‘নীট’ পৰীক্ষাত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ হৈ মাত মাতি চৰ্চালৈ অহা ‘ককৰোচ জনতা পাৰ্টী’ৰ নেতাসকলক লৈ শেহতীয়াকৈ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সমাজকৰ্মী তথা প্ৰখ্যাত শিক্ষাবিদ সোনম ৱাংচুকেই। তেওঁৰ মতে, চিজেপিৰ নেতা অভিজিৎ দীপকে, আশুতোষ ৰাংকা বা সৌৰভ দাসহঁত কোনো সন্ন্যাসী নহয় যে একেবাৰে নিস্বাৰ্থভাৱে এই সকলোবোৰ কৰি যাব। বৰঞ্চ তেওঁলোকৰ ৰাজনৈতিক উচ্চাকাংক্ষা থাকিব পাৰে আৰু ৱাংচুকৰ মতে তাত একো সমস্যা নাই।
শিক্ষাক্ষেত্ৰৰ দুৰ্নীতি আৰু নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিৰুদ্ধে প্ৰাথমিক অৱস্থাত কোনো ৰাজনৈতিক দলৰ সহায় নোলোৱাকৈ দিল্লীৰ যন্তৰ-মন্তৰত ধাৰাবাহিকভাৱে আন্দোলন চলাই গৈছিল দীপকেহঁতে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত হোৱা তেওঁলোকৰ এই আন্দোলনক সমৰ্থন জনাই সোনম ৱাংচুকেই অনিৰ্দিষ্টকালীন অনশনো আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ৱাংচুকেই অনশন ভংগ কৰিলেও চিজেপিৰ আন্দোলন স্তব্ধ হোৱা নাছিল। শেষত কেন্দ্ৰৰ সৈতে হোৱা আলোচনাৰ পাছত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছতো চিজেপিৰ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ উন্নতিৰ লক্ষ্যৰে নিজৰ কাৰ্যসূচী অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে তেওঁলোক কোনো ৰাজনৈতিক দলৰ সৈতে আনুষ্ঠানিকভাৱে জড়িত হোৱা নাই।
শেহতীয়াকৈ এক পডকাষ্টত চিজেপি নেতাসকলৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত ৱাংচুকেই কয় যে তেওঁলোকৰ মাজত ৰাজনৈতিক বিষয়ত কোনো আলোচনা হোৱা নাই যদিও ককৰোচ নেতাসকলৰ ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো একেবাৰেই স্বাভাৱিক। তেওঁ কয় যে আগতে তেওঁলোকৰ কোনো ৰাজনৈতিক যোগাযোগ আছিল নে নাই, সেয়া গুৰুত্বপূৰ্ণ নহয় আৰু ভৱিষ্যতেও তেনে যোগাযোগ থাকিলে তাত কোনো সমস্যা নাই। ৱাংচুকৰ মতে, “তেওঁলোক কোনো সন্ন্যাসী নহয় যে একেবাৰে নিস্বাৰ্থভাৱে এই সকলোবোৰ কৰি যাব।” অৱশ্যে তেওঁ চিজেপি নেতাসকলৰ সদিচ্ছা আৰু দক্ষতাৰ ভূয়সী প্ৰশংসা কৰি কয় যে তেওঁলোক সাধাৰণ মানুহতকৈ বহু উন্নত। ৰাজনীতিলৈ গ’লে তেওঁলোক দুৰ্নীতিগ্ৰস্ত হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৱাংচুকেই কয়, “মানুহ সলনি হয়। কিন্তু মই আশা কৰিম যে তেওঁলোক সলনি নহ’ব।”
আন্দোলনৰ এক কঠিন পৰ্যায়ৰ কথাও ৱাংচুকেই সদৰী কৰে। যোৱা ২০ জুলাইত চিজেপিয়ে সংসদ ভৱনলৈ সমদল উলিয়াওঁতে আৰক্ষীয়ে লাঠীচালনা কৰিছিল। আৰক্ষীৰ দমনৰ পাছত বহু আন্দোলনকাৰী ঘৰলৈ উভতি গৈছিল। হতাশ হৈ পৰা চিজেপি নেতৃত্বই তেতিয়া আন্দোলন প্ৰত্যাহাৰ কৰাৰ উপায় বিচাৰিছিল। আনকি দীপকেহঁতে ৱাংচুকক অনুৰোধ কৰিছিল যাতে তেওঁ ৰাজহুৱাভাৱে এটা বাৰ্তা দি আন্দোলনকাৰীসকলক ঘৰলৈ গৈ বিশ্ৰাম ল’বলৈ কয়। ৱাংচুকেই কয় যে তেনে এটা বাৰ্তা লিখাও হৈছিল, কিন্তু শেষ মুহূৰ্তত সেয়া আৰু পোষ্ট কৰা নহ’ল।
পৰৱৰ্তী দিনটো অৰ্থাৎ ২১ জুলাইত যন্তৰ-মন্তৰত পুনৰ আন্দোলনকাৰীৰ ভিৰ হোৱাত দীপকেহঁতে নতুন সাহস লাভ কৰে আৰু পুনৰ উদ্যমেৰে আন্দোলন আৰম্ভ কৰে। ৱাংচুকেই লগতে জানিবলৈ দিয়ে যে এটা সময়ত চিজেপিয়ে ৰাহুল গান্ধীকে ধৰি বিৰোধী শিবিৰৰ কাষ চাপিবলৈ বিচাৰিছিল যদিও তাৰ পৰা কোনো ইতিবাচক সঁহাৰি পোৱা নাছিল। তাৰ পাছতেই চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ সৈতে যোগাযোগ কৰা হৈছিল।





