• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

এটা সময়ত নামিবিয়াই ২০০ ৰানত উপনীত হোৱা যেন লাগিছিল। তেওঁলোকে ১৪ অভাৰত ২ উইকেটত ১২৩ ৰান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2026 11:57 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজধানী উইণ্ডহ’কত খেলিবলৈ নামিছিল নামিবিয়া। তাতেই তেওঁলোকে ইতিহাস ৰচনা কৰিলে। দক্ষিণ-পশ্চিম আফ্ৰিকাৰ দেশখনে ত্ৰিদেশীয় শৃংখলাৰ প্ৰথমখন মেচত টেষ্টৰ বিশ্ব চেম্পিয়ন দক্ষিণ আফ্ৰিকাক ১৮ ৰাণত পৰাস্ত কৰি চমক দেখুৱালে। যোৱা বছৰ অক্টোবৰ মাহত এই উইণ্ডহ’কতেই নামিবিয়াই প্ৰটিয়াছক পৰাস্ত কৰিছিল। ফলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে একেৰাহে দুখন টি-২০ত জয়লাভ কৰিলে ‘ইগলছ’য়ে।

টছত পৰাস্ত হোৱাৰ পিছত নামিবিয়াই প্ৰথমে বেটিং কৰিবলৈ নামি ১৬৩/৯ ৰান কৰে। ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই ৯ উইকেটত ১৪৫ ৰানতে স্তব্ধ হৈ পৰে। লৰেন ষ্টিনকেম্প আৰু জান ফ্ৰেইলিঙে নামিবিয়াৰ ইনিংছৰ ভেটি গঢ়ি তোলে। দুয়োগৰাকী অ’পেনাৰে ৮৪ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। ষ্টীনকেম্পে ২৯টা বলত ৪১ ৰান সংগ্ৰহ কৰে। ফ্ৰেইলিংক আৰু অধিক আক্ৰমণাত্মক আছিল। তেওঁ ৩৮টা বলত ৬০ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত ৬টা চাৰি আৰু দুটা ছয় আছিল।

Apply Now

এটা সময়ত নামিবিয়াই ২০০ ৰানত উপনীত হোৱা যেন লাগিছিল। তেওঁলোকে ১৪ অভাৰত ২ উইকেটত ১২৩ ৰান কৰিছিল। অৱশ্যে প্ৰটিয়াছৰ বলাৰৰ বাবে সেয়া হৈ নুঠিল। শ্লগ অভাৰত নামিবিয়াই কঠিন বলিঙৰ বাবে মাত্ৰ ৪০ ৰানত শেষৰ ৮টা উইকেট হেৰুৱাইছিল। দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰেনেলান সুব্ৰমণিয়ামে ৩২ ৰানত ৩ টা উইকেট দখল কৰে। অধিনায়ক ব’ৰ্ন ফৰ্টুয়েনে ১৭ ৰানত ২ টা উইকেট লয়।

ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই আৰম্ভণিৰে পৰাই নিজকে বিপদত পেলাইছিল। নামিবিয়াৰ বলাৰসকলে নিয়মীয়াকৈ উইকেট লৈ প্ৰটিয়াছৰ ওপৰত চাপ বৃদ্ধি কৰে। ৰুবেন ট্ৰাম্পেলমেনে ২৪ ৰানত ৩ টা উইকেট দখল কৰে। ডেৱাল্ড ব্ৰেভিছও তেওঁৰ চিকাৰ হয়। জনাথন স্মিথেও ৩টা উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকৰ হৈ ব্ৰেভিছে অকলে যুঁজ দিছিল। ৫০টা বলত ৭৫ ৰান সংগ্ৰহ কৰা তেওঁৰ বিস্ফোৰক ইনিংছত আছিল চাৰিটা চাৰি আৰু ৫টা ছয়। ১৮ নং অভাৰত ব্ৰেভিছ আউট হোৱাৰ লগে লগে যেন প্ৰটিয়াছে পৰিণতি দেখা পায়। শেষত ডুৱেন জান্সেনে ১৭টা বলত অপৰাজিত ২৫ ৰান কৰাৰ পিছতো দলটো জয়ৰ ওচৰ চাপিব নোৱাৰিলে।

অৱশ্যে নামিবিয়াৰ জয়ৰ সমান্তৰালকৈ মেচখনৰ সম্প্ৰচাৰ বিভ্ৰাটেও বাতৰিৰ শিৰোনাম দখল কৰিছিল। ছবিৰ মানদণ্ড বেয়া হোৱাৰ বাবে ছুপাৰস্প’ৰ্টে সম্প্ৰচাৰ বন্ধ কৰিবলৈ বাধ্য হৈছিল।

প্ৰটিয়াছ মেনে এক বিবৃতিত কয়,“আজিৰ টি-২০ মেচখনৰ সম্প্ৰচাৰ বন্ধ কৰিবলগীয়া হৈছিল কাৰণ খেল প্ৰাংগণৰ পৰা অহা ছবিৰ মানদণ্ড অতি বেয়া আছিল।” তেওঁলোকে লগতে দৰ্শকৰ অসুবিধাৰ বাবে ক্ষমা বিচাৰে।

২০২৭চনৰ এদিনীয়া বিশ্বকাপৰ আয়োজক দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়া। মন কৰিবলগীয়া যে লীগৰ ছয়খন মেচ আৰু এই ত্ৰিদেশীয় ছিৰিজৰ ফাইনেলখন উইণ্ডহ’কতে অনুষ্ঠিত হ’ব। ফলত তাত থকা আন্তঃগাঁথনি আৰু সম্প্ৰচাৰ ব্যৱস্থাৰ ওপৰত দৃষ্টি ৰাখিছে ক্ৰিকেট বিশ্বই। নামিবিয়াই তাতেই মহাশক্তিধৰ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বক স্তম্ভিত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm
ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd