন্তু তেওঁলোকৰ প্ৰেৰণা, তেওঁলোকৰ কৰ্ম আৰু আনকি তেওঁলোকৰ মানৱীয় ব্যৰ্থতাৰ সত্যতালৈ লৈ যাব পৰা ব্যাখ্যা কমেইহে সক্ষম হৈছিল… মোৰ কাহিনীয়ে পাঠকসকলক ছয় দশক ধৰি মই দেখা সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ এক অনন্য দৃষ্টিভংগীও আগবঢ়াইছে।”
প্ৰাক্তন সেনা মুৰব্বী জেনেৰেল এম এম নাৰাভানেৰ স্মৃতিগ্ৰন্থ ফোৰ ষ্টাৰছ অৱ ডেষ্টিনীক লৈ পি আৰ এইচ আইয়ে বিতৰ্কৰ সন্মুখীন হোৱাৰ কেইমাহমানৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
চলিত বৰ্ষৰ আৰম্ভণিতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংসদত কিতাপখনৰ হাৰ্ড কপি প্ৰদৰ্শন কৰাৰ পিছত পি আৰ এইচ আইয়ে এই আত্মজীৱনীখন “ছপা কৰা নাই” বুলি কৈছিল। গলৱান সংঘৰ্ষ আৰু অগ্নিপথ আঁচনিৰ বিষয়ে নাৰাৱণেৰ ভাষ্যকে ধৰি স্মৃতিগ্ৰন্থখনৰ কিছু অংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
জুন মাহত পি আৰ এইচ আইয়ে প্ৰশংসিত গ্রাফিক ঔপন্যাসিক জো ছাকোৰ মুজাফ্ফৰনগৰ দাঙ্গাৰ ওপৰত লিখা গ্রন্থ ‘দ্য ওৱান্স এণ্ড ফিউচাৰ ৰায়ত’ প্রকাশৰ পৰা আঁতৰি আহিছিল৷ তেতিয়া পি আৰ এইচ আইৰ চি ই অ’ গৌৰৱ শ্ৰীনগেশে কৈছিল যে প্ৰকাশকে আইনী নিৰীক্ষণৰ সময়ত “কন্টেন্ট ইছ্যু” উত্থাপন কৰিছিল, য’ত ভাৰতৰ ভুল সীমা দেখুওৱা মানচিত্ৰৰ বিষয়টোও আছিল।





